i

ভয়

 ভয় 



১। উত্তৰ দিয়াঃ

ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন ? 
উত্তৰঃ ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া হ'ল - ভয় ।

খ) ৰবীনৰ পৰীবাৰৰ নাম কি? 
উত্তৰঃ ৰবীনৰ পৰীবাৰৰ নাম - ৰমলা ।

গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল ? 
উত্তৰঃ সত্য খুৰাৰ লৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল ।

ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ? 
উত্তৰঃ ৰবীন তিনিটা সন্তানৰ পিতৃ ।

ঙ) জহীৰুদ্দিনৰ পেচা কি ? 
উত্তৰঃ জহীৰুদ্দিনৰ পেচা ওকালতি।

চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয় ? 
উত্তৰঃ ফুৰিবলৈ ওলাতে ৰবীন ৰ পৰিবাৰৰ লগত তৰ্কাতৰ্কি হয়।

ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে ? 
উত্তৰঃ পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে ।

জ) অফিচৰ কাম- কাজত ৰবীনে কিয় মন দিব নোৱাৰে? 
উত্তৰঃ এটা অনামি ভয়ৰ বাবে অফিচৰ কাম- কাজত ৰবীনে মন দিব নোৱাৰে ।



প্ৰশ্ন নং -৩। চমু উত্তৰ দিয়াঃ

ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে ? 
উত্তৰঃ ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু লৰা - ছোৱালী কেইটাৰ কি হ'ব ? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই । কোনো কথাই গভীৰ ভাবে ল'ব নাজানে । সোতত গা এৰি দিয়া স্বভাৱ । সেইকাৰণে ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয় ।

খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীন ৰ কিয় খং উঠিছিল ? 
উত্তৰঃ এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দোৱাৰ খন খোলা । সৰু ছোৱালী জনী অকলে বাৰান্দাত । তেওঁৰ পত্নীও বাথৰুমত আছিল । এনেদৰে দৰ্জা  খুলি ছোৱালী জনী অকলে এৰি ৰমলা বাথৰুমত যোৱা বাবে ৰবীন ৰ খং উঠিছিল।


গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল ? তেওঁ ওলাই যোৱাৰ কাৰণ কি? 
উত্তৰঃ মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহীৰৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি যদি তেওঁ জহীৰৰ লৰা ছোৱালীক উন্ম‌ও জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায় তেতিয়া হ'লে কাইলৈ তেওঁ ৰ পৰিয়াল বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব । 

ঘ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলা ৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? 
উত্তৰঃ ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ । ৰবীন ৰ চৰিত্ৰত আমি এক অনামি ভয়ৰ আৱৰন অনপৰতে দেখোঁ যদিও এই  ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ ‌ও দেখিবলৈ পাঁও । তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল । সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা।


প্ৰশ্ন নং ৪. কোনে, কাক,  কেতিয়া কৈছিল লিখা : 
ক) "ইমান ভয়াতুৰ মানুহ ম‌ই জীৱনত দেখা নাই" । 
উত্তৰঃ উক্ত কথাষাৰি ৰমলাই ৰবীনক কৈছিল । যেতিয়া ৰবীনে অফিচৰ পৰা আহি ঘৰৰ দৰ্জা খোলা দেখিছিল আৰু ৰমলাই ছোৱালী জনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাইছিল । তেতিয়া ৰবীনে ৰমলাক খং কৰাত ৰমলাই ৰবীনক উক্ত কথাষাৰ কৈছিল । 


খ) "হেৰা শুনিছা? কোনোবাই চিঞৰা যেন লাগিছে ।" 
উত্তৰঃ ৰবীনে ৰমলাক  কৈছিল । মাজৰাতি হঠাতে ৰবীনে সাৰ পাই কোনোবাই চিঞৰা বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথা খিনি কৈছিল । 


গ) ' আজি মই তাৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ? ' 
উত্তৰঃ ৰবীনে  ৰমলাক কৈছিল । ৰবীনে জহীৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱা ত ৰবীনে উক্ত কথাষাৰ কৈছিল ।

প্ৰশ্ন নং ৫ দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা।
1. কোহালটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল ? 
2. জহীৰুদ্দিনৰ জীৱিকা কি ? 
3. কোন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল ?


প্ৰশ্ন নং ৬ । তলৰ বাক্য শাৰীৰ অৰ্থ বুজায় লিখাঃ

ক। 'উচ্ছৃংখল  জনতা দাৱানলৰ দৰে ।' 
উত্তৰঃ উন্নত জনতা জুইৰ নিচিনা । জুইয়ে যেনেকৈ কোনো বাচ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি চাৰ খাৰ কৰে থিক তেনেকৈ আবেগত উন্মত হোৱা জনতাইও কোনো শুদ্ধা অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে ।


খ।  'দাবানল সৃষ্টি কৰা ৰ কাৰণে ফিৰিঙতি এটা ই যথেষ্ট । ' 
উত্তৰঃ একুৰা জুই জলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ  লেখিয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে । 


গ। ' বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা , বিভিন্ন সম্প্ৰদায়ৰ, কিমান জাতি আৰু উপজাতি! অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমোঘ পৰিণতি ।' 
উত্তৰঃ বিভিন্ন ধৰ্ম জাতি  ভাষা , সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন । একতা অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাট।



প্ৰশ্ন নং ৮ । তলৰ শব্দ বোৰেৰে একোটা কৈ বাক্য গঠন কৰাঃ
আওহতীয়াঃ আওহতীয়া বাটটোৰে ৰাতি বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা ।

সন্তৰ্পনে: পিছল বাটটোৰে ৰমেন ৰ ককাকে খুব সন্তৰ্পনে খোজ কাঢ়ি অহা যোৱা কৰে ।

লানি নিছিগা: জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহ ৰ লানি নিছিগা সোত ৰয় ।

অন্যমনষ্ক: আজি কেইদিনমানৰ পৰা ৰীনাই শ্ৰেণীকোঠা ত অন্যমনষ্ক হৈ আছে ।

অমোঘ: লোক অহিত চিন্তা কৰাৰ অমোঘ পৰিনতি লাভ কৰিলে । 

উচ্ছৃংখল: যুৱ উচ্ছৃংখল বৰ্তমান সমাজৰ এক জলন্ত সমস্য ।

দাৱানল: দাৱানল সৃষ্টি কৰা ৰ কাৰণে ফিৰিঙতি এচাই যথেষ্ট ।

ছাৰখাৰ: জুই য়ে বিজুলী হতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে ।

উৎকৰ্ন: গভীৰ ৰাতি হঠাতে উৎকৰ্ন হৈ ৰবীনে কিবা শুনাৰ চেষ্টা কৰে । 
কোলাহলঃ শ্ৰেণীকোঠাটো বৰ কোলাহল পূৰ্ণ হৈ আছে । 



প্ৰশ্ন নং ৯ তলত দিয়া দফাটো য তি  চিন ব্যৱহাৰ কৰি পুনৰ লিখা । 
উত্তৰঃ মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ । কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণ হেই ক্ৰোধ নাশ  কৰি  মানুহৰ মনৰ কোমল প্ৰবৃত্তি সমূহ জগাই তোলে । সেইকাৰণে এটা পৰিয়ালত খেল-ধেমালী , নাচ-গান আদিৰ প্ৰতি থকা ৰাগ  আদৰ  আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি । মাঘৰ বিহুত মেজি সজা , ভোজ-ভাত খোৱা , হৈ গুদু , ঢুপ খেল , ঢোল পেঁপা গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে।


প্ৰশ্ন নং 10ঃ তলৰ আচ টনা শব্দ বিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা : ক. নর্দমালৈ নামি গলেহে হব । 
উত্তৰঃ নৰ্দমা + লৈ ( চতুৰ্থী বিভক্তি )


খ. কিছুদিনৰ পৰা পো মাহঁতেও ক্ৰিকেট খেলত ধৰিছে ।
উত্তৰঃ কিছুদিনৰ + পৰা  পৰা ( পঞ্চমী বিভক্তি ) 

গ. অফিচত কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকু খন ধৰফৰাই উঠে । 
উত্তৰঃ অফিচ+ত ( সপ্তমী বিভক্তি ) 


ঘ. আজি মই তাৰ লৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগলে কালিলৈ মোৰ কৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব ।
উত্তৰঃ লৰা ছোৱালী+ ক ( দ্বিতীয়া বিভক্তি) কৰিব + লৈ (চতুৰ্থী বিভক্তি)


প্ৰশ্ন নং ১১। ভাৱ বহলাই লিখা : 
ক) অতিমাত্ৰা সকলোৰে বেয়া । 
উত্তৰঃ সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া । যি ধন সম্পত্তি , মৰম আদৰ , খং আবেগ যিয়েই নহওঁক লাগে । অতি মাত্ৰা ধন-সম্প্ৰতিয়ে মানুহক অহংকাৰী কৰে। আনহাতে অতিমাত্ৰা মৰম ছেনেহেও লৰা ছোৱালীক বিপথে পৰিচালিত কৰে । সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে ।

 
খ) ফিৰিঙতি ৰ পৰা খাণ্ডবদাহ হয় । 
উত্তৰঃ সৰু একোটা ভুল বুজা বুজিৰ পৰাই একো একোটা ডাঙৰ ঘটনা হব পাৰে । প্ৰায় দেখা যাই যে সৰু সৰু একোটা ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয় । 


প্ৰশ্ন নং ১২ : তলত দিয়া শব্দবিলাকৰ সন্ধি  ভাঙা আৰু পাতাঃ
ভাবাবেগ - ভাৱ + আবেগ 
পৰীক্ষা - পৰি + ইক্ষা 
নিশব্ধ - নিঃ + শব্দ 
ভয়াটোৰ- ভয় + আতুৰ 
যথেষ্ট - 

খ)
উৎ + শৃংখল - উচ্ছৃংখল
উৎ + শ্বাস- উৎশাস
সম+মুখ - সন্মুখ 
নিঃ + চিন্ত - নিশ্চিন্ত 
শিৰঃ + ছেদ - শিৰচ্ছেদ


প্ৰশ্ন নং ১৩। সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা । উত্তৰঃ সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য হল - 1. সাধুকথা কাল্পনিক আৰু অলৌকিক । আনহাতে, চুটিগল্পৰ বাস্তব জীৱনৰ প্ৰতিফলন । 
2. সাধুৰ পৰিসৰ বৃষ্টিত আনহাতে হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ । 

খ) সাধুকথা ৰ বৈশিষ্ট বোৰ লিখা । 
উত্তৰঃ 
    1. সাধুকথা কাল্পনিক আৰু অলৌকিক 
    2. সাধুৰ পৰিসৰ বৃস্তিত 
    3. ইয়াৰ ভাষা সহজ সৰল , মন পৰশা 
    4. সাধুৰ বাস্তব জীৱনৰ প্ৰতিফলন নঘটে ।

গ) চুটিগল্পৰ বৈশিষ্ট সমূহ লিখা । 
উত্তৰঃ চুটিগল্পৰ বৈশিষ্ট সমূহ হল - 
    1 চুটিগল্প বাস্তব জীৱনৰ প্ৰতিফলন  
    2. হ্ৰস্ব তা চুটিগল্পৰ প্ৰধান লক্ষণ । 
    3 চুটিগল্পৰ উপস্থাপন বৈচিত্ৰময় আৰু সমাপ্তি ইংগিত পূৰ্ণ হয়  
    4. কম সময়তে আৰু কো আয়াখতে চিত্তাকৰ্ষক কৰিব পৰতো চুটিগল্পৰ আন এটা বৈশিষ্ট্য ।



ঘ) অসমীয়া চুটিগল্পৰ জনক কোন ? 
উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক । 

ঙ) শিলভদ্ৰৰ প্ৰকৃত নাম কি ? 
উত্তৰঃ শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন  দত্ত চৌধুৰী ।

চ) তেখেতৰ জন্ম কত হৈছিল ? 
উত্তৰঃ শিলভদ্ৰৰ জন্ম গৌৰীপুৰত হৈছিল ।

ছ) শিলভদ্ৰই কোনখন গল্পসংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ? 
উত্তৰঃ মধুপুৰ বহুদুৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই সাহিত্য অকাডেমি বঁটা লাভ কৰে।

জ) শিলভদ্ৰই কোন চনত মৃত্যু হৈছিল? 
উত্তৰঃ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত শিলভদ্ৰই মৃত্যু হৈছিল ।
Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top