অতীতক নাযাবা পাহৰি


 অতীতক নাযাবা পাহৰি


 ক - পাঠভিত্তিক ক্ৰিয়াঃ

১। উত্তৰ দিয়া ।

(ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয় ?

উত্তৰঃ অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি , মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান , ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে তেনে সম্পদবোৰকেই কলা সম্পদ বুলি কোৱা হয় ।


(খ) অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয় ?

উত্তৰঃ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয় ।


(গ) কোনবিলাক সম্পদক প্ৰত্নতাত্বিক সম্পদ বোলে ? 

উত্তৰঃ প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতাত্বিক সম্পদ বোলে । 


(ঘ) প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলাসম্পদ সমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ?

উত্তৰঃ প্ৰত্নতাত্বিক সম্পদ সমূহৰ বিজ্ঞানসন্মত অধ্যয়নকেই প্ৰত্নতত্ত্ব বোলা হয়। পুৰণি কালৰ কলা সম্পদ সমূহ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা- সংস্কৃতি, ধৰ্ম- দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰো। এই সম্পদ সমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয় ।


(ঙ) পুৰণি দ্বাৰকা নগৰৰ অৱশেষ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল ?

উত্তৰঃ পুৰণি দ্বাৰকা নগৰৰ অৱশেষ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল।


(চ) সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত ? 

উত্তৰঃ গোৱালপাৰা জিলাত অৱস্থিত ।


(ছ) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল ?

উত্তৰঃ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ ।


(জ) সূৰ্য পাহাৰৰ খনন কাৰ্যত কি কি উদ্ধাৰ হৈছিল ?

উত্তৰঃ সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ ,জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ্য, শিৱ -লিঙ্গ,গণেশ আদি মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল।


(ঝ) গোৱালপাৰা জিলাৰ 'পাগলাটেক'ত কি উদ্ধাৰ হৈছিল ?

উত্তৰঃ পোৰা মাটিৰ বৌদ্ধস্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছিল ।


(ঞ) গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ 'ডুবৰনি'ক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হৈছে বুজাই লিখা ।

উত্তৰঃ গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ 'ডুবৰণি'ৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয় 'ডুবৰনি'  অঞ্চলত প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিঙ্গ আদিয়ে অতীতত ডুবৰনি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। 


(ট) গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলৰ খনন কাৰ্যৰ দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল ? 

উত্তৰঃ নটৰাজৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল ।


(ঠ) শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধিক্ষেত্ৰ মৈদামসমূহ উদ্ধাৰ হৈছে । মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল? এই মৈদাম সমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে ?

উত্তৰঃ মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰী সমূহ আছিল মৃতকৰ লগত সমৰ্পন কৰা শৰাই, সঁফুৰা, হাতী- দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেষ আদি। এই মৈদাম সমূহৰ লগত চীনদেশৰ ৰাজকীয় মৈদামৰ সাদৃশ্য আছে ।



২। তলত দিয়াবোৰৰ শব্দ অৰ্থ লিখা।

শব্দ  - অৰ্থ

প্ৰত্নতত্ত্ব - পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান, পুৰাতত্ত্ব

ভগ্নাৱশেষ- কোনো বস্তু ভাঙি নষ্ট হোৱাৰ পাছত নষ্ট নহৈ থকা ভাগ 

ভাস্কৰ্য-শিল- ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প

স্তূপ- থূপ, দ'ম

ঐতিহাসিক- ইতিহাস সম্বন্ধীয়

উদ্ঘাটন- উন্মোচন, মুকলি কৰা কাৰ্য

ঐতিহ্য- গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা

গৌৰৱ- সন্মান, মৰ্যাদা 


৩। চমুটোকা লিখা।

(ক) শ্ৰী শ্ৰী সূৰ্য  পাহাৰ 

(খ)মৈদাম 

(গ) ডুবৰনি 

(ঘ) নটৰাজ

উত্তৰঃ

(ক) শ্ৰী শ্ৰী সূৰ্য  পাহাৰঃ  শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন এখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছে। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধর্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভ নাথৰ ভাস্কৰ্য, শিৱ- লিঙ্গ, গণেশ আদি মূৰ্তিৰ সমাৱেশে শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে । 


(খ) মৈদামঃ মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউ সকলৰ সমাধিক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনে ধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰৰ। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবর্ষতে বিৰল। এই মৈদামসমূহৰ লগত চীনদেশৰ ৰাজকীয় মৈদাম সংস্কৃতিৰ সাদৃশ্য আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক  বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সঁফুৰা, হাতী দাঁতৰ অলংকাৰ , সোণৰ অলংকাৰৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । 

(গ) ডুবৰনিঃ ডুবৰনি গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত। ই প্ৰাচীন অসমৰ বুৰঞ্জীৰ এক অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনৈতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়েই নহয় ডুবৰনি অঞ্চলত প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা  প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱ লিঙ্গ আদিয়ে অতীতত ডুবৰনি অঞ্চলত বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে । 


(ঘ) নটৰাজঃ নটৰাজক নৃত্য গুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল । 


৪। ব্যাখ্যা কৰা ।

(ক) উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল ।

উত্তৰঃ 

প্ৰসংগঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ' অতীতক নাযাবা পাহৰি' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।

সংগতিঃ গংগা নদীৰ পাৰত গঢ়ি উঠা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা সভ্যতাৰ মাজত সাদৃশ্য দাঙি ধৰাৰ প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।

ব্যাখ্যাঃ অসমৰ বিভিন্ন স্থানত খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক সম্পদ সমূহৰ লগত গঙ্গা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্বিক সম্পদ সমূহৰ জৰিয়তে এখন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, কলা- সংস্কৃতি, ধৰ্ম- দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰি। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্বিক সম্পদ সমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাওঁত পোৰা মাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একে ধৰণৰ পোৰা মাটিৰ কুঁৱাৰ অৱশেষ গঙ্গা নদীৰ প্ৰাচীন প্ৰত্নতাত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে দুয়োখন ঠাইতে একে সময়তে সভ্যতা-সংস্কৃতিৰ বিকাশ সাধন হৈছে । 


৫) তলত শব্দবোৰৰ  বিপৰীতাৰ্থক শব্দ পাঠৰ পৰা বিচাৰি লিখা। 

উপস্থিতঃ অনুপস্থিত

চিনাকিঃ অচিনাকি

প্ৰাচীনঃ নৱীন

পৰিকল্পিতঃ অপৰিকল্পিত

ধ্বংসঃ সৃষ্টি

নৱীনঃ প্ৰাচীন

দুৰ্বলঃ শক্তিশালী

বৈসাদৃশ্যঃ সাদৃশ্য


৬। বাক্য ৰচনা কৰাঃ

ভগ্নাৱশেষঃ সেই স্থানত এতিয়া সংগ্ৰহালয়টোৰ ভগ্নাৱশেষ হে আছে ।

ইতিহাসঃ শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই ।

উৎঘাটনঃ দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও উৎঘাটন কৰিব পৰা  হোৱা নাই । 

উদ্ধাৰঃ সেই স্থানৰ পৰা কেইবাবিধো আপুৰুগীয়া সম্পদ উদ্ধাৰ কৰা হৈছে ।

খননঃ খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰত খনন কার্য চলোৱা হৈছিল ।

নিৰ্মাণঃ অট্টালিকাটোৰ নিৰ্মান কার্য চলি আছে ।

ঐতিহ্যঃ তেজপুৰ এখন ঐতিহ্যমণ্ডিত চহৰ ।

আপুৰুগীয়াঃ গঁড় এবিধ আপুৰুগীয়া জন্তু ।


। তলৰ বাক্যবিলাকৰ অৰ্থ এটা শব্দত প্ৰকাশ কৰা ।

(ক) কোনো বস্তুৰ ভগাঃ ছিগা অংশবোৰঃ ভগ্নাৱশেষ

(খ) প্ৰাচীন যুগৰ সম্পদ সমূহৰ বিষয়ে  কৰা অধ্যয়নঃ প্ৰত্নতত্ত্ব

(গ) প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা স্থানঃ সংগ্ৰহালয়

(ঘ) শিলত কটা শিল্পঃ ভাস্কৰ্য


৮। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া 

(ক) অ'ভাৰহেড প্ৰজেক্টৰ বুলিলে কি বুজা ?

উত্তৰঃ অ'ভাৰহেড প্ৰজেক্টৰ বুলিলে এবিধ প্ৰক্ষেপন যন্ত্ৰক বুজা যায় । 

(খ) অ'ভাৰহেড প্ৰজেক্টৰৰ সহায়ত কি কি কৰিব পাৰি ?

উত্তৰঃ অ'ভাৰহেড প্ৰজেক্টৰৰ সহায়ত স্বচ্চ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি । 


(গ) প্ৰত্নতাত্বিক সম্পদৰ সময় নিৰূপন কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ কাৰ্বন ফৰটিন মেথদ ।


(ঘ) প্ৰত্নতাত্বিক খনন কাৰ্য সমাধা হোৱা ঠাই কেইখনমানৰ নাম লিখা 

উত্তৰঃ আমবাৰী, মদন কামদেৱ, দ- পৰ্বতীয়া, ডুবৰনি, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ন- নাথ আদি ।


(ঙ) লিপিসমূহৰ অধ্যয়নে কি কি তথ্যৰ যোগান ধৰে ?

উত্তৰ: লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে ।


Post a Comment

0 Comments