i

সুখ

 সুখ



ক-পাঠভিত্তিক ক্ৰিয়াঃ

৩। উত্তৰ দিয়া 

ক) সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?

উত্তৰঃ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে পায় দুখৰ উপৰি দুখ ।

খ) কবিয়ে মানুহক 'দিন কণা' বুলি কিয় কৈছে ?

উত্তৰঃ কবিয়ে মানুহক 'দিন কণা' বুলি এইকাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় যে সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহৰ সুখ বিচাৰি হাবাথুৰি খোৱা অথচ নিজৰ চৌপাশেই থকা সুখবোৰ দেখা নোপোৱা স্বভাৱৰ বাবেই কবিয়ে মানুহক দিন কণা বুলি কৈছে ।


গ) সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব ? 

উত্তৰঃ সুখ পাবলৈ হ'লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। অকল নিজৰ বাবেই চিন্তা কৰা স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিবলৈ লাগিব।

 

ঘ) পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে ?

উত্তৰঃ পৰম পিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে ।


ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে ?

উত্তৰঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি হূলে বিন্ধে বুলি কবিয়ে কৈছে ।


চ) সুগন্ধি কুসুম ক'ত ফুলে ?

উত্তৰঃ সুগন্ধি কুসুম নিঃস্বার্থৰ বাটত ফুলে ।


ছ)জীৱনটো অকল নিজৰ নিমিত্তে নহয় , তেনেহ'লে কাৰ বাবে ? 

উত্তৰঃ জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকূলৰ বাবেও এই জীৱন ।


জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হব ?

উত্তৰঃ কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। মনটোক থিৰ কৰি এই পৃথিৱীত বসবাস কৰা আন জীৱকূলক নিঃস্বাৰ্থ ভাবে মৰম কৰিব পাৰিলে আৰু সকলোকে নিজৰ ভাই- ভনী হিচাপে ভাবিব পাৰিলে বিশ্ব প্ৰেমেৰে ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হব।


৪। কবিতাটোৰ মূলভাব নিজৰ কথাৰে লিখা 

উত্তৰঃ কবি আনন্দচন্দ্ৰ আগৰৱালা দেবে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপাই সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে । মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে। কিন্তু হাতৰ মুঠিতেই থকা সুখৰ সন্ধান উলিওৱাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ন্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনেলোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে তেনে লোকে সদায় সুখী হব পাৰে।আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। কবিয়ে কৈছে যে এই পৃথিৱীত বাস কৰা সকলো মানুহেই আমাৰ আপোন, সকলো নৰ- নাৰীয়েই এজন পৰম পিতাৰেই সন্তান বুলি কবিয়ে কৈছে। সেইবাবে কবিয়ে গাই- গোটা পেটে ভঁৰাল অৰ্থাত কেৱল নিজৰ পেটটোৰ চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলে আমি সুখী হব পাৰিম বুলি কবিয়ে কৈছে। কবিতাটোৰ জৰিয়তে কবিয়ে পুনৰ কৈছে যে  মই মই বুলি কেৱল আমি মোহ-মায়াৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই, মই বা সকলোখিনি কেৱল মোৰ এনে ধৰণৰ মনোভাৱে মানুহক তললৈ হে নিয়ে। সেইবাবে আমি মনটোক থিৰ কৰি ৰাখি ত্যাগৰ যোগেদি সন্তোষ লাভ কৰিবলৈ শিকিব লাগে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মনটো, সেইবাবে যিমান পাৰো আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু হূল পোতা থাকে বুলি কবিয়ে কৈছে তাৰ বিপৰীতে নিঃস্বার্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত কুসুম ফুলে। সেইবাবে আমি যিমান পাৰো নিঃস্বাৰ্থভাবে লোকৰ হিত সাধনত মন দিব লাগে। এই পৃথিৱীৰ সকলো মানুহকেই আমি নিজৰ ভাই ভনী বুলি নিঃস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্ব প্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে। 

    এয়েই কবিতাটোৰ মূলভাব ।


৫। সংসাৰত সুখ পাবলৈ হলে কি কি কৰিব লাগে ? কবিতাটোৰ আলমত লিখা ।

উত্তৰঃ সংসাৰত সুখ পাবলৈ হ'লে মানুহে নিজৰ ন্যস্ত স্বাৰ্থক বিসৰ্জন দি আনৰ হকে চিন্তা কৰিব লাগিব। আনৰ সুখত সুখী হ'ব পাৰিব লাগিব আৰু আনৰ দুখত কান্দিব জানিলে কান্দোনতো সুখ পায় বুলি কবিয়ে উল্লেখ কৰিছে। এই পৃথিৱীত বসবাস কৰা সকলো নৰ -নাৰীয়েই এক পৰম পিতাৰ সন্তান গতিকে বিশ্বৰ সকলো নৰ-নাৰীকেই নিঃস্বাৰ্থ প্ৰেম কৰিলে এই সংসাৰ সুখেৰে পৰিপূৰ্ণ হৈ পৰিব।সেইবাবে আমি বিশ্ব প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই সকলোকে ভাই- ভনী বুলি গণ্য কৰা উচিত।


৬। অভিধান চাই তলত দিয়াবোৰৰ শব্দ অৰ্থ লিখা 

দিন- কণাঃ দিনতে নেদেখা, মতা কুলি চৰাই

স্বাৰ্থঃ নিজৰ লাভ বা মঙ্গল

বলিদানঃ বলি, উচৰ্গা 

থিতঃ ধীৰ, স্থিৰ

হিতঃ মংগল , উপকাৰী

সন্তোষঃ আনন্দ, তৃপ্তি

গাইঃ গোটা পেটে ভঁৰাল- স্বাৰ্থপৰ

পৱিত্ৰঃ শুচি, শুদ্ধ

তৰীঃ নাও, নৌকা 

যথাৰ্থঃ সঁচা, সত্য

বৰতঃ উপবাস , ব্ৰত 

পৰমপিতাঃ ঈশ্বৰ

নিঃস্বাৰ্থঃ স্বাৰ্থ নথকা, আপোনাৰ হিত নিবিচৰা , উপকাৰৰ আশা নকৰা

ওৰঃ অন্ত, শেষ

অভাৱঃ লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা, কষ্ট, দুখ

পমিঃ লীণ

সামৰথঃ শক্তি, ক্ষমতা

হুলঃ সৰু কাঁইট, সৰু জোঙা বস্তু


৭। দেখিও নেদেখা কিয় দিন-কণা 

                    সুখ হে হাততে আছে

যিয়ে দিব পাৰে স্বাৰ্থ বলিদান

                 সুখ হে হাততে আছে 

-কবিয়ে দিন -কণা বুলি কাক আৰু কিয় কৈছে ? 

উত্তৰঃ কবিয়ে দিন-কণা বুলি এই পৃথিৱীৰ নৰ- মনীচক কৈছে। এই পৃথিৱীত মানুহে সুখ সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ নেদেখে বৰঞ্চ সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ হে পাবলগীয়া হয়। কিন্তু নিজৰ  হাততেই যে সুখ নিহিত হৈ থাকে সেই সুখক মানুহে বিচাৰি লব নাজানে। সেয়েহে কবিয়ে মানুহক দিন-কণা বুলি কৈছে ।


মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হলে মানুহে কি কৰিব লাগিব ? 

উত্তৰঃ মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হলে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব ।


৮। প্ৰসংগ সংগতি লগাই বাখ্যা কৰা 

 যথাৰ্থ নিঃস্বাৰ্থ মৰমী জীৱন 

                 বিশ্ব প্ৰেমে ভৰপূৰ,

 বিশ্বৰ সকলো ভাই - ভনী তাৰ, 

                 সুখৰ নপৰে ওৰ ।

 

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অংকুৰণৰ' অন্তৰ্গত ' সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।


সংগতিঃ মানুহে সুখ কিদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে ।

বাখ্যাঃ মানুহে যদি নিঃস্বাৰ্থ ভাবে সকলোকে মৰম চেনেহ দিব পাৰে তেনেহলে জীৱনটো সুখেৰে উপচি পৰে। বিশ্বৰ সকলো মানুহকে নিজৰ ভাই- ভনী ৰূপে গ্ৰহণ কৰিব পাৰিলে বিশ্বত প্ৰেম ভাৱ উপচি পৰিব আৰু সংসাৰখনো এখন সুখৰ ঠাই হৈ পৰিব বুলি কবিয়ে কৈছে । আৰু যিসকল লোকে বিশ্ব প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ হৈ নিজৰ ব্যক্তিগত স্বাৰ্থক জলাঞ্জলি দি প্ৰেম, ভাতৃত্ববোধৰ মনোভাৱেৰে আগবাঢ়ে তেনে মানুহৰ জীৱনটো সুখৰ ওৰ নপৰে বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে।


৯। বাক্য ৰচনা কৰা 

স্বাৰ্থ বলিদানঃ দেশৰ হকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে ।


সুগন্ধিঃ ধূপকাঠিৰ সুগন্ধিয়ে কোঠাটো আমোলমলাই তুলিছে ।


সেন্দুৰীয়াঃ বেলিটোৰ সেন্দুৰীয়া আভাই পৰিৱেশটো মনোমোহা কৰি তুলিছে ।


ভৰ-পূৰঃ বিশ্বপ্ৰেমেৰে ভৰ-পূৰ হৈ থাকি জীৱনত সুখী হ'ব পাৰি ।


দিন- কণাঃ দিন- কণা মানুহজনে উজুটি খাই ৰাস্তাৰ কাষত বাগৰি পৰিছিল ।


১০।কবিতাটোত থকা যুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা 

শক্তি- সামৰথঃ শক্তি - সামৰথ অনুযায়ী মানুহে দান- দক্ষিণা কৰা উচিত ।

দিন- কণাঃ দিন - কণা মানুহে দিনৰ পোহৰত দেখা নাপায় ।

নৰ- নাৰীঃ এই পৃথিৱীখন নৰ- নাৰীৰ সমষ্টি 

গাই- গোটাঃ মানুহ গাই- গোটা পেটে ভঁৰাল স্বৰূপ হব নালাগে ।

ভাই- ভনীঃ যদু আৰু হিয়া দুয়ো ভাই- ভনীয়ে একেলগে স্কুললৈ অহা যোৱা কৰে ।


১১। তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা 

হাতী - 

পুংলিঙ্গঃ দঁতাল,    স্ত্ৰীলিঙ্গঃ মাখুন্দী

মানুহ- 

পুংঃ মতা মানুহ,     স্ত্ৰীঃ মাইকী মানুহ 

ম'হ- 

পুংঃ মতা ম'হ,        স্ত্ৰীঃ মাইকী ম'হ 

ছাগলী-

পুংঃ পঠা,                স্ত্ৰীঃ পাঠী 

কুকুৰা-

পুংঃ মতা কুকুৰা,    স্ত্ৰীঃ মাইকী কুকুৰা 


১২। তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা: ঢুলীয়া: ঢোল+ ঈয়া

তেলীয়াঃ তেল+ ঈয়া

কপটীয়াঃ কপট+ ঈয়া

পাহাৰীয়াঃ পাহাৰ+ঈয়া

সেউজীয়াঃ সেউজ+ ঈয়া

নগৰীয়াঃ  নগৰ+ ঈয়া


১৩। তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা 

🍥 সঁচা কথা কলে সকলোৱে মৰম কৰিব

যৌগিক বাক্যঃ যদি সঁচা কথা কোৱা তেতিয়া সকলোৱে মৰম কৰিব

🍥 ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব

যৌগিক বাক্যঃ যদি ব্যায়াম নকৰা তেতিয়াহলে স্বাস্থ্য ভালে নাথাকিব 

🍥 পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল

যৌগিক বাক্যঃ প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল ।

🍥 ৰবীন আহিল, শ্যামল নাহিল

যৌগিক বাক্যঃ ৰবীন আহিল কিন্তু শ্যামল নাহিল

🍥 খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল 

যৌগিক বাক্যঃ খেলুৱৈৰ দলটোৱে জিৰণি ল'লে আৰু তাৰপিছত খেলপথাৰত নামিল 


 ১৪। স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা

উত্তৰঃ স্বাৰ্থপৰ মানুহবোৰে সকলো কাম নিজৰ সুবিধা অনুসৰিয়েই কৰে। তেওঁলোকে আনৰ বাবে চিন্তা নকৰে। যিকোনো বস্তু সকলোতকৈ আগত আৰু সম্পূৰ্ণৰূপে নিজৰ কৰি কেনেদৰে পাব পাৰি তাৰে চিন্তাত তেওঁলোক ব্যস্ত । আনৰ বাবে ৰাখি চলা অথবা খোৱাৰ অভ্যাস নাথাকে। আনৰ বিপদৰ সময়ত তেওঁলোকে পিঠি দি হাত সাৰিব বিচাৰে। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহবোৰে আনৰ কথা সকলোতকৈ আগত ভাবে। তেওঁলোকে যিকোনো কথা বা কামতেই নিজতকৈ আগত আনৰ বিষয়ে চিন্তা কৰে। তেওঁলোকৰ কথা বা কামে যাতে আনৰ ক্ষতি নকৰে সেই ক্ষেত্ৰত তেওঁলোক সদা সতৰ্ক। যিকোনো বস্তু নিজে গ্ৰহণ কৰা আগত তেওঁলোকে আনৰ বাবে সাঁচে। আনৰ বিপদৰ সময়ত নিজে মৰি হলেও তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।


Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top