শ্ৰী শ্ৰী শংকৰদেৱ
উত্তৰ দিয়া....
1) কবিয়ে "*ধ্যানমগ্ন যোগী*" বুলি কাক কৈছে ?
উত্তৰ:- কবিয়ে ' *ধ্যানমগ্ন যোগী*' বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে ।
2) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে ?
উত্তৰ:- কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্র কৰাৰ কথা কৈছে ।
3) কবি কাননত কি বজোৱাৰ কথা কৈছে ?
উত্তৰ :- কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে অৰ্থাৎ কবিয়ে ৰচনা কৰা
কাব্যসমূহৰ কথা ইয়াত বুজোৱা হৈছে ।
4) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?
উত্তৰ :- গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে ।
5) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ?
উত্তৰ :- শ্ৰী শ্ৰী শংকৰদেৱে নীৰৱ সাধনাৰ দ্বাৰা যিসমূহ অমৰ সাহিত্য-সংস্কৃতিৰ সৃষ্টি কৰি গ'ল , যি ঈশ্বৰৰ জ্ঞান প্ৰদান কৰি গ'ল তাৰ মধুৰ ঝংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে ।
প্ৰশ্ন 5 .তলৰ আঁচটনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে । সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা ।
ক) কোন দূৰ অতীতৰ *ধ্যানমগ্ন* যোগী তুমি ( তন্ময় / বিস্ময় / মহান)
উত্তৰ : তন্ময়
খ) গোটেই অসমভূমি *বিস্তৃত* জীৱনী যাৰ ( শিপাই যোৱা / নাইকিয়া হোৱা / বিয়পি পৰা )
উত্তৰ :: বিয়পি পৰা
গ) তোমাৰ *গৰিমা* গীতি হৃদয়ে হৃদয়ে বাজে ( যশস্যা / গঞ্জনা / লাঞ্ছনা)
উত্তৰ :: যশস্যা
ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ *মৰতত* ( পৃথিৱী / পাতাল / আকাশ)
উত্তৰ :: পৃথিৱী
প্ৰশ্ন 9 . শেষ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ।
--------------------
তুমি -- ভূমি
সাজে--- বাজে
জ্ঞান ------ দান
ধাৰা ----- পৰা
সুৰে ------ ঘৰে
সদাচাৰ --- ব্যৱহাৰ
প্ৰশ্ন 11 . তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা ।
------------------
পৃথিৱী -------- মৰত
মৰম ---------- আদৰ
সন্ন্যাসী ------ যোগী
অন্তৰ -------- হৃদয়
বাগিচা -------- কানন
গংগা ---------- মন্দাকিনী
গৌৰৱ --------- গৰিমা
মিঠা ------------- মধুৰ
প্ৰশ্ন 12 . তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।
-----------------
অতীত ------ বৰ্তমান
পূণ্য ---------- পাপ
প্ৰেম ---------- ঘৃণা
পবিত্ৰ -------- অপবিত্ৰ
জীৱন-------- মৰণ
অশেষ -------- শেষ
প্ৰশ্ন 15 . এটা শব্দত প্ৰকাশ কৰা।
-----------------
ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা ---- একশৰণ
খ) বিষ্ণুক ভক্তি কৰে যি ----- বৈষ্ণৱ
গ) একে গুৰুৰ শিষ্য ---- হৰিভকত , সতীৰ্থ
ঘ) পিতৃ- মাতৃহীন সন্তান ----- ঘাট- মাউৰা
ঙ) সত্ৰ সম্বন্ধীয় ---- সত্ৰীয়া ।

প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ::--
(ক) "নিৰলে বজাই বীণা কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত ?"
উত্তৰ :-- উক্ত কবিতাৰ শাৰী দুটা আমাৰ পাঠ্যপুথি "অংকুৰণ"ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা "শ্ৰী শ্ৰী শংকৰদেৱ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে ।
শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল । তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল । সেই সময়ত এনেদৰে সাহিত্য- সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল । তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল । মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল ।
(খ) "তোমাৰ জীৱনী দেৱ ! লিখে এনে সাধ্য কাৰ
গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ ।"
উত্তৰ :-- উদ্ধৃত কবিতাৰ পংক্তিকেইটা আমাৰ পাঠ্যপুথি " অংকুৰণ"ৰ যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা "শ্ৰী শ্ৰী শংকৰদেৱ" নামৰ কবিতাটোৰ পৰা অনা হৈছে ।
ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য - সমাজ - সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে ।
শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল । তেখেতে অসমৰ সমাজ - সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল । অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম । সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি । কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে , প্ৰতিজন মানুহৰ ঘৰতে , সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে ।