i

বস্তু বিজ্ঞান অধ্যয়ন

 বস্তু বিজ্ঞান অধ্যয়ন* 



1. উত্তৰ দিয়া ।

(ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল ? 
উত্তৰ :-- বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল । মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলতেই জ্ঞান লাভ কৰি অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে ।


(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে ? 
উত্তৰ :-- বিজ্ঞানৰ বলত মানুহে ৰেল , জাহাজ , টেলিগ্ৰাফ , ফটোগ্ৰাফ , ফনোগ্ৰাফ , টেলিফোন , গ্ৰামোফোন , অনুবীক্ষণ , দূৰবীক্ষণ , সম্প্ৰতি ওলোৱা বিমান , নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে । 


(গ) বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে ?
উত্তৰ :-- বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে । 


(ঘ) উদ্গতি পথত কিহে বাধা দিয়ে ? 
উত্তৰ :-- উদ্গতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে । জাতীয় কু- সংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথত বাধা দিয়ে ।


(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে ? 
উত্তৰ: :-- ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে । 


(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে ?
উত্তৰ :-- বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে মানুহে বহুতো অন্ধবিশ্বাস আৰু কু-সংস্কাৰ মানি চলে । এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি , সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে ।


(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায় ? 
উত্তৰ :-- বিজ্ঞান শিক্ষাৰ পৰা প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায় । বস্তুৰ মূল তত্ত্ব জনা যায় আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে ।



প্ৰশ্ন 2 :--  *ধনগুলৈ* কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা ।
উত্তৰ :-- সাধাৰণতে জাবৰ - জোথৰ , জীৱ-জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা জেকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয় । জৈৱিক পদাৰ্থৰ বিশেষকৈ প্ৰাণীদেহৰ পচনৰ ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয় । দুয়োবিধ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহি বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি হয় । আৰু এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাচ- ডাই- অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া তৎক্ষণাত আপোনা আপুনি জুই জ্বলি উঠে । এই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু সময়ৰ বাবে লৰচৰ কৰি ফুৰে । কোনো কোনো মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন-সোণৰ পৰা ওলোৱা জুই । 
           ধনগুলৈক কোনো কোনো ঠাইত আধামূৰীয়া , আধামুণ্ডী বুলিও কোৱা হয় । 
           ইংৰাজীত ইয়াক Jack - o' - lantern , will - o' - the - wisp বুলি কোৱা হয় । 


3 . *প্ৰতিধ্বনি* কেনেকৈ হয় চমুকৈ লিখা । 
উত্তৰ ::--  আমি বন্ধ , ডাঙৰ , খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ । এয়াই হৈছে প্ৰতিধ্বনি । আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে । তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয় ।


4 . কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ?
উত্তৰ :---- বিজ্ঞান শাস্ত্ৰৰ দ্বাৰাই প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ সমূহ জানিব পাৰি , নতুন নতুন বস্তুৰ আৱিষ্কাৰ কৰিব পাৰি । বিজ্ঞানৰ দ্বাৰা জ্ঞান লাভ কৰিয়েই মানুহে ৰে'ল , জাহাজ , টেলিগ্ৰাফ , ফটোগ্ৰাফ , ফনোগ্ৰাফ , টেলিফোন , গ্ৰামোফোন , অনুবীক্ষণ যন্ত্ৰ , দূৰবীক্ষণ যন্ত্ৰ , বিভিন্ন প্ৰকাৰৰ বিমান , নানাবিধ ঔষধ , চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে । তেনেকৈ দৈনন্দিন প্ৰকৃতিত ঘটি থকা যেনে - - বিজুলী , বজ্ৰপাত , ভূমিকম্প , প্ৰতিধ্বনি ইত্যাদি অনেক ঘটনাবোৰৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি । যিবোৰ ঘটনা আমি দেখি আচৰিত হওঁ বা আনন্দিত হওঁ ---- এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ব ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি । সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় ।



5 . বিজ্ঞানবিদ সকলে শব্দ তত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে ?
উত্তৰ ::--- বিজ্ঞানবিদ সকলে শব্দৰ তত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে , শব্দক ধৰি ৰাখি ফনোগ্ৰাফ , গ্ৰামোফোন , ৰেডিঅ আদি আৱিষ্কাৰ কৰিব পাৰিছে ।




( খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল । 

উত্তৰ : -- ব্যাখেয় কথাষাৰ আমাৰ পাঠ্যপুথি 'অংকুৰণ'ৰ সত্যনাথ বৰাদেৱে লিখা  'বস্তু বিজ্ঞান অধ্যয়ন '  নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে । 
          আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে ।
       বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান পাব পাৰোঁ । বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তুসমূহ উদ্ভাৱন কৰিব পাৰিছে । বিজ্ঞানৰ দ্বাৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে । এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হ'লে আমি বিজ্ঞানৰ চৰ্চা কৰিবই লাগিব । যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয়  , তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয় । মাত্ৰ আমি তাক অধ্যয়ন কৰিলেই সেই জ্ঞান লাভ কৰিব পাৰোঁ ।


(গ) "মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল "
উত্তৰ ::--- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি  "অংকুৰণ"ৰ সত্যনাথ বৰাদেৱে লিখা  "বস্তু বিজ্ঞান অধ্যয়ন"  নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে ।
           কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে ।
          গুহাত বাস কৰা আদিম মানৱে ক্ৰমবিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি । যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো ঢাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে । যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে । আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদান সমূহৰ প্ৰয়োগ অপৰিহাৰ্য । সেয়া --- চিকিৎসা বিভাগ , প্ৰতিৰক্ষা বিভাগ , শিক্ষা - সংস্কৃতি বিভাগ , যাতায়ত - পৰিবহন ব্যৱস্থা , কৃষি - শিল্প , দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলো বোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰ সমূহৰ প্ৰয়োগ হয় । গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল ।


প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।
( ঘ ) সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত ।
উত্তৰ :: -- ব্যাখেয় কথাষাৰ আমাৰ পাঠ্যপুথি  *অংকুৰণ* ত থকা সত্যনাথ বৰাদেৱে লিখা 'বস্তু বিজ্ঞান অধ্যয়ন' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে । 
           বিজ্ঞানৰ নে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলো বোৰৰে সামান্য হ'লেও যে জ্ঞান থকা উচিত ---- এই কথাষাৰ বুজাবলৈকে এনেদৰে উল্লেখ কৰিছে । 
             বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল । ইয়াক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভাগত বিভক্ত কৰি লোৱা হৈছে । যেনে --- পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান , জ্যোতিৰ্বিজ্ঞান  , উদ্ভিদ বিজ্ঞান , জীৱ বিজ্ঞান ইত্যাদি ইত্যাদি । বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন মানুহৰ বাবে সহজ নহয় । আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল । সেয়েহে মানুহে ইয়াৰে এবিধ বা দুবিধ শাখাৰহে চৰ্চা কৰি তাক সম্পূৰ্ণ আয়ত্ব কৰিবলৈ চেষ্টা কৰা উচিত । কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ হ'লেও সকলো বিষয়ৰে অলপ অলপ জ্ঞান থাকিব লাগিব । এই কথাষাৰকে লেখকে ইয়াত বুজাব বিচাৰিছে ।

Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top