i

প্ৰগতিৰ সোণালী বাট

 প্ৰগতিৰ সোণালী বাট 



উত্তৰ দিয়াঃ

ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰ খন লোকে লোকাৰন্য হোৱাৰ কাৰণ কি ? 
উত্তৰঃ হাইস্কলৰ প্ৰকাণ্ড খেল পথাৰ খন লোকে লুকাৰন্য হোৱাৰ কাৰণ হল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল । 

খ) প্ৰদৰ্শনী কোনে পাতিছিল ? 
উত্তৰঃ প্ৰদৰ্শনী খন অঞ্চলটোৰ মহিলা সকলে পাতিছিল । 

গ) মানুহে ভিৰ কৰা বিপনী খনত কি প্ৰদৰ্শন কৰা হৈছিল ? 
উত্তৰঃ মানুহে ভিৰ কৰা বিপনী খনত এড়ী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল । 


ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে ? 
উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে । 


ঙ) স্বাৱ লম্বনৰ কাৰণে গঠন কৰা গো টবোৰক কি বুলি জনা যায় ? উত্তৰঃ স্বাবলম্বনৰ কাৰণে গঠন কৰা গোট বোৰক আত্মসহায়ক গোট বুলি জনা যায়।

চ ) এই গোট বোৰে উৎপাদন কৰা সামগ্ৰী সমূহ কি কৰা হয় ? 
উত্তৰঃ এই গোট বোৰে উৎপাদন কৰা সামগ্ৰী সমূহ সূলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পুৰ কৰে। 

ছ) 2001 চনতো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ? 
উত্তৰঃ 2001 চনতো আন্তৰ্জাতিক নাৰী সৱলীকৰণৰ  আৰু সমমৰ্য্যদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ।
 

জ) উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্প টোৰ নাম কি ? 
উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্প টোৰ নাম হল বয়ন শিল্প । 


ঝ‌) প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিক ভাবে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল ? 
উত্তৰঃ প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিক ভাবে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল । 

৩। চমুকৈ বৰ্ণনা কৰাঃ
ক ) আত্ম সহায়ক গোট বোৰে দুখীয়া পৰিয়ালৰ মহিলাক কেনেকৈ সহায় কৰে ? 
উত্তৰঃ আত্ম সহায়ক গোট বোৰে স্থানীয় সহজ লভ্য সম্পদ বিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয
সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পুৰ কৰে । এনেকৈ য়ে দুখীয়া পৰিয়ালৰ মহিলাসকলক আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ে ।

খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকা ৰিনী মহিলা দুগৰাকী ৰ বিষয়ে চমুকৈ লিখা । 
উত্তৰঃ প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰী নি মহিলা দুগৰাকী নাম হল গাৰ্গী আৰু মৈত্ৰেয়ী । 


গ) মহিলাক স্বাৱলম্বী কৰা ৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল ? 
উত্তৰঃ মহিলাক স্বাৱলম্বী কৰা ৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ । 


ঘ ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল ? 
উত্তৰঃ মহাত্মা গান্ধীয়ে গংগা বেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল ।নাৰী সৱলীকৰণৰ বিভিন্ন আচনীসমূহৰ নাম লিখা । তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা । উত্তৰ : নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনি সমূহ হল --- উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম , কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ , ৰাষ্ট্ৰীয় মহিলা আয়োগ , ইন্দিৰা মহিলা যোজনা আদিয়েই প্ৰধান ।
  
             ইন্দিৰা মহিলা যোজনা ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোট সমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে । এই যুজনাই মহিলা সকলক চৰকাৰে আগবহোৱা ঋণ আৰু অন্যান্য সা সুবিধা সমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যবহাৰ ৰ বাবে পৰামৰ্শ আগবহাই । 
 

প্ৰশ্ন নং ৫/ তলৰ শব্দ বোৰৰ অৰ্থ লিখাঃ 

বিপনি - দোকান । 
ক্ৰেতা - কিনুতা। 
সুপ্ত - লুকাই থকা । 
অফুৰন্ত - যাৰ শেষ নাই । 
টনকিয়াল - আৰ্থিক ভাবে সৱল । 
সমমৰ্য্যদা- সমান অধিকাৰ । 
প্ৰদৰ্শন - দেখুওৱা কাৰ্য্য । 
স্বাৱলম্বী - স্ব নিৰ্ভৰশীল । 
গঠনাত্মক - গঠনমূলক । 
পদমৰ্যাদা - বিষয় বাৰ গৌৰৱ ।
পদক্ষেপ - ব্যৱস্থা গ্ৰহণ । 
আন্তৰ্জাতিক - বহু জাতিৰ মাজত থকা , সকলো ৰাষ্ট্ৰৰ মাজত থকা ।

প্ৰশ্ন নং ৬/ অসমীয়া শিপিনী য়ে কাপোৰত সপোন ৰচিব পাৰে । ---- এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল ? 
উত্তৰঃ অসমীয়া শিপিনী য়ে কাপোৰত সপোন ৰচিব পাৰে । -- এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনী য়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰে ।

 
প্ৰশ্ন নং ৭ / বুজাই কোৱা আৰু লিখা । ক/ আত্ম সহায়ক গোট আৰু ইয়াৰ কাম কাজ । 
উত্তৰঃ দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলক ভাৱে গঠিত এটি গোট । এই গোটৰ সদস্য সকলৰ আৰ্থিক অৱস্থা একে পৰ্যায় ৰ হয় । তেওঁলোকৰ মাজত মিলা প্ৰীতি , হদ্ভাৱ থাকিব লাগে । গোট বোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিষ্টিত জমা কৰি এটা সমূহীয়া পূঁজি গঠন কি কৰে । প্ৰয়োজন অনুসৰি অভাবি সদস্য লৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে । এই ঋণৰ বাবে গোট টোৱে এটা নিৰ্দিষ্ট হাৰত সূত হয় । এই আত্ম সহায়ক গোটৰ মূল উদ্দেশ্য হল নিয়মীয়াকৈ সঞ্চয় কৰা , সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া , গোট টো পৈণত হৈ উঠি লে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা ।  
খ/  নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনি আৰু ইয়াৰ কাম :                  নাৰী সৱলীকৰণৰ বিভিন্ন আঁচনি সমূহ হল - উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজকল্যাণ পৰিষদ , ৰাষ্ট্ৰীয় মহিলা আয়োগ , ইন্দিৰা মহিলা যোজনা ইত্যাদি । 
এই আঁচনি বোৰৰ কাম হল নাৰীক স্বাবলম্বী কৰি গঢ়ি তোলা আৰু তেওঁলোকৰ অন্তৰৰ সুপ্ত প্ৰতিভা বিকশিত কৰিবলৈ সামাজিক স্বীকৃতি আৰু সহযোগিতা আগবঢ়ুৱা।  
গ/  কি কি কাম কৰি মহিলা সকল স্বাবলম্বী হব পাৰে        উত্তৰ : মহিলা সকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাবলম্বী হব পাৰে । নিজ হাতেৰে বনুৱা বস্তু , নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাবলম্বন হব পাৰে । 
খ - ভাষা অধ্যয়ন 
 ৮/  অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা । 
নাৰী : ( মহিলা ) - আজিৰ নাৰী সকল সকলো দিশতে আগবঢ়া ।  নাড়ী: (নাড়ী ডুৰি)-- নাটক খন চাই হাঁহিত পেটৰ নাড়ী ডাল ডাল হল ।
আচল :( প্ৰকৃত )- আচল কথাটো এতিয়া  হে  পোহৰলৈ আহিল । আঁচল :( চাদৰৰ আগ) -  তাইৰ চাদৰ খনৰ   আঁচল টো বৰ ধুনীয়া । 

লক্ষ : (লাখ )- মিটিং খনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল।

 লক্ষ্য : (উদ্দেশ্য)- জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচ্চিত। 

 আচাৰ : (সামূহিক আচৰণ ) -সমাজৰ প্ৰচলিত আচাৰ ৰীতি সমূহ সকলোৰে সানি চলে । 

আছাৰ :( বস্তুৰ আঘাতত উফৰি দূৰত পৰা ) -মানুহ টো আ ছাৰ খাই পৰিল ।

 তাত: ( সৌ খিনিত ) -বস্তু টো তাতে আছে ।

 তাঁত: (তাঁত শাল)- অসমীয়া শিপিনী য়েই তাঁত শালত সপোন ৰচে ।

 ফাঁকি : ( মিছা )- ইমান দিনে সি আমাক ফাঁকি দি আছিল ।

 ফাকী : ( পদ্যৰ এক চৰণ )- এই কবিতা ফাকি শুনিবলৈ বৰ শুৱলা ।


প্ৰশ্ন নং ৯ / বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঃ

কঠিন - কোমল , 
নবীন - প্ৰবীণ , 
পৰ নিৰ্ভৰশীল - স্বাবলম্বী, 
দুৰ্লভ- সুলভ , 
খৰগতি- লেহেমীয়া , 
পূৰ্ণিমা - অমাৱস্যা, 
অনাধিকাৰ - অধিকাৰ, 
নিন্দা - প্ৰশংসা , 
অনাৱশ্যক - আবশ্যক , 
জাগ্ৰত - সুপ্ত , 
ধ্বংস - সৃষ্টি , 
অসম্ভৱ - সম্ভৱ ।


প্ৰশ্ন নং ১০ ।  এটা শব্দত প্ৰকাশ কৰাঃ
ক। যি আনৰ উপৰত নিৰ্ভৰ কৰে - পৰ নিৰ্ভৰশীল ।
খ। যি নিজৰ উপৰত নিৰ্ভৰ কৰি চলে - স্বা বলম্বি । 
গ। স্থানীয় ভাবে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ় ই উঠা শিল্প - কুটিৰ শিল্প । 
ঘ। যি আনক হিংসা নকৰে - অহিংসুক ।  
ঙ। যি আনৰ স্বাৰ্থৰ কথা চিন্তা কৰে - স্বাৰ্থপৰ । 
চ। যিজনে নিজৰ উপৰত বিশ্বাস ৰাখে - আত্মবিশ্বাসী 


প্ৰশ্ন নং ১১/ সন্ধি ভাঙা আৰু গঠন কৰাঃ
ক) 
স্ব + অধীন = স্বাধীন । 
উৎ + নতি - উন্নতি । 
উৎ + মত - উন্মত্ত । 
সম্ + কৃত - সংস্কৃত । 
জীৱ + অন্ত - জীৱন্ত । 
স্ব + অৱলম্বন - স্বাৱলম্বন । 
উৎ + ঘাটন - উৎঘাট ন । 
উৎ+ চাৰন - উচ্চাৰণ ।

খ) 
পৰাধীন= পৰ + অধীন ।
উন্নয়ন = উ + নয়ন
সংগীত= সম্ + গীত
মহাত্মা= মহা + আত্মা
যথেষ্ট= যাথা + ইষ্ট
অতীত= অতি + ইত
যথোচিত= যথা + উচিত
বিদ্যো সাহী= বিদ্যা + উতসাহী


১২। বহুবচনলৈ পৰিৱৰ্তন কৰাঃ
শিক্ষক - শিক্ষক সকল
ছাত্ৰ - ছাত্ৰ সকল
মানুহ - মানুহ সকল
গৰু - গৰুবোৰ
গ্ৰন্থ - গ্ৰন্থসমূহ
গুৰু - গুৰুবৃন্দ
পৰ্বত - পৰ্বত বিলাক
মহিলা - মহিলা সকল

প্ৰশ্ন নংঃ ১৩। যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা।
চ্ছ = বিচ্ছেদ
স্তু = বস্তু
গ্ৰ = উগ্ৰ
ণ্ঠ =  কণ্ঠ
নৃ = গ্ৰন্থ
দ্ধ = উদ্ধাৰ
ণ্ট = কণ্টক
ঞ্চ = বেঞ্চ

প্ৰশ্ন নং- ১৪। বাক্য ৰচনা কৰাঃ

দূৰ-দূৰনিঃ দূৰ-দূৰনিলৈকে কোনো গাওঁৰ চিন দেখা নাইচোন

সা সুবিধা: যদিও চৰকাৰী বাস বভন সা সুবিধা বিশেষ লয়। 

বিধে বিধে: লৰা টোৰ বাবে মাক জনিয়ে বিধে বিধে খোৱা বস্তু বনায়। 

চুকে কোনে: অসমৰ চুকে কোনে  বিভিন্ন লোকগীত সিচৰিত হৈ আছে।

শিপিনী: অসমীয়া শিপিনী য়ে তাঁতশালত সপোন ৰচিব পাৰে । 

আত্মবিশ্বাস: কোনো কামত সফলতা লাভ কৰিবলৈ আত্মবিশ্বাস ৰ অতিকৈ প্ৰয়োজন । 

লোকে লুকাৰণ্য: নৰেদ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকে লোকাৰণ্য হৈ পৰিছিল ।
 
দল্ দোপ্ হেন্দুল দোপ্ : বিয়াঘৰৰ মানুহে গোটেইখন দল্ দোপ্ হেন্দুল দোপ্ লগাইছে ।

প্ৰশ্ন নং ১৫ লিং গ নিৰ্ণয় কৰা।  

নাৰী - স্ত্ৰী লিং গ , 
বুঢ়ী - স্ত্ৰী লিং গ , 
দাদা - পু লিং গ , 
যুৱক - পু  লিং গ , 
ছোৱালী - স্ত্ৰী লিং গ , 
দেউতা - পু লিং গ , 
পুৰুষ - পু লিং গ , 
ডেকা - পু  লিং গ , 
আমৈ - স্ত্ৰী লিং গ , 



প্ৰশ্ন নং ১৬ / উপসৰ্গ কেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা । 
প্ৰ- প্ৰণাম , 
পৰা - পৰামৰ্শ , 
অপ - অপমান , 
উপ - উপকাৰ , 
অতি - অতিশয় , 
প্ৰতি- প্ৰতিদা ন
Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top