কেনে প্ৰীতি ভাৱে
কি সুখৰ দিন আজি
কেনে প্ৰীতি ভাৱে
আনন্দে নধৰে হিয়া
সকলো ভাই বন্ধুৰ হে
কি সুখৰ দিন আজি
কেনে প্ৰীতি ভাৱে
ঈশ্বৰৰ কৃপাগুনে
আহি সৱে জনে জনে
প্ৰাণ ভৰি মহাৰংগে পৰা
কৰিছে উৎসৱ এ
কি সুখৰ দিন আজি
কেনে প্ৰীতি ভাৱে
বছৰে বছৰে যেন
হয় এনে সু মিলন
আহি যেন সৱে পুনঃ
সু কাৰ্য সাধয় এ

0 Comments