এন্ ফ্রাঙ্কৰ ডায়েৰি
১) তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখাঃ
ক) জন্মসুত্ৰে এন ফ্রাঙ্ক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল?
উত্তৰ:- জন্মসূত্ৰে এন ফ্রাঙ্ক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল।
খ) নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক কত লুকাই আছিল?
উত্তৰ:- নাজীবাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক এটা পন্যাগাৰত লুকাই আছিল।
গ) এন ফ্রাঙ্কৰ দেউতাকৰ নাম কি আছিল?
উত্তৰ:- এন ফ্রাঙ্কৰ দেউতাকৰ নাম আছিল অট' ফ্রাঙ্ক।
ঘ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল?
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল - এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে লাখ লাখ ইহুদীক নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল।
ঙ) এন ফ্রাঙ্কে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ:- এন ফ্রাঙ্কে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল কাৰণ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ এনেকুৱা এজন বন্ধুৰ অভাৱ অনূভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান- প্ৰদান কৰিব নোৱাৰে। সেইবাবে তেওঁ দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল।
চ) দিনলেখাসমূহ এন ফ্রাঙ্কে কিয় সম্পাদনা কৰিছিল?
উত্তৰ:- ১৯৪৪ চনৰে কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অঁনাতাৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যি সকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ- যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়া জনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্রাঙ্কে সিদ্ধান্ত ললে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰিখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে।
ছ) অট' ফ্রাঙ্কে পৰিয়ালসহ কিয় পণ্যাগাৰত আত্মগোপন কৰি আছিল?
উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাধ্যক্ষ এডলফ হিটলাৰৰ নেতৃত্বত নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। সেই সময়ত এন ফ্রাঙ্কৰ দেউতাক অট' ফ্রাঙ্কে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। তেখেতে নাজীবাহিনীৰ পৰা নিজৰ লগতে পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰকাল এটা পন্যাগাৰত আত্মগোপন কৰি আছিল।
জ) `মানুহতকৈ কাগজৰ ধৈৰ্য বেছি' বুলি এন ফ্রাঙ্কে উপলব্ধি কৰিছিল। কিয়? বুজাই লিখা।
উত্তৰ:- `মানুহতকৈ কাগজৰ ধৈৰ্য বেছি' বুলি এন ফ্রাঙ্কে সেইদিনা বৰকৈ উপলব্ধি কৰিছিল যিদিনা তেওঁৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিল। তেওঁ এজন প্ৰকৃত অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল যাৰ লগত অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পাৰি। তেওঁৰ মনৰ ভিতৰত অহা ভাৱবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰি ভাবিছিল যে - “মানুহতকৈ কাগজৰ ধৈৰ্য বেছি" আৰু যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপায় তেতিয়ালৈকে তেওঁ নিজৰ ভাৱনা- চিন্তাবোৰ `ডায়েৰি' ত লিখি যাবলৈ থিৰাং কৰিছিল।
ঝ) এন ফ্রাঙ্কে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল?
উত্তৰ:- এন ফ্রাঙ্কে নিজকে অকলশৰীয়া অনুভৱ কৰিছিল কাৰণ তেওঁৰ এজনো প্ৰকৃত বন্ধু নাছিল। তেওঁ যেতিয়া বন্ধুৰ লগত হাঁহি ধেমালি কৰে, সেয়া মাত্ৰ গতানুগতিক হে আছিল। কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কৰিব পৰাকৈ এজন বন্ধুৰ অভাৱ অনূভৱ কৰিছিল।
প্ৰশ্ন নং ২। তলৰ শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰত চাই নিজৰ বহীত লিখা।
উত্তৰ:-
শব্দ অৰ্থ
গণ্য - লেখত লবলগীয়া।
গতানুগতিক - নতুনত্ববিহীন।
অস্ত্ৰোপচাৰ - অপাৰেচন, ৰোগ চিকিৎসাৰ কৰাৰ বাবে অস্ত্ৰৰ প্ৰয়োগ।
বৰ্বৰ - নীচ, অসভ্য
পৰিত্যক্ত - এৰা, ত্যাগ কৰা
প্ৰবাদ - প্ৰবচন, মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা।
অধিগৃহীত - আইনৰ সহায়েৰে দখল কৰা।
থিৰাং - নিশ্চিত
উৎসৰ্গা - দান কৰা
আড়ম্বৰ - জাক- জমকতা
প্ৰত্যাশিত - আশা কৰা
ভাৰমূৰ্তি - কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা
পুহীভূত - থূপ খাই থকা
শামকতা - উপশম হোৱা
সন্নিবিষ্ট - অন্তৰ্ভুক্ত।
.
প্ৰশ্ন নং ৩। `কিটি' কোন? এন ফ্রাঙ্কে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা।
উত্তৰ:- `কিটি' হৈছে এন ফ্রাঙ্কৰ ডায়েৰিখনৰ নাম।
এন ফ্রাঙ্কে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগ- লগৰীয়া আছিল যদিও হিয়া উজাৰি ভাবৰ আদান প্ৰদান কৰিবলৈ এজন বন্ধু নাছিল। সেয়েহে তেওঁ মনৰ কথাবোৰ ডায়েৰিখনত লিপিৱদ্ধ কৰিছিল আৰু ডায়েৰিখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰি নাম ৰাখিছিল `কিটি'। এনেদৰেই তেওঁ চুটী জীৱনকালত `কিটি' নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰিৰ পাততে হিয়া উজাৰি মনৰ কথা প্ৰকাশ কৰি থৈ গৈছে।
প্ৰশ্ন নং ৪। এন ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰিখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল?
উত্তৰ:- এন ফ্রাঙ্কৰ ডায়েৰিখন পুথি আকাৰে প্ৰকাশ হোৱাত তেওঁৰ দেউতাক অট' ফ্রাঙ্কে আগভাগ লৈছিল।
এন ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰি সম্পুৰ্ণ নিজৰ বাবেহে লিখিছিল। ১৯৪৪ চনৰে কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়াই লণ্ডনৰ পৰা অঁনাতাৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলৰ বাস কৰা যি সকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ- যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি- পত্ৰ আৰু ডায়েৰিৰ কথা উল্লেখ কৰিলে।
বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্রাঙ্কে সিদ্ধান্ত ললে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰিখন ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এন ফ্রাঙ্কে ১৯৪৪ চনৰ ১ আগষ্টলৈকে ডায়েৰি লিখে আৰু ৪ আগষ্ট তাৰিখে এন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে। নাজীবাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত অনাহাৰ, অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক, বায়েক আৰু এনৰ মৃত্যু হৈছিল। একমাত্ৰ দেউতাকেই নাজীবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। যুদ্ধ শাম কটাৰ পাছত তেখেতে জীয়েকৰ সেই দিনলেখামান পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে আৰু সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে।
প্ৰশ্ন নং ৫। এন ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্থিতিৰ বাবে তেওঁ কি কৰিছিল?
উত্তৰ:- এন ফ্রাঙ্ক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। তেওঁ আইতাকক খুব ভাল পাইছিল।
আইতাকৰ স্মৃতিৰ বাবে তেওঁ নিজৰ জন্মদিনত জ্বলোৱা মমবাতিবোৰৰ লগতে আইতাকৰ বাবেও এডাল মমবাতি জ্বলাইছিল।
প্ৰশ্ন নং ৬। পাঠটো পঢ়ি এন ফ্রাঙ্কৰ সেই সময়ত হোৱা মনৰ ভাবৰ বিষয়ে লিখা।
উত্তৰ:- ১৯২৯ চনৰ জুন মাহত জন্ম লাভ কৰা এই গ্ৰন্থৰ ৰচয়িতা এন ফ্রাঙ্কে মাত্ৰ তেৰ বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। এন ফ্রাঙ্কৰ চিন্তাৰ পৰিধি আছিল বিশাল। তেওঁ নিজৰ মনৰ ভাৱ- চিন্তাবোৰ ডায়েৰিৰ পাতত হিয়া উজাৰি লিপিৱদ্ধ কৰিছিল। তেওঁ ডায়েৰিৰ পৰাই নাজীবাহিনীয়ে ইহুদীসকলৰ ওপৰত কৰা বৰ্বৰ অত্যাচাৰৰ বিষয়ে বিশ্ববাসীয়ে জানিবলৈ পাইছিল।
প্ৰশ্ন নং ৭। পাঠটোত অধি, অনু, প্ৰতি - এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি লিখা।
উত্তৰ:-
অধি + গৃহীত = অধিগৃহীত
অনু + প্ৰানিত = অনুপ্ৰানিত
প্ৰতি + দিন = প্ৰতিদিন
প্ৰশ্ন নং ৮। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা।
স্থায়ী - অস্থায়ী
প্ৰকাশ - গোপন, অপ্ৰকাশ
ভোগ - ত্যাগ, দুৰ্ভোগ
স্মৃতি - পাহৰণি, বিস্মৃতি
সমাপ্ত - আৰম্ভনি, অসমাপ্ত
আড়ম্বৰ - অনুষ্টুপীয়া, অনাড়ম্বৰ
ভাগ্য - দুৰ্ভাগ্য
ধৈৰ্য - অধৈৰ্য।
প্ৰশ্ন নং ৯। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।
যন্ত্ৰণা - যাতনা
কৰুন - কাতৰ
কিশোৰী - বালিকা
মৃত্যু - মৰণ।
প্ৰশ্ন নং ১০। তলৰ বাক্যবোৰ সৰলবাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণীবিভাজন কৰা।
* মই আহিলো আৰু তেওঁ ঘৰলৈ গল। - যৌগিক বাক্য।
* ভাল লৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে। - জটিল বাক্য।
* বৰষুণ পৰিছে। - সৰল বাক্য।
* মই সদায় ভাত খাই স্কুললৈ যাঁও। - সৰল বাক্য।
* একমাত্ৰ দেউতাকেই নাজীবাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল। - সৰল বাক্য।
* এন ফ্রাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লেখা কামটো আৰম্ভ কৰিছিল। - সৰল বাক্য।
* এইবাৰ পিছে তেওঁ `মৰমৰ কিটি' বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত `তোমাৰ এন্' বুলি সমাপ্ত কৰিছিল। - যৌগিক বাক্য।
* জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হল। - জটিল বাক্য।
প্ৰশ্ন নং ১১। তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা (দুটা আৰু বহুতৰ মাজত)
সোণ উজ্জ্বল:-
* সোণ ৰূপতকৈ উজ্জ্বল।
* আন সকলো ধাতুতকৈ সোণ উজ্জ্বল।
মীনা মেধাৱী :-
* ৰীণাতকৈ মীনা মেধাৱী।
* শ্ৰেণীকোঠাত আটাইতকৈ মেধাৱী ছাত্ৰী মীনা।
অৰুণ ওখ :-
* অৰুণ বলেনতকৈ ওখ।
* নৱম শ্ৰেণীৰ আটাইকেইটা লৰাৰ ভিতৰতে অৰুণ ওখ।
জোনবাই ঘূৰণীয়া :-
* জোনবাই পৃথিৱীতকৈ সৰু।
* সূৰ্য, পৃথিৱী আদি জ্যোতিস্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু।
এই কিতাপখন ভাল :-
* সেইখন কিতাপতকৈ এইখন কিতাপখন ভাল।
*লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল।
প্ৰশ্ন নং ১২। বাক্য ৰচনা কৰা।
অনতিপলমে :- অনতিপলমে ঘটনাটোৰ তদন্ত হোৱা উচিত।
হাঁহি- ধেমালি :- কণ কণ লৰা- ছোৱালীবোৰৰ হাঁহি- ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে।
ৰূপান্তৰিত :- তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়।
আত্মগোপন :- ৰুবুলে হৰি হঁতৰ ঘৰতে আত্মগোপন কৰি আছিল।
চিঠি- পত্ৰ :- আজিকালি চিঠি- পত্ৰৰ আদান- প্ৰদান নাইকিয়ায়ে হৈ গল।
দুখ-যন্ত্ৰণা:- ডেকা লৰাটোৰ মৃত্যুত ঘৰখনৰ দুখ-যন্ত্ৰণাৰ সীমা নোহোৱা হল।
পৰিত্যক্ত :- তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে।
বিশ্ববিখ্যাত :- পাৱলো- পিকাচো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী।
আদান-প্ৰদান :- মৰম চেনেহৰ আদান-প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি।
চিন্তা- ভাৱনা : বেছিকৈ চিন্তা- ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল।
প্ৰশ্ন নং ১৫। `এন ফ্রাঙ্কৰ ডায়েৰি' পাঠটোত মন, আটক শব্দ যুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।
মন- পা - (মন বুজা) : সতকাই মানুহৰ মন- পোৱাটো বৰ কঠিন।
মন বান্ধ (মন দমা) : অামি নিজৰ মন বান্ধি আগুৱাই যাব লাগিব।
মনপুতি লাগ (মনোযোগ দি লাগ) : ছাত্ৰ- ছাত্ৰী সকলে পঢ়া- শুনাত মনপুতি লাগিব লাগে।
মন মাৰ(নিৰানন্দ হ) : লোকৰ কথা শুনি মন মাৰি একো লাভ নাই।
মন কৰ( ইচ্ছা কৰ) : মন কৰিলেহে কামত কৃতকাৰ্যতা লাভ কৰিব পাৰি।
আটক কৰ- (আৱদ্ধ কৰ) : চুৰটোক ৰাইজে মিলি আটক কৰি থৈছিল।
আটক- ধুনিয়া:( অসাধাৰণ ৰূপে ধুনিয়া:- নিৰ্মলাই ঘৰটো আটক- ধুনিয়াকৈ সজাই থৈছে।