যুগমীয়া শৰাইঘাট All question Answer

               

যুগমীয়া শৰাইঘাট



১ । পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া ।

  ২ । উত্তৰ দিয়া ।

 ( ক ) অতীতৰ শৰাইঘাটৰ সমস্যাবােৰ কি আছিল ?
উত্তৰ : অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।

 ( খ ) বর্তমান শৰাইঘাটৰ সমস্যাবােৰ কি ?

উত্তৰঃ বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।

 ( গ ) ৰামসিংহ কোন আছিল ?
উত্তৰঃ ৰামসিংহ ৰাজপুত ৰজা আছিল। তেওঁক ঔৰংগজেৱ বাদছাহে অসম আক্ৰমণ কৰিবলৈ সেনাপতি কৰি পঠিয়াইছিল।

 ( ঘ ) তেওঁ কিয় অসমলৈ আহিছিল ?
উত্তৰঃ তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।

 ( ঙ ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।

 (চ ) লাচিতৰ অধীনত কিমান সৈন্য আছিল ?
উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ সেনা আছিল।

( ছ ) মােগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰঃ মোগলে নাৱৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতি জনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।

 ( জ ) মােগলৰ সেনাপতিক চৰাই খােজাৰ দায়ত লাচিত বৰফুকনে কাক লােৱা লগাই  থৈছিল ?
উত্তৰঃ 
মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থলে।

( ঝ ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল ?
উত্তৰঃ ৰজা ৰামসিংহই ৱীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল।

( ঞ) লাচিতে অসমীয়া সৈন্যবুল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল ?
উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ  এচুঙা বালি পঠাইছিল।

  ৩। পাঠটোত থকা কঠিন শব্দবােৰৰ অৰ্থ শব্দসম্ভাৰ আৰু অভিধান চাই জানি লােৱা ,

  ৪ । পাঠত থকাৰ দৰে সংলাপবােৰ লিখা ।

 ( ক ) কথাৰ যুদ্ধৰে বলে নােৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল ’ বলৈ চেষ্টা ” * কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল ?
উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটিৰ গড় লবলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱা সকলক কৈছিল - - -“অসমীয়া ৰণুৱা সকল, মই যুজঁিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো, তাতে মোৰ শতো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।”

 ( খ ) অসম এৰি যােৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল ?
উত্তৰঃ অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল - - - - “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলোঁ সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাও।”

( গ ) কোনােবাই যুদ্ধৰ কামত মন এৰি ইফাল - সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা | গোঁসানীলৈ সেৱা কৰি কি ঘােষণা কৰিছিল ?
উত্তৰঃ  কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি ৱীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল - - “যুদ্ধৰ কামত পাছ হহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”

 ( ঘ ) বৰ আই - কুঁৱৰীয়ে কাপােৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল ?
উত্তৰঃ 
বৰ আই- কুৱঁৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল - - “ বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিচ্ছয়।”

৫| বহলাই লিখা ।
( ক ) যুদ্ধত জয়ী হ ’ বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়ােজন আছে লিখা ।
উত্তৰঃ
 যুদ্ধত জয় হবলৈ যুদ্ধৰ আহিলাৰ বাহিৰে বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ।”

 ( খ ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মােগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ । সক্ষম হৈছিল বর্ণনা কৰা ।
উত্তৰঃ সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ কলে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱামৃদ্ধা নাও। হাজৰিকাই কলে, “মই নাচিম। ঢোল, মৃদংগ নাই, তোমালোকে চাপৰি মাৰা।” নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওবৈছাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ।নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হল। এই ছেগতে কোৱাৰ নাওখন সাউৎকৰে আঁতৰি গল। মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো জা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ।


 ( গ ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবােৰ লিখা ।
উত্তৰঃ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈয্য, সংকট নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পুৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দনাৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উৎপাটন।

 ৬ । প্রসংগ সংগতি দর্শাই বুজাই লিখা ।
( ক ) ‘ অগ্নি , সর্প আৰু প্রলােভন , এই তিনি একেধৰণেৰে বিষাক্ত ।
উত্তৰঃ  “অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একে ধৰণেৰে বিষাক্ত” - - উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞা ৰ দ্বাৰা ৰচিত ' যোগমীয়া শৰাইঘাট' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

       অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটাৰ দ্বাৰাই যে সৰ্ব্বনাশ সংঘটিত হব পাৰে তাকে বুজাবলৈ বিচৰা হৈছে।

      মোগলৰ সেনাপতি ৰামসিংহই আহোমৰ কটকী ৰামচৰণ আৰু নিমক লোভ লগাবলৈ ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে  কাঠৰ চৰাইৰ নাচ দেখি আচহুৱা চৰাইটোলৈ ঘনে ঘনে চাইছিল। ৰামচৰণ কটকীয়ে অসমীয়াক দেখুৱাবলৈ চৰাই এটি খুজিলে,ৰামসিংহই দুটা চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত, ৰামচৰণক লোৱা লগাই থলে।কাৰণ লাচিত বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন - - এই তিনি একে ধৰণেৰে বিষাক্ত। প্ৰলোভন, সৰ্প এবাৰ যুদ্ধ শিবিৰত সোমালে সৰ্ব্বনাশ সংঘটিত হব। মোগলৰ সেনাপতিয়ে আহোম শিবিৰত এই প্ৰলোভনৰ সৰ্প মেলিব বিচাৰিছিল যদিও লাচিত বৰফুকনৰ বিচক্ষণতাত বিফল হৈছিল।

( খ ) বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা - দহােটা মানুহক শিঙিয়ে বিন্ধে ।
উত্তৰঃ 'বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে'।
    উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞা ৰ দ্বাৰা ৰচিত 'যোগমীয়া শৰাইঘাট' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
  দেশৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হবই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে।
আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰন কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হবলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোতা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰ জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে।এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱটো স্বাভাৱিক। এনেদৰে সু বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আবশ্যক আছিল আৰু আগলৈকে আবশ্যক হব।

( গ ) সেয়ে শৰাইঘাট নাই , কিন্তু শৰাইঘাট আছে ।
উত্তৰঃ 'সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে'।
উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞা ৰ দ্বাৰা ৰচিত 'যোগমীয়া শৰাইঘাট' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
        এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হলে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আবশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যা বোৰ আছিল সামৰিক, এতিয়াৰ সমস্যা বোৰ হল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে। এক  শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যা বোৰৰ ভালদৰে সমাধান নহলে অসমৰ অস্তিত্ব লৈ টনাটনি হব। সু বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাবেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আবশ্যক আছিল আৰু আগলৈকে আবশ্যক হব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।

( ঘ ) " আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব ।
উত্তৰঃ 'আফুগুটি পঠিয়াইছে, পটাত পিহিলে পানী হব'।
 উক্ত বাক্যফাঁকী সূৰ্য কুমাৰ ভূঞা ৰ দ্বাৰা ৰচিত 'যোগমীয়া শৰাইঘাট' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
      মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল ও বালিৰ নিচিনা টান। অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে ৱীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল।

( ঙ ) এই সমস্যাবােৰৰ ভালৰূপে সমাধান নহ ' লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব ।
উত্তৰঃ উক্ত বাক্যফাঁকী 'যোগমীয়া শৰাইঘাট' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হল সূৰ্য কুমাৰ ভূঞা।
        বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকপ, ওচৰ চুবুৰীয়া, জাতিবৃন্দৰ  লগত লেন দেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু- প্ৰবৃত্তি দমনৰ আবশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰনৰ সমস্যা
চিৰকাল অসমৰ গাত লম্ভী আছে আৰু লম্ভি থাকিব, আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যা বোৰৰ ভালদৰে সমাধান নহলে অসমৰ অস্তিত্ব লৈ টনাটনি হব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথী সকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেম আমাক প্ৰতি মুহূৰ্তে আবশ্যক।

 খ — ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ ) 


জানাে আহা

 এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্রেণীৰ সমস্যা সমাধান হলে আন শ্রেণীৰ সমস্যাই মূৰ দাঙি উঠিব ।
. . . . . . . . . দেশৰ মঙ্গলৰ কার্যত সম্পূর্ণ আত্মবিলােপ . . . . . .
 সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্রতাৰে কাৰ্যপন্থা গ্রহণ আৰু সম্পাদন , এই দুই সমাৱেশ শৰাইঘাট ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল ।
 ওপৰৰ বাক্য তিনিটাত থকা ডাঙৰ হৰৰ পদকেইটাত ণ ( মূর্ধন্য ) আছে । এই পদকেইটাৰ বানান বা আখৰ জোঁটনি ( বর্ণবিন্যাস ) কৰিলে দেখা যায় যে এই ণ - বােৰৰ আগত  বর্ণ আছে । অৱশ্যে ধৰণ , ৰণ আৰু কাৰণ এই শব্দকেইটাত ৰ - টো একেবাৰে ওচৰত নিজৰূপত আছে । সম্পূর্ণ শব্দটোত ৰ - টো ( ফে ) আকাৰত ণ - অৰ লগত যুক্ত হৈছে আৰু শ্রেণী শব্দত ( ৰকাৰ ) ৰূপে আছে । ।
 তলৰ বাক্যত ব্যৱহাৰ হােৱা ভীষণ আৰু বিশ্লেষণ পদ দুটাৰ  ৰ আগত  আছে । । লাচিতৰ তেতিয়া ভীষণ জ্বৰ । ।
এই উক্তিয়ে হৈছে লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণ ।
ঋণ , তৃণ আদি শব্দৰণৰ আগত  বা  - কাৰ আছে । ।
 ইয়াৰ পৰা আমি ক ' ব পাৰোঁ যে - ঋ , ৰ আৰু য - ৰ পাছত থকা ন - বােৰ মূৰ্দ্ধন্য ণ হয় । কিন্ত নিৰূপণ , গ্রহণ , কৃপণ , ৰাৱণ , নাৰায়ণ , বৰষুণ আদি শব্দৰ ন মূর্ধন্য ণ তলৰ নিয়ম অনুসৰি হয় — ঋ , ৰ , য আৰু ৰ মাজত কোনাে স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনাে বর্ণ বা য , র , হ বা অনুস্বাৰ (ং ) থাকিলেও ন মূর্ধন্য হয় ।
 পিছে এই নিয়ম কেৱল সংস্কৃতমূলীয় শব্দৰ ক্ষেত্ৰতহে খাটে , অসমীয়া শব্দত নহয় । যেনে ৰইনা , বৰিয়নি , গেৰেকনি , বৰীয়ানী
আকৌ , এটা শব্দৰ শেষত ৰ আৰু দ্বিতীয় শব্দৰ আদিত ন থাকি দুয়ােটা শব্দ লগ লাগিলেও ণ মূর্ধন্য নহয় । যেনে নৰ + নাথ = নৰনাথ , হৰি + নাথ → হৰিনাথ , হৰি + নাৰায়ণ হৰিনাৰায়ণ , নৰ + নাৰায়ণ নৰনাৰায়ণ , ত্রি + নয়ন ত্রিনয়ন , হৰি + নাম → হৰিনাম , সর্ব + নাম = সর্বনাম ইত্যাদি । অসমীয়া স্ত্রী প্রত্যয়ৰ নীৰন মূর্ধন্য - ণ নহয় । যেনে - বৰানী , বৰুৱানী , কমানী , কুমাৰনী , গৰাকিনী ইত্যাদি । ,,


৭ | তলত দিয়া শব্দবােৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰ
 ( ক ) কিয় মূর্ধন্য ণ হৈছে
 ( খ ) কিয় মূর্ধন্য ণ নহ ' ল ।
 পৰিণাম , পৰিধান , পৰিমাণ , প্রণাম , প্রার্থনা , বিশে ননি , ফেৰেঙনি , ৰামায়ণ । 


উত্তৰ : ঋ, ৰ আৰু ষ- ৰ পাছত থকা দন্ত্য ন বোৰ মূৰ্ধন্য ণ হয়। আনহাতে ঋ, ৰ, ষ আৰু ন ৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা য, ৱ, হ থাকিলেই ন মূৰ্ধন্য হয়।

     এই ণত্ববিধিৰ নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষন, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ 'ন' মূৰ্ধন্য 'ণ' হৈছে।
উপৰোক্ত নিয়ম কেৱল সংস্কৃত মূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃত মূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানি আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্ধন্য 'ণ' নহল।


 ৮। তলৰ শব্দবােৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা । 

পৰীক্ষা

উজ্জল

নিশ্চয়

দেৱালয়

শিৰশ্ছেদ

দৈনিক

মুনীন্দ্ৰ

সঞ্চয়

হিমালয়

জগ্ননাথ

নৰেন্দ্ৰ

ইত্যাদি

উদ্ধাৰ

বিদ্যালয়

উচ্ছৃংখল

উল্লেখ

প্ৰত্যক

সম্ৰাট

ষড়ানন

আশাতীত

সংযম

নয়ন

উন্নতি

সতীশ

যথোচিত

মহাৰ্ঘ

মহাত্মা

দুনীৰ্তি

দুশ্চিন্তা

ৰামায়ন


উত্তৰঃ- 
পৰীক্ষ : পৰি + ঈক্ষা= স্বৰসন্ধি
দৈনিক : দিন + ঞিক= ব্যঞ্জনসন্ধি
নৰেন্দ্ৰ : নৰ +ইন্দ্ৰ= স্বৰসন্ধি
উল্লেখ : উৎ+ লেখ = ব্যঞ্জনসন্ধি
সংযম: সম্ + যম= ব্যঞ্জনসন্ধি
মহাৰ্ঘ: মহা + অৰ্ঘ= স্বৰসন্ধি
উজ্জ্বল : উৎ + জল= ব্যঞ্জনসন্ধি
মুনিন্দ্ৰ: মুনি + ইন্দ্ৰ= স্বৰসন্ধি
ইত্যাদি : ইতি + আদি= স্বৰসন্ধি
প্ৰত্যেক : প্ৰতি + এক= স্বৰসন্ধি
মহাত্মা : মহান+ আত্মা : স্বৰসন্ধি
নিশ্চয় : নিঃ+ চয় : বিসৰ্গসন্ধি
সঞ্চয় : সম্ - চয় : ব্যঞ্জনসন্ধি
নয়ন : নে : অন= স্বৰসন্ধি
উদ্ধাৰ : উৎ +ধাৰ = ব্যঞ্জনসন্ধি
সম্ৰাট :সম্ + ৰাট= ব্যঞ্জনসন্ধি
উন্নতি : উৎ +নতি= ব্যঞ্জনসন্ধি
দুৰ্নীতি : দুঃ+ নীতি= বিসৰ্গসন্ধি
দেৱালয় : দেৱা + আলয়=স্বৰসন্ধি
হিমালয় : হিম + আলয়=স্বৰসন্ধি
বিদ্যালয় : বিদ্যা + আলয়= স্বৰসন্ধি
ষড়ানন : ষট্ +আনন= স্বৰসন্ধি
সতীশ : সতী + ঈশ = স্বৰসন্ধি
দুশ্চিন্তা : দুঃ+ চিন্তা = বিসৰ্গসন্ধি
শিৰচ্ছেদ : শিৰঃ+ ছেদ=  বিসৰ্গ সন্ধি
জগন্নাথ : জগৎ+ নাথ = ব্যঞ্জন সন্ধি
উচ্ছৃংখল : উৎ + শৃংখল =  ব্যঞ্জন সন্ধি
আশাতীত : আশা + অতীত= স্বৰসন্ধি
যথোচিত : যথা + উচিত = স্বৰসন্ধি
ৰামায়ণ : ৰাম + অয়ন= স্বৰসন্ধি


৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।

উত্তৰ: বিশেষ্য ---- বিশেষন
যুগ - যুগমীয়া
অসম- অসমীয়া
মাতাল - মাতলামি
যোগান - যোগনীয়া
শৰাইঘাট - শৰাইঘটীয়া
ইতিহাস - ঐতিহাসিক
সমৰ - সামৰিক
অৰ্থনীতি - অৰ্থনৈতিক
ৰাজনীতি - ৰাজনৈতিক
সমাজ - সামাজিক          

(ক) বিশেষ্য - - - বিশেষন


গাঁও - গাঁৱলীয়া
নগৰ - নগৰীয়া
চহৰ - চহৰীয়া
পাহাৰ - পাহাৰীয়া
মিছা - মিছলীয়া
ঘৰ - ঘৰুৱা
ৰণ - ৰণুৱা
বন - বননি
খক - খকুৱা
পাম - পমুৱা


খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া।
বিশেষন - - - বিশেষ্য
সৰলতা - সৰল
নম্ৰতা - নম্ৰ
ভদ্ৰতা - ভদ্ৰ
সত্যতা - সত্য
মিত্ৰতা - মিত্ৰ
দুষ্টালি - দুষ্ট
টেঙৰালি- টেঙৰ
ধূৰ্তালি- ধূৰ্ত
ধিতিঙালি - ধিতিঙা
ভালৰি - ভাল

১০। তলত উল্লেখ কৰা সমস্যাৰাজি 'যুগমীয়া শৰাইঘাট' পাঠটোৰ সহায়ত চমুকৈ লিখা।
(ক) ৰাজনৈতিক
(খ) সামাজিক
(গ) অৰ্থনৈতিক 
(ঘ) ঐতিহাসিক 
(ঙ) প্ৰাকৃতিক

১১। পাঠটোত উল্লেখ থকা বা নথকা অসমৰ দৰ্যোগবোৰ প্ৰাকৃতিক আৰু কৃত্ৰিম- এই দুটা ভাগত বিভক্ত কৰা।লগতে সেইবোৰৰ কাৰণ উল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা।

১২। জাতীয় বীৰ লাচিত স্মৃতি ৰক্ষাৰ্থে চৰকাৰী আৰু বেচৰকাৰীভাৱে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা। ( স্মৃতি চিহ্ন, দিৱস উদযাপন, বঁটা প্ৰৱতন, ডাক-টিকট প্ৰচলন আদি।

(১৩) শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেইবিৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা। 

 উত্তৰ : শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হল - চিলাৰায় আৰু লাচিত বৰফুকনৰ।

১৪। 'বীৰ লাচিত' আৰু চিলাৰায়'ক লৈ ৰচনা কৰা নাট সংগ্ৰহ কৰি অভিনয় কৰিবলৈ যত্ন কৰা।

১৫। চমুটোকা লিখা।

ক) উত্তৰ : 'চিলাৰায় দিৱস' ৯ ফেব্ৰুৱাৰী ত পালন কৰা হয়।

খ) উত্তৰ : 'লাচিত দিৱস' ২৪ নৱেম্বৰত পালন কৰা হয়।

গ) উত্তৰ : 'চুকাফা দিৱস' ২ ডিচেম্বৰত পালন কৰা হয়।


১৬। ৰচনা লিখা।
(ক) অসমৰ প্ৰাকৃতিৰ দুৰ্যোগ
(খ) লাচিত বৰফুকন 
(গ) ৰাম সিংহ

১৭। চমুটোকা লিখা।

(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ : জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।

(খ) উত্তৰ: লাচিত বৰফুকন : লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুজিঁ লাচিতে মোগলক হৰুৱাই আহোম সকলক বিজয়ী কৰিছিল।

          এই যুদ্ধত ৱীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে।

গ) ৰামসিংহ : ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশক তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল।

Post a Comment

0 Comments