i

জুবিন গাৰ্গঃ এটা যুগ সৃষ্টি কৰিব পৰাকৈয়ে যি সক্ষম !

 


* অসমীয়া আধুনিক গীত আৰু চলচিত্ৰৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ গুৰুত্ব কি বা তেওঁৰ প্ৰাসংগিকতা কিমান; সেয়া সম্ভৱ অসমৰ মানুহক লেখাৰ জৰিয়তে পৃথককৈ নুবুজালেও হয়৷ স্বকীয় কণ্ঠ, সুৰ আৰু সংগীত-চলচিত্ৰ বিষয়ক কাম-কাজৰ লগতে অসম আৰু অসমীয়াৰ সুখ-দুখক বৌদ্ধিক নেতৃত্ব দি জুবিন গাৰ্গ ইতিমধ্যেই আমাৰ প্ৰত্যেকটো পৰিয়ালৰে সক্ৰিয় সদস্যৰ দৰেই হৈ পৰিছে৷ জুবিন গাৰ্গৰ কণ্ঠও অসমৰ লগতে ভাৰতবৰ্ষৰে নতুন প্ৰজন্মটোৰ দৈনন্দিন জীৱনৰ এটি অংশস্বৰূপ৷ সেইদৰে বৃহত্তৰ অসমীয়া জাতিৰ ‘হিয়াৰ আমঠু’ বুলি ক’লে কেইজনমান নিৰ্দিষ্ট ব্যক্তিৰ পাচতেই জুবিনৰ নামটোৱেই হয়তো সকলোৱেই আন্তৰিকতা আৰু গৰ্বেৰে ল’ব৷ জুবিন জীয়াই থাকোঁতেই নিজৰ স্বকীয় প্ৰতিভাৰে এটা সামাজিক অনুষ্ঠান হৈ পৰিল– এয়া ক’ব লাগে বাবে কোৱা কথা নহয়৷ সাম্প্ৰতিক সময়ত জুবিন গাৰ্গ ভাৰতবৰ্ষৰে জীৱন্ত কিংবদন্তি, এয়া ‘সূৰ্য’ৰ দৰেই সত্য আৰু বাস্তৱ৷ জ্যোতিপ্ৰসাদ-বিষ্ণুৰাভাৰ যুগৰ অসমীয়া গীতৰ সুৰ আৰু প্ৰকাশভংগীত যি পৰিৱৰ্তন আৰম্ভ হৈছিল, (জ্যোতিপ্ৰসাদৰ ‘শোণিত কুঁৱৰী’ নাটকৰ ‘গছে গছে পাতি দিলে’ গীতটোৰ জৰিয়তে আধুনিক অসমীয়া গানৰ শুভাৰম্ভ হৈছিল৷ উৎস- অসমীয়া আধুনিক গান, জন্মক্ৰন্দনৰ পৰা জাতীয় স্পন্দলৈ, লোকনাথ গোস্বামী, পৃষ্ঠা-৪১) তাত ৰং আৰু ৰূপ-লাৱণ্য যোগান ধৰিলে ভূপেন হাজৰিকা আৰু তেওঁৰ সমসাময়িকসকলে৷ অসমীয়া গীতৰ এই জয়যাত্ৰাক  পত্ৰপুষ্পে জনপ্ৰিয় আৰু ব্যাপক পৰিসৰলৈ প্ৰসাৰিত কৰিলে জুবিন গাৰ্গে৷  

গীতৰ মাজেৰেই সোণৰ অসম গঢ়িবলৈ শান্তি বিচৰা জুবিন গাৰ্গৰ গীতৰ কথা, প্ৰকাশভংগী আৰু শব্দ চয়নৰ যি দৃষ্টিভংগী; সেয়া আধুনিক অসমীয়া গীতৰ পূৰ্বৰ ধাৰাটোৰপৰা কিছু কিছু ক্ষেত্ৰত ফালৰি কাটি অহা৷ (একেটা ফালৰি কাটি আহিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষীৰাম বৰুৱা, সত্যনাথ বৰাৰ সমসাময়িকসকলৰপৰা৷ ‘গছে গছে পাতি দিলে’ বা ৰূপহ কোঁৱৰৰ চুমা পৰষতে’ দৰে গীত ৰচনা আৰু তাৰ সুৰ কৰি জ্যোতিপ্ৰসাদে যি পৰিৱৰ্তনৰ পাতনি মেলিছিল, সেই সময়ত জ্যোতিপ্ৰসাদো সমালোচনা আৰু ব্যঙ্গৰ সন্মুখীন হ’ব লগা হৈছিল৷ এই বিষয়ে তেওঁ ‘শোণিত কুঁৱৰী’ৰ পাতনিত সবিস্তাৰে লিখিছে৷ এজন সঙ্গীতজ্ঞই হেনো জ্যোতিপ্ৰসাদৰ সুৰ শুনি কৈছিল– ‘অ বাপা, ইয়ানো এটা গাননে’৷) মূলতঃ জুবিন গাৰ্গে অসমীয়া আধুনিক গীতত সমাজ সচেতনতাৰ গীত নিলিখি বজাৰমুখী আৰু ৰোমাণ্টিকধৰ্মী এটা ধাৰাৰ শুভাৰম্ভ ঘটালে৷ সামাজিক চেতনাৰ বিপৰীতে প্ৰেম সম্পৰ্কীয় চেতনাই জুবিনৰ গীতত অধিক গুৰুত্ব পালে৷ সমান্তৰালভাৱে আধুনিক অসমীয়া গীতত বিশ্ব মানদণ্ডৰ বাদ্যযন্ত্ৰ প্ৰয়োগৰ যি শুভ আৰম্ভণি; সেয়া জুবিন গাৰ্গৰ সময়ৰপৰাহে বিশেষ ৰূপত আৰম্ভ হয়৷ জ্যোতিপ্ৰসাদক যেনেকৈ আধুনিক অসমীয়া গানৰ প্ৰথম পৰ্বটোৰ বাটকটীয়া হিচাপে ধৰা হয়৷ জুবিন গাৰ্গ তেনেকৈ আধুনিক অসমীয়া গানৰ দ্বিতীয় পৰ্বটোৰ বাটকটীয়া বুলি ক’লে কাৰো দ্বিমত থাকিব নালাগে৷ এই দ্বিতীয় পৰ্ব বুলি যিটো ধাৰাৰ কথা উল্লেখ কৰা হৈছে, সেই ধাৰাটোৱে সমাজ নিৰ্মাণ কৰাতকৈ বিনোদন-মনোৰঞ্জন-ব্যৱসায়তহে অধিক গুৰুত্ব দিলে ।
 
আমাৰ এচাম লোকে জুবিন গাৰ্গৰ গীতিধৰ্মিতাক পূৰ্বৰ গীতিকাৰৰ সৈতে তুলাচনীত ৰাখি লৈ প্ৰায়ে প্ৰশ্ন কৰে৷ অৱশ্যে এই দ্বিতীয় ধাৰা বুলি যিটো ধাৰাৰ কথা ক’ব বিচাৰিছোঁ; তাত জিতুল সোণোৱাল, দিগন্ত ভাৰতী, মানস ৰবিন, ইবচন লাল বৰুৱা আদি সমসাময়িক গীতিকাৰসকলৰ কথাও নিশ্চিত ৰূপত আহিব৷ জুবিন গাৰ্গৰ একাংশ গীতৰ কথাংশক লৈ আমাৰ সমাজৰ কিছু সংখ্যক লোকে যি আপত্তি কৰে; বহু সময়ত এই অভিযোগৰো কিছু পৰিমাণে সত্যা-সত্য আছে৷ কিন্তু লেখাৰ পাতনিতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ জুবিনৰ গীতৰ কথা (Lyrics) বা প্ৰকাশশৈলী (Expression)ৰ পৰিৱৰ্তনৰ কথা আলোচনা কৰোঁতে আমি কিন্তু বিশ্ব সংগীতৰ ধাৰাবাহিকতা বা ভাৰতীয় সংগীতৰ ক্ৰমবিকাশ সম্পৰ্কেও মন কৰিব লাগিব৷ সেইদৰে সংগীতৰ যি বাণিজ্যিকীকৰণ, আধুনিক বাদ্যযন্ত্ৰৰ যি ৰূপত ব্যৱহাৰ–সেই দিশবোৰো আগত ৰাখিব লাগিব৷ পৰিৱৰ্তন সময়ৰ আহ্বান৷ এই পৰিৱৰ্তন অসমীয়া সংগীতলৈ অহাটোক আমি স্বীকাৰ কৰিবই লাগিব৷ আমাৰ মধ্যবৃত্ত মানসিকতা (Middle class Mentality)ৰ চূড়ান্ত গোড়ামীস্বৰূপ ‘আগৰ দৰে’ই সকলো বস্তু সকলো সময়তে একেৰূপত পাবলৈ বিচাৰি থকাৰ যি দৃষ্টিভংগী; জুবিন গাৰ্গে সেই দৃষ্টিভংগীক গীতৰ মাজেৰেই সম্পূৰ্ণ নসাৎ কৰিছে৷  

জুবিনৰ গীতৰ কথা, সুৰ বা সামগ্ৰিক শৈলীক একাংশই গ্ৰহণ কৰি ল’ব নোৱাৰাটো এটা প্ৰজন্ম সংঘাতো (Generation conflict)৷ এই প্ৰজন্ম সংঘাতে জুবিন গাৰ্গৰ সামগ্ৰিক চৰিত্ৰটোক বহুসময়ত মহাভাৰতৰ ‘কৰ্ণ’ চৰিত্ৰটোলৈ ৰূপান্তৰিত কৰিছে৷ আকৌ একাংশই কেৱল জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ আদৰ্শ গ্ৰহণ নকৰাটোতে জুবিন গাৰ্গৰ দোষ বুলি সমালোচনা কৰে৷ আদৰ্শ গ্ৰহণ কৰাতকৈ এটা নতুন আদৰ্শৰ সৃষ্টি কৰাটোতহে যে জুবিন গাৰ্গ নামৰ সত্ত্বাটোৰ একক গুৰুত্ব আছে; সেয়া আমি কিয় মানি ল’ব নোৱাৰোঁ! জুবিন গাৰ্গ অসমীয়া গীতৰ এটি নব্য ধাৰাৰ (এই ধাৰাটোক বাণিজ্যিক ধাৰা বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে ) প্ৰৱৰ্ত্তক৷ তেওঁক কাৰোবাৰ উত্তৰসূৰী হিচাপে পাবলৈ আশা কৰি থকাটো আমাৰ সীমাবদ্ধতাহে৷ 
গোলকীকৰণ আৰু বিশ্বায়নে সমগ্ৰ মানৱ সমাজলৈ যি পৰিৱৰ্তন আনি দিলে; অসমীয়া সংগীতো এই পৰিৱৰ্তনৰ ধামখুমীয়াত কিছু পৰিমাণে যে পৰিৱৰ্তিত হৈছে; সেয়া আমি স্বীকাৰ কৰি লোৱাৰ গত্যন্তৰ নাই৷  বহুক্ষেত্ৰত ইতিবাচক কথা এয়ে যে জুবিন গাৰ্গৰ গীত সদায় সময়ৰ সৈতে ধাৱমান হৈ থাকিব পৰা এখন খৰস্ৰোতা নদীৰ দৰে৷ স্থান-কাল পাত্ৰ অনুসৰি তেওঁৰ গীতৰ ভিন্নতা আৰু উপস্থাপনৰ বৈচিত্ৰও বেলেগ৷ ‘ৰূপান্তৰেহে জগত ধুনীয়া কৰে৷’– জুবিন গাৰ্গৰ সৃষ্টিশীলতাত এই কথাষাৰ এশ শতাংশই খাতে৷ জুবিন গাৰ্গৰ সামাজিক অৱদানৰ কথা আলোচনা কৰোঁতে আৰু এটি বিশেষ দিশ মন কৰিবলগীয়া হয়৷ তেওঁ হিন্দী গীতৰ সৈতে অসমীয়া গীতক প্ৰতিযোগিতাত অৱতীৰ্ণ কৰাইছিল৷ অসমীয়া গীতৰ মানদণ্ড ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে বলিউদৰ সমকক্ষ হিচাপে গঢ়ি তোলাৰ যি পৃষ্ঠভূমি ভূপেন হাজৰিকা আৰু তেওঁৰ সমসাময়িকসকলে এসময়ত কৰি থৈ গৈছে, জুবিন গাৰ্গো সেই পৃষ্ঠভূমি নিৰ্মাণৰ অন্যতম হোতা৷ সেইদৰে অসমীয়া গীতৰ সমান্তৰালভাৱে হিন্দী আৰু বাংলা সংগীতৰ জগতখনতো জুবিন গাৰ্গ বৰ্তমান সময়ত এজন নেতৃত্ববহনকাৰী কণ্ঠশিল্পী৷ সাম্প্ৰতিক সময়ৰ বাংলা চলচিত্ৰত জুবিন গাৰ্গৰ কণ্ঠ নহ’লে নচলাৰ দৰেই অৱস্থা হৈছে৷ বাংলা চলচিত্ৰত জুবিন গাৰ্গৰ যি দখল, যি ভূমিকা; সেয়া হয়তো অনাগত দিনত যে গৱেষণাৰ বিষয় হ’বগৈ, সেয়া নিশ্চিত৷
 কেৱল মানৱতা আৰু সমাজ সচেতনতাৰ কথা ক’লেহে যে আমি প্ৰতিটো সময়তে এজন ব্যক্তিক বৌদ্ধিকভাৱে সমাজ-সংস্কৃতিত স্থান দিম; মই সেই আদৰ্শৰ সম্পূৰ্ণ একমত নহয়৷ কিন্তু সমান্তৰালভাৱে এইটোও মন কৰিম যে– অসমীয়া সংগীতৰ পৰিৱৰ্তনৰ মাত্ৰাই অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ ভৱিষ্যত যাতে ঋণাত্মক বা নেতিবাচক দিশলৈ লৈ নাযায়৷ জুবিনৰ গানত সমাজ সচেতনতা বা মানৱতাৰ দিশটো তুলনামূলকভাৱে কম; কিন্তু তেওঁৰ গীত আৰু চলচিত্ৰৰ ক্ষেত্ৰখনত সামগ্ৰিক অৱদানে নিৰৱেই যে বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ বাবে এটি নিৰৱ বিপ্লৱৰ শুভাৰম্ভ কৰিলে; এটা ‘সাংস্কৃতিক উদ্যোগ’ (Cultural industry)ৰ সৃষ্টি কৰিলে, সেই কথাটো আমি অনুধাৱন কৰিব লাগিব৷

বিংশ শতিকাৰ শেষৰফালে সংগীতৰ জগতত বলিষ্ঠভাৱে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গ আছিল সেইজন গায়ক; যাৰ সমগ্ৰ সত্তাত কেৱল সুৰ আৰু সংগীতেই ভৰপূৰ ৰূপত আছিল৷ এটা প্ৰচলিত ধাৰা সলাই দিবপৰাকৈ তেওঁ সক্ষম আছিল৷ ‘ৰোমাণ্টিকতা’ তেওঁৰ গীতৰ মুখ্য বিষয় আছিল যদিও তেওঁৰ গীতত আছিল অসমপ্ৰেম, জীৱনবোধ, শাসকৰ বিপক্ষে প্ৰতিবাদ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্থিতি, জাতিৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধা, আধুনিক জীৱন নিৰ্বাহ আৰু গোলকীকৰণে কঢ়িয়াই অনা চিন্তা-চেতনা আৰু সহজ-সৰল গ্ৰাম্য জনজীৱনৰ প্ৰতিফলন৷ যাৰ বাবে তেওঁ  ‘সোণেৰে সজোৱা পঁজা জহি খহি যায়’ [মুক্তি, ১৯৯৭], ‘অন্ধ আকাশ ৰুদ্ধ বতাহ’ [মুক্তি, ১৯৯৭], ‘জগত পোহৰ কৰি নামিব প্লাৱন [শব্দ, ১৯৯৮], ‘শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম গঢ়িবলে’ [শিশু, ২০০২], ‘দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ’ [শিশু, ২০০২],  ‘অলপ শান্তি দিয়া’ [যন্ত্ৰ, ২০০৪] আদিৰ দৰে প্ৰগতিশীল আৰু প্ৰতিবাদী গীত লিখিছিল৷ পুৰুষ-নাৰীৰ প্ৰেম, প্ৰেমৰ পূৰ্ণতা, প্ৰেমৰ ব্যৰ্থতা, নিসংগতা, বিষাদবোধ আদি প্ৰতিটো বিষয়েই জুবিন গাৰ্গৰ গীতত প্ৰতিফলিত হৈছে৷ সেইদৰে শৈশৱ ৰোমণ্ঠন, জীৱৰ্নৰ পৰিপূৰ্ণতা, আশাবাদ, পৰম্পৰাৰ পৰিৱৰ্তন, ভৱিষ্যতৰ ওপৰত গভীৰ আস্থা আদি বিষয়বোৰো তেওঁৰ গীতত প্ৰতিফলিত হৈছে৷ ‘দূৰে দূৰে থাকিবা কিমান’ [মায়া, ১৯৯৪], ‘প্ৰীতিৰ সুৱাসে’ [১৯৯২], ‘পাখি পাখি এই মন’ [পাখি, ১৯৯৯] আদি গীতৰ মাজত যি অতীত স্মৰণ; ‘হাঁহিলে তুমি মুকুতা মনি সৰে [১৯৯২], ‘মায়াবিনী ৰাতিৰ বুকুত’ [দাগ, ২০০১], ‘বৰষা যেতিয়া নামে বুকুলে’ [ৰং, ১৯৯৫], ‘জ্বলি উঠা জুই হৈ’ [মেঘৰ বৰণ, ১৯৯৯], আনে যোৱা বাটে নোযোৱা ছোৱালীজনী [বৰষুণ, ২০০৬], ‘শালিকী পুৱাৰ ৰ’দালি দেখিলে’ [গানে কি আনে, ২০১৬], ‘মোৰ মনৰে কল্পনাত’ [মা, ২০১৯] আদি গীতৰ মাজত যি প্ৰেম সম্পৰ্কীয় দৃষ্টিভংগী; তাৰ মাজতে আমি তেওঁৰ ব্যক্তিসত্ত্বা আৰু আদৰ্শবোধ বিচাৰি পাওঁ৷ ‘কঁকাল খামুচীয়া গাল গুলপীয়া’ [জীৱন নদীৰ দুটি পাৰ, ২০০২] দৰে গীতৰ মাজত গ্ৰাম্য জনজীৱন; ‘আমি যেন যন্ত্ৰ’ [যন্ত্ৰ, ২০০৪]ৰ দৰে গীতৰ মাজত আধুনিক জীৱন প্ৰণালীয়ে কঢিয়াই অনা চিন্তা-চেতনা; ‘পোহৰৰে চাকি গচি আমি জ্বলামেই’ [তুমি মোৰ মাথো মোৰ, ২০০০] বুলি তেওঁ যি আশাবাদৰ প্ৰসংগ আনিছে; বা শেহতীয়াকৈ ‘পলিটিক্স নকৰিবা বন্ধু’ [২০২০]ৰ দৰে ব্যঙ্গাত্মক গীত লিখি শাসকৰ বিৰুদ্ধে যি প্ৰবল প্ৰতিবাদ কৰিছে, সেই আশাবাদ, প্ৰতিবাদৰ মাজতেই জুবিনৰ প্ৰগতিশীল মনটোৰো ওমান পোৱা যায়৷ সেইদৰে তেওঁ লিখা ‘মনৰ নিজানত’ [অনামিকা, ১৯৯২] ‘জোনাক গলা জাৰৰ নিশা’ [মায়া, ১৯৯৪],  এন্ধাৰ হ’ব নোৱাৰোঁ [জুবিনৰ গান, ১৯৯৬], ‘দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাৰ’ [২০০২], ‘কাৰ পৰশ’ [শিশু, ২০০২], ‘আমি যেন যন্ত্ৰ’ [যন্ত্ৰ, ২০০৪], ‘এই মায়া ধৰাত দুদিন মাথোঁ’ [যন্ত্ৰ, ২০০৪], ‘মুখা মুখা কিয় পিন্ধা এই মুখা’ [মুখা, ২০০৬] আদি গীতৰ মাজত গভীৰ দৰ্শন আৰু জীৱনবোধ প্ৰকাশ পাইছে৷

সেইদৰে জুবিন গাৰ্গে নিজে ৰচনা কৰা আৰু সুৰ কৰা গীতবোৰৰ উপৰিও তেওঁৰ দৰদী কণ্ঠত প্ৰাণ পায় উঠিছিল দিগন্ত ভাৰতীৰ দৰে জনপ্ৰিয় গীতিকাৰৰ গীতৰ কথাংশই৷ পৰৱৰ্তী সময়ত হীৰেন ভট্টাচাৰ্য, মানস ৰবিন, ইবচন লাল বৰুৱা, দিগন্ত কলিতা, প্ৰশান্ত বৰদলৈ, কৈলাস নাথ শৰ্মা আদিকে মুখ্য কৰি আৰু অন্যান্য বহুকেইজন গীতিকাৰে জুবিনৰ সংগীত যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ সেইদৰে তেওঁ কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ন, মহালক্ষ্মী আয়াৰ, চান, শ্ৰেয়া ঘোষালৰ দৰে বলিউদৰ সংগীত শিল্পীক অসমীয়া গীতত কণ্ঠদান কৰোৱাইছিল৷ ‘মাতে পকা ধানে ৰিঙিয়াই’ [২০০৩]ৰ দৰে বনগীতৰ একক শ্ৰব্য কেছেট; ‘ৰুনজুন’ [২০১২]ৰ দৰে গীতিকাৰ কৈলাস নাথ শৰ্মাই লিখা ৮ টা গীতৰ একক সংকলন, লোকগীতৰ শ্ৰব্য কেছেট যেনে–  কামৰূপী লোকগীত- চুটি শালিকী, ফুলেশ্বৰী; টোকাৰী গীতৰ কেছেট– ‘ৰত্নাকৰ’, ‘বান্ধৈ’; হৰিনামৰ কেছেট– ‘শিৰোমণি’ আদি কামবোৰো জুবিন গাৰ্গে কৰিছিল৷ এই কামবোৰত বিনোদন আৰু ব্যৱসায়িক দিশটোৰ লগতে পৰোক্ষভাৱে জুবিনৰ অসম প্ৰীতি আৰু অসমৰ ঐতিহ্যৰ উপৰত থকা আস্থাৰ দিশটোও প্ৰকাশ পাইছে ।

জুবিন গাৰ্গে গীতিকাৰ(Lyricist), সুৰকাৰ(Composer) বা সংগীত পৰিচালক (Music Director) হিচাপে যিমান কাম কৰিছে, তাটোতকৈ বেছি আনে লিখা আৰু সুৰ কৰা গীতত কণ্ঠ দিছে৷ এই কথাটোৱে বহু সময়ত জুবিন গাৰ্গৰ সংগীত জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱো পেলাইছে৷ কাৰণ জুবিনে বহু সংখ্যক গীতিকাৰে লিখা গীতত  কণ্ঠদান কৰিছে; কিন্তু ৰাইজে সেইবোৰৰ গীতিকাৰ জুবিন গাৰ্গ বুলিয়েই ভাৱে ৷ (আজিও অসমত গীতিকাৰক পৃথককৈ চোৱা নহয় বা সন্মানো দিয়া নহয়৷ বহু সংখ্যকে গীত এটা কোনে লিখিছে, সেয়া বিচাৰ নকৰি কণ্ঠশিল্পীজনকে গীতটোৰ ৰচক বুলি ভাবি লয়) জুবিন গাৰ্গৰ গীতি সাহিত্যৰ মূল্য সম্পৰ্কে ক’ব বিচৰাসকলৰো প্ৰায়ভাগৰে এই সমস্যাটো আছে৷ সমান্তৰালভাৱে জুবিন গাৰ্গে অসমৰ বিহুগীত, বনগীত, হৰিনাম, টোকাৰী নামৰ ক্ষেত্ৰখনলৈ এক অভাৱনীয় পৰিৱৰ্তন আনিলে৷ তেওঁ অসমীয়া গীতৰ এই বিধাবোৰতো প্ৰতিনিধিত্বকাৰী সংগীতশিল্পী হিচাপেই কাম কৰিছে৷ তেওঁৰ কণ্ঠতহে মানুহে এইবোৰ গীত শুনি ভাল পায়৷ বিংশ শতিকাৰ শেষৰফালৰ পৰাই  অসমীয়া বিহুগীত, বিহুসুৰীয়া গীত আদিও জুবিন গাৰ্গৰ কণ্ঠত অসমৰ ইমূৰৰপৰা সিমূৰলৈ যি ব্যাপক প্ৰচলন আৰু জনপ্ৰিয় হৈ পৰিছিল; তাৰ প্ৰভাৱ আজিও সেই একেই আছে৷ বৰঞ্চ বাঢ়িছেহে৷

জিতুল সোণোৱাল, দিগন্ত ভাৰতী, মানস ৰবিন বা জুবিন গাৰ্গৰ সমসাময়িকসকলে অসমীয়া গীতি সাহিত্যৰ দিশটোলৈ এটি অভাৱনীয় পৰিৱৰ্তন আনি দিলে৷ সেয়া হ’ল– গৰিষ্ঠ সংখ্যক গীতৰ কথাংশত শব্দ চয়নৰ যি অভিধা-লক্ষণা-ব্যঞ্জনা, প্ৰতীক, চিত্ৰকল্প, ৰূপকৰ প্ৰয়োগ, প্ৰতীকাত্মকভাৱে মনৰ ধাৰণা প্ৰকাশ কৰা শিল্পৰ যি প্ৰধান বৈশিষ্ট্য; সেয়া বহু সময়ত পুৰণি ধাৰাটোক অৱজ্ঞা কৰি পোনপটীয়াকৈয়ে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ল’লে৷ চিন্তা আৰু অনুভৱৰ এই পোনপটীয়া প্ৰকাশে বহু সময়ত অন্যান্য গীতিকাৰৰ দৰে জুবিন গাৰ্গৰ গীতৰ কথাংশৰ স্থায়ীত্ব আৰু প্ৰভাৱশালীতাত প্ৰশ্নবোধকৰ সৃষ্টি নকৰাকৈ থকা নাই৷ শিল্পৰ যি সৌন্দৰ্যবোধ, সেয়া কলাত্মকভাৱে বৰ্ণনা কৰাতহে লেখক বা এজন গীতিকাৰৰ সফলতা নিৰ্ভৰ কৰে৷ কিন্তু এইটোও সত্য– কেৱল সাহিত্যিক দৃষ্টিভংগীৰে লক্ষ্য নকৰি যদি আমি সমকালীন সমাজ, শ্ৰোতাৰ মনস্তত্ব বা জনপ্ৰিয়তাৰ দিশেৰে লক্ষ্য কৰোঁ; তেন্তে এইসকল গীতিকাৰৰ গীতবোৰ নতুন প্ৰজন্মৰ মাজলৈ যোৱাৰ পৰিসৰটো তুলনামূলকভাৱে ইতিবাচকহে৷ দ্বিতীয়তে জুবিন গাৰ্গৰ সংগীতৰ উত্থানেই সমাজমুখী নহয়, জনমুখীহে৷  

যুগ পৰিৱৰ্তন আৰু শ্ৰোতাৰ বিনোদনৰ বিষয়টোও জুবিন গাৰ্গৰ গীতৰ লগত জড়িত৷ জুবিন গাৰ্গৰ গীতত বাদ্যযন্ত্ৰয়ো এটি বিশেষ ভূমিকা পালন কৰে৷ তেওঁ প্ৰাচ্য-পাশ্চাত্য উভয়ৰে বাদ্যযন্ত্ৰসমূহ গীতত সঠিক ব্যৱহাৰ কৰিছে৷ সেয়েহে তেওঁৰ গীতৰ সুৰ, তাল, লহৰ আদিত কেৱল অসমীয়া গোন্ধ থকাৰ বিপৰীতে ভাৰতীয় আৰু প্ৰাশ্চাত্য সংগীতৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷
অন্য এটা প্ৰসংগলৈ আহিছোঁ– গীতি সাহিত্যৰ তাত্বিক দৃষ্টিভংগীৰে আমি যে জুবিন গাৰ্গক সমালোচনা কৰোঁ; আমাৰ বৌদ্ধিক সমাজখনে সাহিত্য-সংগীতৰ ক্ষেত্ৰখনত জুবিন গাৰ্গৰ সামগ্ৰিক সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ন কৰি উপযুক্ত স্থানত ৰাখিব পাৰিলোঁনে! জুবিন গাৰ্গৰ গীতৰ বৌদ্ধিক সমালোচনা অসমীয়া সাহিত্যত আজিৰ তাৰিখলৈকে কিমান হৈছে! কিমানে জুবিন গাৰ্গৰ গীতিধৰ্মিতাৰ বিষয়ে সমালোচনা কৰিছে! কেইজন সমালোচকে তেওঁৰ কণ্ঠ, সুৰ-তাল-লহৰৰ প্ৰাণ-প্ৰাচুৰ্যতাৰ বিজ্ঞানসন্মত সমালোচনা কৰিছে! বলিউদৰো শ্ৰেষ্ঠসংগীত শিল্পীৰ  পুৰস্কাৰ আজুৰি অনা জুবিন গাৰ্গৰ গীত আৰু কণ্ঠত কি আছে, কি নাই– তাৰ সমালোচনা কৰি কেইজনে তেওঁক পথ দেখুৱাই দিছে!
অসমৰ নৱ-প্ৰজন্মক হিন্দী বলয়ৰ গীতৰ মাজত মন-মানসিকতা সপিবলৈ নিদি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক-সংগীতৰপৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ নিজস্ব সুৰ, তীল আৰু লয়ত গীত শুনাবলৈ যদি কোনো এজন গায়ক এককভাৱে সফল হৈছে, তেন্তে সেইজন হ’ল- জুবিন গাৰ্গ৷ তেওঁ অসমৰ বিভিন্ন স্থানীয় ভাষাত গান গাইছে৷ ‘অনামিকা’ [১৯৯২]ৰ পৰা সাম্প্ৰতিক ‘চিলা’[২০২০]লৈকে একেটা গতিৰে, একেই উত্থানেৰে জুবিন গাৰ্গে যি দৃঢ়তাৰে আৰু বলিষ্ঠভাৱে অসমৰ সংগীত জগতক জীপাল কৰি ৰাখিছে; ইয়াৰ প্ৰভাৱ সংগীতৰ ক্ষেত্ৰখনত আজীৱন সোণালী আখৰেৰে জিলিকি থাকিব৷ জুবিন গাৰ্গৰ কণ্ঠৰ যি মায়াজাল; সুৰ আৰু তাল পক্ষেপনৰ যি চমৎকাৰিত্ব; সেয়া হয়তো সাম্প্ৰতিক সময়ছোৱাৰ কথাটো নকওঁৱেই; ভৱিষ্যতেও যে অসমত কোনোবা এজন ওলাব, সেয়াচোন ভাবিবলৈকে ভয় লাগে! গায়ক অনাগত দিনত অনেক ওলাব৷ গীতিকাৰ, সুৰকাৰো ওলাব ৷ কিন্তু জুবিন গাৰ্গ প্ৰকৃততেই ‘ষ্টাৰ’ নহৈ এটা ‘সূৰ্য’ হৈ অসমৰ আকাশে-বতাহে চিৰদিন জিলিকি থাকিব৷ তাত তিলমানো সন্দেহ নাই৷

আধুনিক অসমীয়া গীতৰ এজন প্ৰতিনিধিত্বকাৰী সংগীতশিল্পী জুবিন গাৰ্গে গীতৰ সুৰ আৰু প্ৰকাশভংগীলৈ যি নতুনত্ব আৰু অভিনৱত্ব কঢ়িয়াই আনিবলৈ সক্ষম হ’ল; সেয়া অসমীয়া সংগীতৰ বাবে এটি অভাৱনীয় ঘটনা আছিল৷ অৱশ্যে এই ধাৰাটো জিতুল সোণোৱালৰ গীতত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত জিতুল সোণোৱালে এই ধাৰাটো অব্যাহত ৰাখিব নোৱাৰিলে৷ (লোকনাথ গোস্বামীয়ে এই প্ৰসংগত কৈছে– কেছেটৰ মাধ্যমেদি ন-পুৰণি বহু শিল্পী মুকলিকৈ ওলাই আহে যদিও তাৰ মাজত বিশেষভাৱে উজলি উঠে এগৰাকী যুৱশিল্পী জিতুল সোণোৱাল৷ উজনিৰ পৰা আহি গুৱাহাটী মহানগৰীত থিতাপি লৈ খুব কম সময়ৰ ভিতৰতে নিজৰ সাৱলীল কণ্ঠ, গায়কী আৰু নতুনধৰ্মী ৰচনাৰে ৰাইজৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সাংঘাটিকভাৱে জনপ্ৰিয় হৈ পৰে৷ কিন্তু অসমীয়া আধুনিক গানৰ চহকী প্ৰৱাহৰ মাজত সৃষ্টিৰ বহু সীমাবদ্ধতাৰ কাৰণে জিতুলৰ গানৰ চমকে দীৰ্ঘদীনীয়া স্থায়ীত্ব নাপালে৷ ) কিন্তু জিতুল সোণোৱালে আৰম্ভ কৰা সেই ধাৰাটোতেই জুবিন গাৰ্গে গীত ৰচনা কৰি ‘অনামিকা’ শ্ৰব্য কেছেটৰ দ্বাৰা অসমৰ আকাশ-বতাহে নতুন এটি যুগৰ শুভাৰম্ভ ঘটালে৷ তেওঁৰ কণ্ঠ অসমীয়া গীতৰ বাণিজ্যিক ধাৰাটোৰ বাবে সোণত সুৱগা চৰোৱা হৈ পৰিল৷ আজি অসমত গায়ক অজস্ৰজন হৈছে৷ কিন্তু সুৰ, কণ্ঠ, গীতৰ প্ৰকাশভংগী, গায়কী, হামিং আদি ক্ষেত্ৰসমূহত সেই যেন জুবিনৰ শৈলীটোৰে প্ৰতিধ্বনি৷ অৱশ্যে সুৰ আৰু তাল সৃষ্টিৰ ক্ষেত্ৰত জুবিন গাৰ্গে অসমীয়া সংগীতত যি একক প্ৰতিষ্ঠা লাভ কৰিলে; গীত ৰচনাৰ ক্ষেত্ৰত কিন্তু সেই ধাৰাবাহিকতাৰ বিকাশ দেখা পোৱা নগ’ল৷ তেওঁ শেহতীয়াকৈ যিখিনি গান লিখিছে, তাৰ বেছিভাগতেই পূৰ্বৰ সেই ৰূপ, লাৱণ্য, সজীৱতা নাই৷ গীত লিখাৰ পৰিমাণো পূৰ্বত তুলনাত বহু পৰিমাণে কমি গ’ল৷

সি যি কি নহওঁক– জুবিনৰ গায়কশৈলী আৰু কণ্ঠক ‘টু’ বুলি প্ৰশ্ন কৰিব নোৱাৰা অসমৰ যিকোনো মানুহেই আজিৰ তাৰিখত জুবিনৰ গীতি সাহিত্যৰ বিষয়টোক লৈ প্ৰশ্ন কৰিব পাৰে! আজিৰ তাৰিখত জুবিনৰ গৰিষ্ঠসংখ্যক গানৰ মুখ্য বিষয় যেন কেৱল ‘প্ৰেম’৷ ইয়াৰ উপৰিও অসমৰ সমাজ জীৱন সম্পৰ্কীয় বিষয়বোৰ জুবিনৰ গীতত তুলনামূলকভাৱে কমি আহিছে বুলিও আক্ষেপ শুনা যায়৷

অসমৰ গীতি সাহিত্যৰ ক্ষেত্ৰখনত বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতিপ্ৰসাদ বৰুৱা, ৰুদ্ৰ বৰুৱা, নৱকান্ত বৰুৱা, ভূপেন হাজৰিকাৰ দৰে ব্যক্তিক যেনেদৰে স্থান দিয়ে, জুবিনকো মানুহে সেই ৰূপতেই চাবলৈ বিচাৰে৷ জুবিনক আমি কেৱল ‘নৱ-প্ৰজন্মৰ’ ‘হাৰ্থ থ্ৰব্‌’ হোৱাটোৱেই নিবিচাৰোঁ, জুবিন হওঁক অসমৰ আবাল-বৃদ্ধ-বনিতাৰ প্ৰাণৰ স্পন্দন৷ জুবিন জনমুখী আৰু বানিজ্যিকধৰ্মী হোৱাৰ সমান্তৰালভাৱে সমাজমুখী হোৱাটোও মনে-প্ৰাণে কামনা কৰোঁ৷ জাতিৰ সন্ধিক্ষণত আমি ‘জুবিনৰ গান’ সাহস হৈ থকাটো বিচাৰো৷ যেনেদৰে ভূপেন হাজৰিকা যুগে যুগে আমাৰ মাজত তেওঁৰ গীতৰ কথাৰ মাজেৰেই জীয়াই থাকিব৷ পিছে আমি আশাহে কৰিব পাৰোঁ৷ নিৰ্দেশনা কেনেকৈ দিম বা দিয়াৰ যুক্তিযুক্ততা ক’ত! তেওঁৰ ‘অনামিকা’ শ্ৰব্য কেছেটৰ বকলাতেই স্পষ্টকৈ ‘ৰোমাণ্টিকগীতৰ কেছেট’ বুলি উল্লেখ আছে৷ গতিকে ৰোমাণ্টিকতাই যে জুবিনৰ গীতৰ মূল লক্ষ্য সেয়া আমি স্বীকাৰ কৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই৷ আমিও অনুভৱ কৰোঁ– শেহতীয়াকৈ অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ জুবিন গাৰ্গৰ যি অৱদান, তাত জাতিটোৱে দম্ভ কৰিব পৰাকৈ গীতি সাহিত্যৰ পৰিমাণ তেনেই কম৷ তেওঁৰ গীত সমাজমুখী হোৱাটো বিচাৰোঁ, কিন্তু বানিজ্যিক দিশটোত গুৰুত্ব দিবলৈ হ’লে তেওঁ কেৱল অসম আৰু অসমীয়া বুলি চিঞৰিলেই  জুবিন গাৰ্গ সফল হ’বনে, সেয়াও বিচাৰ্যৰ বিষয়!
বিশ্বায়ন, গোলকীকৰণ, মানুহৰ জীৱন ধাৰণৰ প্ৰণালীৰ ক্ষিপ্ৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰকে জুবিন গাৰ্গৰ সামগ্ৰিক চেতনালৈ হয়তো সমকালীন অসমীয়া সংগীতৰ ধাৰাতকৈ কিছু পৰিৱৰ্তন ক্ষিপ্ৰভাৱেই আনি দিছে৷ কিন্তু জুবিন গাৰ্গে এইটো পাহৰিলে নহ’ব তেওঁক আদৰ্শ বুলি ভাবি অসমৰ লাখ-লাখ যুৱক-যুৱতী তেওঁৰ পথেৰেই খোজ দিবলৈ ৰৈ আছে৷ আজি জুবিন গাৰ্গে ইচ্চা কৰিলে এটা মাত্ৰ ‘ফেচবুক পোষ্ট’ৰ দ্বাৰাই অসমৰ বহু বিষয়লৈ বিপ্লৱ আৰু পৰিৱৰ্তন আনি দিব পাৰে৷ অসমীয়া সংস্কৃতিৰ নতুন ৰূপ এটা ইচ্ছা কৰিলেই জাপি দিব পাৰে৷ সেই সাহস আৰু প্ৰভাৱ জুবিন গাৰ্গৰ আছে৷ গতিকে জুবিন গাৰ্গৰ সামাজিক দায়বদ্ধতা অন্যান্য গায়ক-গীতিকাৰতকৈ অনেক দিশত বেছি৷ জুবিন এটি সামগ্ৰিক অৰ্থত ‘অসম’ হৈ পৰিছে৷ গতিকে ৰাজ্যখনৰ সাংস্কৃতিক পৰিমণ্ডলটোৱে কোন দিশলৈ গতি কৰিব তাৰ গতিবিধি জুবিন গাৰ্গৰ দায়বদ্ধতাৰ ওপৰতে সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰিছে৷ জুবিন গাৰ্গ বুলিলেই আমাৰ বুকুত যি সাহস এতিয়া আছে, সেয়া যেন যুগে যুগে একে ৰূপতেই বৰ্তি থাকে৷ অন্যান্য পাবত গজা গায়কৰ দৰে জুবিন গাৰ্গক আমি কোনো দিনে কেৱল ‘কণ্ঠশিল্পী’ ৰূপতে বিচৰা নাই আৰু নিবিচাৰো৷ কণ্ঠত তেওঁ যেনেদৰে অদ্বিতীয়, গীতৰ কথা আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰখনতো আমি তেওঁক সেই অদ্বিতীয় ৰূপতেই বিচাৰোঁ৷  ভূপেন হাজৰিকাৰ পৰৱৰ্তী অসমীয়া সংগীত জগতখনৰ গুৰুভাৰ জুবিনে কান্ধপাতি লোৱাটো বিচাৰোঁ৷ সেই দায়িত্ব জুবিনক অসমৰ ৰাইজে নিজে জাপি দিছে; তেওঁৰ ওপৰত ভৰষা কৰিছে৷ গতিকে তেওঁৰ দায়বদ্ধতা আন দহজনতকৈ সতগুণে বেছি৷ জুবিনৰ গীতত সাহিত্যিক মৰ্যাদা কমি অহা মানে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈকে ভয়াবহ বিপদ নামি অহা৷ কেতিয়াবা জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত থাকক বা নাথাকক; তেওঁৰ নামটো শুনিলেই যাতে প্ৰজন্মৰ পাচত প্ৰজন্মই বুকু ডাঠ কৰি গৰ্ব কৰি থাকিব পাৰে; আমি সেই আশাহে অধিকৰূপত কৰোঁ৷

অন্য এটি বিষয় আলোচনাৰ মাজলৈ আনিব বিচাৰিছোঁ– শেহতীয়াকৈ জুবিন গাৰ্গৰ সামগ্ৰিক কাম-কাজত একাংশ অসাধু আৰু স্বাৰ্থসিদ্ধিৰ তাড়নাত ব্যস্ত মানুহে দখল কৰিছে বুলি অনুভৱ হয়৷ জুবিন গাৰ্গৰ সৃষ্টিশীলতাকো যেন একাংশই নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিছে৷অসংখ্য ফেন-ফ’লৱাৰে অনবৰতে আগুৰি ধৰি জনা-নজনাকৈয়ে এই মানুহজনক এটা বেলেগ জীৱন দিবলৈ যত্ন কৰিছে৷ চ’চিয়েল মিডিয়াত এই বিষয়টোৰ সৰ্বাধিক চৰ্চা হৈছে৷ এই ৰূপত থাকিলে অসমৰ বুকুৰ আমঠু মানুহজনৰ সাংস্কৃতিক দিশটোৰ ভৱিষ্যত কি হ’বগৈ; তাক লৈ প্ৰায়ে চিন্তিত হওঁ৷ আশা কৰোঁ– তেওঁৰ যি বিশাল প্ৰতিভা; ‘সূৰ্য’ হৈয়ো সাধাৰণভাৱে থাকিব পৰা যি জীৱনবোধ, সেয়া যেন তেওঁৰ শুভাকাংক্ষীসকলেও নিৰৱে থাকি অনুভৱ কৰিব পাৰে৷

অসমৰ সাহিত্য সমালোচক বা বৌদ্ধিক সমাজখনে আজি পৰ্যন্ত জুবিন গাৰ্গৰ সামগ্ৰিকতা সামৰি ছপা মাধ্যমত যি ধৰণৰ ইতিবাচক সমালোচনা কৰিব লাগিছিল; সেয়া কৰা নাই বুলি পূৰ্বতেও কৈ আহিছোঁ৷ টেলিভিছন আৰু নব্য মাধ্যমতহে যেন জুবিন গাৰ্গৰ গুৰুত্ব আছে৷ ‘জুবিন’ মানেই যেন ‘টেলিভিছন’ৰ টিআৰপি৷ জুবিন মানেই যেন ফাংচনৰ ‘হৈ-হাল্লা’ ৷ জুবিনৰ মন্তব্য এটাই যেন চ’চিয়েল মিডিয়াৰ বিতৰ্কৰ অজুহাত৷ কিন্তু এটা জাতিৰ বুকুৰ ধিপ্‌ধিপনি যে জুবিন নামৰ সত্ত্বাটোৱে অকলে বহন কৰি আছে, আৰু অনাগত দিনতো থাকিব লাগিব; সেয়া আমাৰ এই সচেতন বা বহু পৰিমাণে অসচেতন সমাজখনে বুজিব কেতিয়া! জুবিনক কোনোবাই সমালোচনা কৰিব পাৰে৷ তেওঁৰ কেতবোৰ কৰ্ম-কাৰ্যক সমৰ্থন নকৰিব পাৰে– এয়া অস্বাভাৱিক নহয়৷ কিন্তু জুবিনক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷

পৰিশেষত কওঁ এই লেখাটিৰ জৰিয়তে জুবিন গাৰ্গৰ বিশাল প্ৰতিভাৰাজিৰ বিষয়ে কেৱল এটা সংক্ষিপ্ত আভাষহে দিব বিচৰা হৈছে৷ তেওঁৰ বিষয়ে লিখিবলৈ আৰু তেওঁ লিখা গীতৰ সমালোচনা কৰিবলৈ হাজাৰ হাজাৰ বিষয় এতিয়াও বাকী আছে৷ লেখাটোত তেওঁৰ বিষয়ে যি সমালোচনা কৰা হৈছে সেয়াও ইতিবাচক সমালোচনাহে৷ জুবিন গাৰ্গক পৰামৰ্শ বা তেওঁৰ কৰ্মপদ্ধতি নিৰ্ণয় কৰি দিয়াৰ তিলমাত্ৰ ধৃষ্টতাও এই লেখাত কৰা হোৱা নাই৷ কিন্তু আমাৰ বুকুৰ আপোন মানুহজনক যেন আমি কেতবোৰ অবাঞ্চিত কাৰণত হেৰুৱাবলগীয়া নহয়৷ তেওঁৰ যি বিশাল প্ৰতিভা, অসমীয়া জাতিৰ বাবে তেওঁৰ যি অকুণ্ঠ স্বদেশপ্ৰীতি; সেয়া যেন গছৰ কেৱল আগ অংশ নহৈ পুৰঠ মঙহাল গুড়িৰ দৰেই সবল আৰু বলিষ্ঠ হয়– তাৰ বাবেহে অনুৰাগী হিচাপে আমাৰ এই চিন্তাৰ পাতনি ।

Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top