i

Covid-19 আৰু অসমৰ সমাজ-সাহিত্য সংস্কৃতিত ইয়াৰ প্ৰভাৱঃ বৰ্তমান আৰু ভৱিষ্যত

                                          

★ অৱতৰণিকাঃ

শেহতীয়াকৈ চীনদেশৰ ৱ’হান প্ৰদেশৰপৰাৰ উদ্ভৱ হোৱা Covid-19 মহামাৰী (Epidemic) ৰোগে সমগ্ৰ বিশ্বৰ মানৱ প্ৰজাতিলৈ ভয়াবহ¸ জটিল পৰিস্থিতি আৰু সংকট কঢ়িয়াই আনিছে৷ ‘মানৱ সুৰক্ষা’ (Humen Security)ৰ বিষয়টোৱে সমগ্ৰ বিশ্বত এতিয়া চৰ্চা লাভ কৰিছে৷ সমগ্ৰ বিশ্বত ৰোগ সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু ইয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰখনলৈ নতুন প্ৰত্যাহ্বান আহিছে৷ সামৰিক শক্তিতকৈ যে স্বাস্থ্যখণ্ড (Helth Sector)ৰ উন্নয়নেহে দেশৰ বা ৰাষ্ট্ৰ এখনৰ সমূদায় নাগৰিকক প্ৰথমে সুৰক্ষা দিব পাৰে; সেই কথা Corona পেনাডেমিকে মানৱ সভ্যতাক শিকাই দিছে৷ মূলতঃ জৈৱিক দুৰ্যোগ হিচাপে এই ৰোগে সমগ্ৰ বিশ্বৰ সামাজিক-সাংস্কৃতিক-অৰ্থনৈতিক পৰিকাঠামোত মোক্ষম আঘাত হানিছে৷  পূৰ্বৰ বিশ্ব মহামাৰী স্বৰূপে স্বীকৃত বসন্তৰোগ, পলিঅ’, প্লেগ, স্পেনিছ ফ্লু আদিৰ পাছত Corona মহামাৰীৰ সামগ্ৰিক পৰিৱেশেই নিজস্বভাৱে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি, ৰাজনীতি আৰু স্বাস্থ্যখণ্ডত দীৰ্ঘ সময়ৰ বাবে মহাসংকটৰ সৃষ্টি কৰিছে৷ বিশ্বৰ প্ৰায় ১৯৫ ৰো অধিক জনসাধাৰণক একে সময়তে প্ৰভাৱিত কৰা SARS-CoV-2 বা চমুকৈ Corona ভাইৰাছে বিশ্বৰ উন্নত পুঁজিপতি(Capitilist) দেশবোৰৰো বিজ্ঞান, শিক্ষা, প্ৰযুক্তিৰ সামগ্ৰিক অৱদান আৰু আৱিষ্কাৰৰ সন্মুখত প্ৰশ্নবোধক চিন লগাই দিছে৷ সমগ্ৰ বিশ্বৰ ১৯৫ খন দেশৰ ভিতৰত ৮৪ খন দেশ তলাবন্ধ (Lockdown)ত থাকিব লগা হৈছে৷

মানৱ সভ্যতাত একে সময়তে ইমানবোৰ দেশ ‘লকডাউন’(Lockdown) ত থাকিবলগীয়া হোৱা ঘটনা এয়াই প্ৰথম৷ এই ভয়াবহ পৰিস্থিতিত প্ৰতিখন ৰাষ্ট্ৰই অৰ্থনৈতিক মন্দাৱস্থাৰ ফালে গতি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় যোগাযোগ, আমদানি-ৰপ্তানি বন্ধ হৈ পৰিছে৷ শ্ৰমিক আৰু কৃষক শ্ৰেণীৰ লগতে জীৱিকাৰ সৈতে জড়িত প্ৰতিটো চৰকাৰী,  বেচৰকাৰী খণ্ডলৈ ভয়াবহ বিপদ নামি আহিছে৷ এনে পৰিপ্ৰেক্ষিত্ৰত ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাজ্য আৰু অসমৰ দৰে উন্নয়নশীল ৰাজ্য এখনৰ ভৱিষ্যত কেনে হ’ব; অসমৰ সমাজ-সাহিত্য-সংস্কৃতিত ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব; সেই সম্পৰ্কে এটি বিদ্যায়তনিক আলোচনাৰ বাবে প্ৰস্তাৱিত বিষয়টিৰ গৱেষণা কৰা হৈছে৷


Covid-19 ৰ বিষয়ে চমু তথ্যঃ

 বিশ্বজুৰি বিভীষিকা সৃষ্টি কৰা এই Covid-19 কথা  ৩১ ডিচেম্বৰ, ২০১৯ তাৰিখে চীনৰ ৱুহান প্ৰদেশত প্ৰথমবাৰৰ বাবে ধৰা পৰে৷ এই ৰোগৰ কাৰক হ’ল- SARS-CoV-2 যি ২০১৯ বৰ্ষত চীনৰ হুবেই প্ৰান্তৰ ৱুহান চহৰত প্ৰথম চিনাক্ত হৈছিল৷ ২০২০ বৰ্ষৰ ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই এই ঘটনাক বিশ্বমাৰী হিচাপে ঘোষণা কৰিছে৷ এই ভাইৰাছ প্ৰাথমিকভাৱে ইনফ্লুৱেঞ্জাৰ দৰেই হাঁচি আৰু কাহ, মানুহৰ স্পৰ্শ, শ্বাস-প্ৰশ্বাসৰ কণিকাৰ দ্বাৰা সোঁচৰে৷ এই বীজাণু সংক্ৰমিত হোৱাৰ পৰা সাধাৰণতে পাঁচ দিন, কেতিয়াবা দুইৰ পৰা ১৪ দিন শৰীৰত সুপ্ত অৱস্থাত থাকে, তাৰ পিছতহে ৰোগৰ লক্ষণবোৰে দেখা দিয়ে৷ জ্বৰ, কাহ আৰু উশাহ ঘন হোৱা আদিয়েই হৈছে ৰোগৰ প্ৰাথমিক লক্ষণ৷ জটিল অৱস্থাত নিউমনিয়া আৰু শ্বাস ৰোগৰ (acute respiratory distress syndrome) লক্ষণে দেখা দিয়ে৷ বৰ্তমান এই ৰোগৰ প্ৰতিষেধক বা বিশেষ ভাইৰাছনাশক চিকিৎসা উপলব্ধ নহয়, যদিও ঔষধৰ অনুসন্ধান কৰি থকা হৈছে৷ বৰ্তমান ৰোগৰ লক্ষণসমূহ নিৰাময় আৰু সহায়কাৰী চিকিৎসাহে প্ৰদান কৰা হয়৷ হাত ধোৱা, আক্ৰান্ত লোকৰ পৰা আঁতৰত থকা আৰু সন্দেহজনক ব্যক্তিক নিৰীক্ষণ কৰা তথা ১৪ দিনলৈকে আচুতীয়াকৈ ৰখা আদি সুৰক্ষামূলক ব্যৱস্থাৰ দ্বাৰা এই ৰোগ সোঁচৰাত কিছু বাধা দিব পাৰি । এই ৰোগবিধৰ সংক্ৰমণ নহ’বৰ বাবেই ভাৰতবৰ্ষই লগতে বিশ্বৰ ৮৪ খন দেশে ‘তলাবন্ধ’ আৰু ‘লকডাউন’ ঘোষণা কৰিবলগা হৈছে৷ অসমৰ সমাজ সংস্কৃতিত Covid-19 প্ৰভাৱ সম্পৰ্কে তলত বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে-

★ সামাজিক পৰিকাঠামোলৈ আহিব ব্যাপক সাল-সলনিঃ 

 Covid-19 পৰৱৰ্তী বিশ্বৰ সামাজিক আৰু অৰ্থনৈতিক গাঁঠনিলৈ আহিব ব্যাপক পৰিৱৰ্তন৷ সেইদৰে প্ৰকৃতিৰ পৰা আৰম্ভ কৰি ধৰ্ম, শিক্ষা, স্বাস্থ্য, পৰিবহন, পৰ্যটন, ব্যৱসায়, উদ্যোগখণ্ড আদিলৈ আহিব প্ৰত্যাহ্বান আৰু জটিলতকৈয়ো জটিল ৰূপ৷ Covid-19 পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত আটাইতকৈ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা বিষয়টো হ’ল– নিৱনুৱা সমস্যা (Unemployment Problem)ৰ দূৰীকৰণ৷ 

 বিগত ২৫/০৩/২০২০ তাৰিখৰপৰা সমগ্ৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰা হয়৷ বৰ্তমানলৈকে ভাৰতবৰ্ষ ৭০ দিনৰো অধিক দিন লকডাউনত থাকিবলগীয়া হৈছে৷ বিশ্বৰ লগতে ভাৰতবৰ্ষৰো বিভিন্ন ৰাজ্যৰ মানুহ লকডাউনৰ সময়ছোৱাত কৰ্ম সংস্থাপন হেৰুৱাই নিজ নিজ ৰাজ্যলৈ ঘূৰি আহিছে৷ ভাৰতবৰ্ষত ১৫০ ৰো অধিক বনুৱাৰ ইতিমধ্যেই ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনা আৰু খাদ্যৰ অভাৱত মৃত্যু হৈছে৷ অন্যান্য ৰাজ্য, দেশৰ দৰেই অসম ৰাজ্যৰো কৃষক শ্ৰেণী আৰু হাজিৰা কৰি দিন কটোৱা শ্ৰেণীটোৱে অন্ন, বস্ত্ৰ, বাসস্থানৰ সামান্যতম সুবিধা নোপোৱাত ‘পানীত হাঁহ নচৰা অৱস্থা’ৰ সৃষ্টি হৈছে৷ লকডাউনৰ সময়ছোৱাত টকা-পইচাৰ অভাৱত উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে ঘটনাও অসমত সংঘটিত হৈছে৷ গতিকে কোভিদ-১৯১ পৰৱৰ্তী বিশ্বৰ লগতে ভাৰতবৰ্ষৰ নিৱনুৱা সমস্যা আৰু নিয়োগখণ্ড (Employement Srctor) লৈ যথেষ্ট প্ৰত্যাহ্বান আহিব৷ লকডাউনৰ পৰৱৰ্তী সময়ত সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু কৰ্মঠ লোকৰ উপযুক্ত সংস্থাপন নহ’লে দেশৰ অৰ্থনীতি বিধস্ত হ’ব আৰু Covid-19 বাবে সমগ্ৰ বিশ্বতে যি মন্দাৱস্থাৰ সৃষ্টি হৈছে; সেয়া সুস্থিৰ অৱস্থালৈ আনিব পৰা নাযাব৷ বিভিন্ন দেশ, ৰাজ্যৰ পৰা উভতি অহা বনুৱাসকলৰ সমান্তৰালভাৱে উচ্চ শিক্ষা গ্ৰহণ কৰা দেশৰ নৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ উচিত ব্যৱস্থা নহ’লেও তেওঁলোক মানসিকভাৱে ভাগি পৰিব৷

 ইতিমধ্যেই বিশ্বৰ প্ৰায়বোৰ উন্নত দেশৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰো GDPৰ হাৰ নিম্নগামী হৈ পৰিছে৷ ‘ইকনমিক টাইম’ছত প্ৰকাশপোৱা বাতৰিমতে প্ৰথম ২১ দিনৰ ‘লকডাউন’ৰ সময়তে ভাৰতবৰ্ষই ৭-৮ কোটিৰ লোকচানৰ সন্মুখীন হয়৷ এনে সময়ত ৰাষ্ট্ৰৰ বিধস্ত অৰ্থনীতিৰ সমান্তৰালভাৱে ৰাষ্ট্ৰৰ প্ৰশাসন যন্ত্ৰৰ ‘ক্ষমতা’ৰ দিশটোও চৰ্চিত বিষয় হৈ পৰিছে৷ কৰ্‌ (Tax) সংগ্ৰহৰপৰা আৰম্ভ কৰি প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ ‘সিদ্ধান্ত গ্ৰহণ’ৰ যি সৰ্বাধিক ক্ষমতা প্ৰদান কৰা হৈছে; এই ক্ষমতাই ৰাষ্ট্ৰ এখনক বিপথে পৰিচালিত কৰিবও পাৰে৷ মানৱ অধিকাৰ খৰ্ব হোৱা যিকোনো আইন বা দেশৰ  শাসনাধিষ্ঠ দলটোৰ সপক্ষে যিকোনো সিদ্ধান্তই এই সময়ত আইনলৈ ৰূপান্তৰ হ’ব পাৰে৷ অসমৰ ৰাজনীতিটো ইয়াৰ প্ৰভাৱ পৰিছে৷

 ‘লকডাউন’ৰ সময়ত ভাৰত চৰকাৰে ৰাজসাহাৰ্য, অনলাইন শিক্ষা, স্বাস্থ্যখণ্ডৰ বাবে যৎপৰোনাষ্ঠি কাম কৰিছে যদিও প্ৰকৃত হিতাধিকাৰীয়ে যাতে এই সুবিধা পায়, মধ্যভোগীয়ে যাতে চৰকাৰৰ সামূহিক পৰিকল্পনাৰ সুবিধা ল’ব নোৱাৰে; তাৰ বাবে প্ৰশাসনযন্ত্ৰটো অধিক মজবুট আৰু সজাগ-সচেতন হোৱাৰ প্ৰয়োজন আছে৷ ভাৰতবৰ্ষৰ দৰিদ্ৰ শ্ৰেণীটোৰ শিক্ষাৰ্থীসকলে অনলাইন শিক্ষাৰপৰা বঞ্চিত হ’ব লগাত পৰিছে৷ অনলাইন শিক্ষা ল’বৰ বাবে মোবাইল নথকাত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিবলগাত পৰিছে৷ 

  বহিঃৰাজ্যৰ পৰা কৰ্মসংস্থান হেৰুৱাই স্বগৃহলৈ অহা  বনুৱাসকলৰ বাবে আগন্তুক দুই তিনি-চাৰি মাহমানৰ বাবে চৰকাৰে ৰাজসাহাৰ্য দিয়াৰ ৱ্যৱস্থা ইতিমধ্যেই কৰিছে৷ এই সাহাৰ্য যাতে প্ৰকৃত হিতাধীকাৰীয়ে পায়; তাৰ উপযুক্ত ব্যৱস্থা প্ৰশাসনে কৰিব লাগে৷ চৰকাৰে এই ব্যৱস্থাটোৰ সঠিক নিৰীক্ষণৰ বাবে সংবাদ মাধ্যম (Mass media) কো নিয়োজিত কৰিব পাৰে৷

 সেইদৰে ধৰ্মীয় স্থানসমূহ, ধৰ্মীয় সভাসমূহ বা আনুসংগিক  কাৰ্যকলাপবোৰ Covid-19 পৰৱৰ্তী  সময়ছোৱাত দেশত পুনৰ বাঢ়ি উঠিব৷ গতিকে চৰকাৰে ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত নজৰ ৰাখিব লাগে যাতে পুনৰ এই ধৰ্মীয় প্ৰতিষ্ঠানবোৰেই   Covid-19 বিজানু বিয়পাব পৰা ‘হটস্পট’ এলেকালৈ ৰূপান্তৰিত নহয়৷ অন্যহাতে বহু ব্যক্তিয়ে বিজ্ঞান মনস্কতাৰে সমৃদ্ধ হৈ এই সময়ছোৱাত ধৰ্মৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে৷ এইচাম মানুহে Covid-19 সময়ছোৱাত সমাজত বিজ্ঞান মনস্কতাৰ নতুন দিশ উন্মোচন কৰাৰ থল আছে৷ কৰ্মসংস্থাপন হেৰুৱাই দেশৰ একাংশ নাগৰিকে অন্যায় বা অসৎ উপায়েৰে ধম সংগ্ৰহৰ প্ৰচেষ্টা চলাব পাৰে৷ অসমত হত্যা, ডকাইত, পকেটমাৰ আদিৰদৰে ঘটনা এই সময়ছোৱাত হ’ব পাৰে৷ এনে পৰিস্থিতিত দেশৰ আইন-শৃংখলা যাতে অটুত থাকে; তাৰ প্ৰতিও আৰক্ষী আৰু সামৰিক প্ৰশাসন সষ্টম হৈ থকাটো প্ৰয়োজনীয়৷ সেইদৰে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কোনো অবৈধ বা নিষিদ্ধ ঘোষিত সংগঠনৰ কাৰ্যকলাপ প্ৰসাৰৰ বাবে এই সময়ছোৱাৰ যাতে কোনেও সুবিধা ল’ব নোৱাৰে; সেই দিশটোৰ প্ৰতিও ভাৰতবৰ্ষৰ গৃহ বিভাগ (Home Department) সজাগ হোৱাটো প্ৰয়োজনীয়৷


★ Covid-19 পৰৱৰ্তী সময়ছোৱা হ’ব পাৰে ভাৰতীয় আৰু অসমীয়া সংস্কৃতিৰ পুনৰনিৰ্মাণৰ পৃষ্ঠভূমিঃ

 ভাৰতীয় সংস্কৃতি ‘ঐহিত্যমিণ্ডত’ আৰু বৰ্ণিল সাংস্কৃতিক পৰিকাঠামোৰে চহকী সংস্কৃতি৷ গীতা, ভাগৱত, পুৰাণ, বেদ আদিৰপৰা আৰম্ভ কৰি আয়ুবেদিক, জ্যোতিষ শাস্ত্ৰলৈকে ভাৰতীয় সংস্কৃতি মহীয়ান৷ এই সমৃদ্ধ সংস্কৃতিৰ পুনৰুত্থান Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষ আৰু অসমৰ বাবে এটি সুযোগ হ’ব পাৰে৷ সেইদৰে স্বনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি আৰু মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজৰ  কাৰ্যকৰীকৰণো ভাৰতবৰ্ষৰ বিধস্ত অৰ্থনীতি পুনৰুত্থানৰ বাবে সুযোগ হ’ব পাৰে৷ পঞ্চায়তীৰাজ ব্যৱস্থাৰ সঠিক ৰূপায়নেৰে Covid-19 পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষই গ্ৰাম্যস্তৰত উন্নয়নৰ মাত্ৰা খৰটকীয়া কৰিব পাৰে৷ 

 ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰ উদ্যোগ, বাঁহ-বেতৰ শিল্প, কাঁহৰ শিল্পৰ লগতে মূগা, এৰিৰ ব্যৱসায়েৰে গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষই ভিন্ন স্তৰৰ হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰকল্প গ্ৰহণ কৰা দৰকাৰ৷ সেইদৰে মৎস্য উৎপাদন, হাঁহ-কুকুৰা, গাহৰি, ব্ৰইলাৰ আদিৰ পালনৰ লগতে কৃষি-কৰ্ম আৰু ঋতুকেন্দ্ৰিক শষ্য উৎপাদনৰ বাবে প্ৰধামন্ত্ৰীয়ে ১৪ মে’ত ঘোষণা কৰা বিশ হাজাৰ কোটি টকাৰে ভাৰতবৰ্ষৰ নৱ-প্ৰজন্ম আৰু নিৱনুৱাসকল যাতে  আত্মনিৰ্ভৰশীল হ’ব পাৰে, তাৰ বাবে বেংক ব্যৱস্থাৰ সহযোগত ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ কৃষকৰ বাবে এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থাও চৰকাৰে পৰিকল্পনা কৰিব পাৰে৷ 

 স্বচ্চতা আৰু পৰিৱেশ বনানীকৰণৰ সমান্তৰালভাৱে প্ৰত্যেকখন চহৰৰে এক নিৰ্দিষ্ট অংশক ‘যান-বাহনমুক্ত ঠাই’ হিচাপে গঢ়ি তুলিব লাগে৷ উদাহৰণ– ছিকিমৰ ‘এম.জি মাৰ্গ’৷ পৰিৱশেৰ স্বচ্চতাৰ ওপৰত ভাৰতবৰ্ষই পূৰ্বৰেপৰা যিদৰে প্ৰগতিশীল ভূমিকা গ্ৰহণ কৰি আছে; নৰেন্দ্ৰ মোডীৰ স্বচ্চতা অভিযানৰ যি বৃহৎ প্ৰকল্প, তাৰ সঠিক ৰূপায়নৰ বাবেও ভাৰতবৰ্ষই পূৰ্বতকৈয়ো অধিক সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন৷ 

 যান-বাহন আৰু উদ্যোগিক খণ্ডসমূহৰপৰা হ’ব পৰা প্ৰদুষণৰ মাত্ৰা ৰোধিবলৈ ভাৰত চৰকাৰে কঠোৰ আইন বলবৎ কৰাৰ প্ৰয়োজন আছে৷ সেইদৰে কয়লা খনন, অৰণ্য ধ্বংশ আদি কাৰ্যত ভাৰত আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ে অধিক দৃঢ়তাৰে আইন বলবৎ কৰিব লাগে৷ ক’ৰনা ৰোগে বিশ্বক এই কথা শিকাই গৈছে যে আমি প্ৰকৃতিক প্ৰাকৃতিকভাৱেই সুস্থ কৰি ৰাখিলেহে মানৱ সভ্যতাৰ লগতে সমগ্ৰ জীৱকূল বৰ্তি থকাটো সম্ভৱপৰ হ’ব৷ ৰাষ্ট্ৰসংঘ, বিশ্বসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰো এইক্ষেত্ৰত অধিক কৰণীয় আছে৷ সেইদৰে বিশ্বৰ উন্নত দেশসমূহৰ যি পৰ্যায়ৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঠনি ব্যৱস্থা আছে, অসম ৰাজ্যয়ো এই আন্তঃগাঠনি নিৰ্মাণত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ আধুনিক সভ্যতাত ভাৰতবৰ্ষই ধৰ্মতকৈ অন্তত শিক্ষা আৰু স্বাস্থ্যখণ্ডতহে মনযোগ দিয়া দৰকাৰ৷ ৰাজনৈতিক অংক, মুনাফাতকৈ দেশৰ মান আৰু সন্মান আৰু জনসাধাৰণৰ নিৰাপত্তা যে ডাঙৰ সেই কথাৰ অনুধাৱন Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষই গভীৰভাৱে উপলব্ধি কৰা দৰকাৰ৷ 

 চাবোনেৰে সঘনাই হাত ধোৱাৰ যি পৰম্পৰা লকডাউনৰ সময়ত ভাৰতবৰ্ষৰ নাগৰিকে অভ্যাস কৰিলে, এই অভ্যাস পৰম্পৰা আৰু আইনলৈ ৰূপান্তুৰিত কৰাৰ প্ৰয়োজন আছে৷ পূৰ্বতে অসমৰ সত্ৰীয়া পৰম্পৰাটো এইধৰণৰ চাফ-চিকুণতাৰ প্ৰতি গুৰুত্ব দিয়া হৈছিল৷ শঙ্কৰদেৱৰ দৰে প্ৰগতিশীল ধৰ্মীয় গুৰুৰ এক-শৰণ নৱ-বৈষ্ণৱ ধৰ্মৰ ৰীতি-নীতিৰ প্ৰাসংগিকতাও Covid-19 য়ে ঘূৰাই আনিছে৷ অসমৰ ধৰ্মকেন্দ্ৰিক সমাজ ব্যৱস্থাত অতীতৰেপৰাই চাফ-চিকুণতাত আগস্থান দিয়া হয়৷ Covid-19 য়ে এই চাফ-চিকুণতাৰ অপৰিহাৰ্যতাৰ পুনৰবাৰ প্ৰমাণ কৰি দিলে৷ 


★ অৰ্থনৈতিক সমতা আৰু  অসমৰ শিক্ষিত নিবনুৱাৰ ভৱিষ্যতঃ

Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষ আৰু অসমৰ অৰ্থনীতিলৈ প্ৰত্যাহ্বান অহাটো স্বাভাৱিক৷ ইতিমধ্যেই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ লগতে ভাৰতবৰ্ষৰ GDP হাৰ যথেষ্ট কমি গৈছে৷ (Note-The economic crisis India is facing due to the coronavirus pandemic and subsequent lockdowns is “probably bigger” than the 1991 balance of payments crisis, which resulted in the country liberalizing its economy, said Nobel Prize-winning economist Abhjit Banerjee. In an interview to HuffPost India, Banerjee, who is the Ford Foundation International Professor of Economics at the Massachusetts Institute of Technology, also warned that India gross domestic product (GDP) could go down by 10-15%. (Source-https://www.huffingtonpost.in/entry/abhijit-banerjee-indian-economy-gdp-coronavirus_in__eafda4c5b639d6e5790548) ৰাষ্ট্ৰসমূহে Revenue সংগ্ৰহ কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে৷ মূলতঃ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যৰে মূল জীৱিকা কৃষি৷ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো লকডাউনৰ সময়ছোৱাত কৃষি-কাৰ্য আৰু উৎপাদিত সামগ্ৰীৰ বজাৰখন বন্ধ হৈ গ’ল৷ বিশেষকৈ জানুৱাৰী মাহৰপৰা মাৰ্চ-এপ্ৰিললৈকে অসমৰ কৃষক ৰাইজ কৃষিৰ লগতে জড়িত হৈ থাকে৷ কিন্তু এইবাৰ ইয়াৰ ব্যতিক্ৰম হ’ল৷ আগন্তুক দিনত ইয়াৰ ফলাফলো যে ব্যতিক্ৰম হ’ব; সেয়া নিশ্চিত৷ অসমৰ পশুপালনৰ ক্ষেত্ৰখনলৈয়ো যথেষ্ট বাধা আহিল, মাছ-মাংস, শাক-পাচলিৰ উৎপাদন, যোগানৰ পৰা আদি কৰি ইয়াৰ বিপননৰ ক্ষেত্ৰখন বন্ধ হৈ পৰিল৷ যোগানৰ শৃংখল ক্ষতিগ্ৰস্থ হোৱাৰ বাবে আৰু উপযুক্তভাৱে আমদানী-ৰপ্তানি নোহোৱাত পৰৱৰ্তী ২০২১ বৰ্ষটোত অসমৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ নিশ্চিতৰূপত পৰিব৷ সাৰ, যন্ত্ৰপাতি, কীটনাশক দ্ৰৱ্যবোৰো ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অনান্য প্ৰান্তৰপৰা ৰাজ্যসমূহলৈ আমদানী হয়৷ যিহেতো আন্তৰাজ্যিক ‘লকডাউন’ৰ সময়ত পৰিবহন ব্যৱস্থাটোও বন্ধ হৈ আছিল৷ গতিকে এই আহিলা-পাতি, সামগ্ৰীসমূহ পোৱাৰ পৰা জনসাধাৰণ বঞ্চিত হ’ব লগা হ’ল৷

 গতিকে দেশৰ অৰ্থনীতিৰ এই বিপৰ্যস্ত অৱস্থাটোৰ পুনৰ নিৰ্মাণ (Re-construction)ৰ বাবে মহাত্মা গান্ধীৰ অৰ্থনৈতিক ধাৰণা– স্বনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতিত অসম ৰাজ্যই গুৰুত্ব দিব লাগিব৷ স্বনিৰ্ভৰশীল বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ কাৰ্যকৰীকৰণেহে অসমৰ অৰ্থনৈতিক খণ্ডক সকাহ দিব পাৰিব৷ ইয়াৰ বাবে মূলতঃ কৃষি মাটিৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব৷ বছৰৰ বিভিন্ন সময়ত বিভিন্ন খেতিৰ কৰিব লাগিব৷ Covid-19 ৰ পৰৱৰ্তী সময়ত অসম চৰকাৰ আৰু NGOৰ ভূমিকা সৰ্বাধিক হ’ব লাগিব৷ কৃষকৰ পৰা সামগ্ৰী এটা বিভিন্ন প্ৰক্ৰিয়াৰে গৈ গ্ৰাহকৰ কাষ পোৱালৈকে মধ্যভোগীয়ে মাজতে যি উচ্চ হাৰৰ লাভ আহৰণ কৰে৷ চৰকাৰে বিপননৰ এই ক্ষেত্ৰখন বন্ধ কৰি কৃষকৰ সামগ্ৰীপোনপটীয়াকৈ ক্ৰয় কৰি নিয়াৰ এটা উপযুক্ত ব্যৱস্থাৰ সৃষ্টি কৰিব পাৰিব লাগিব৷ সমবায়, পঞ্চায়ত আদিয়ে এইক্ষেত্ৰত বিশেষ ভূমিকা ল’ব লাগিব৷ 

 ‘লকডাউন’ৰ সময়ত কৰ্মসংস্থাপনহীন হৈ দেশৰ কৰ্মঠ লোকসকল নিজ নিজ দেশ,  ৰাজ্যলৈ গুচি আহিব লগা হৈছে৷  ব্যক্তিগত প্ৰতিষ্ঠানসমূহেও আগন্তুক বহুদিনলৈ পূৰ্বৰদৰে শ্ৰমিক বা কৰ্মচাৰী নিয়োগ কৰিব নোৱাৰে৷ ইতিমধ্যেই বহুতো কৰ্মচাৰীক মালিকপক্ষই কামৰপৰা অব্যাহতি দিছে৷ অসমত প্ৰচলিত ওলা, ওবেৰ আৰু ব্যক্তিগত পৰিবহনখণ্ডৰ লগত জড়িত মানুহখিনিও কৰ্মসংস্থাপনহীন হৈ পৰিছে; গতিকে আগন্তুক দিনত চৰকাৰৰ ওপৰত নিবনুৱাৰ ভাৰ আৰু অধিক বাঢ়িব৷ এই কৰ্মঠ মানুহখিনিক উপযুক্ত কাম দিব পৰাকৈ সুপৰিকল্পিত আঁচনি ভাৰত চৰকাৰে কম সময়ৰ ভিতৰতে গ্ৰহণ কৰিব লাগিব৷ কৃষিখণ্ড বা সেৱাখণ্ডত এই লোকসকল নিয়োজিত হ’ব পৰাৰ উপযুক্ত ব্যৱস্থা চৰকাৰে ল’ব লাগিব৷ চৰকাৰে প্ৰয়োজন সাপেক্ষে ঋণ, এককালীন সাহাৰ্য আদি আগবঢ়াব লাগিব৷ নহ’লে অসমৰ অৰ্থনৈতিক পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰিব৷


★ অসমৰ শিক্ষা ব্যৱস্থালৈ আহিব পৰা সমস্যা আৰু ভৱিষ্যতঃ

 Covid-19য়ে ভাৰতবৰ্ষৰ লগতে অসমৰ শিক্ষাৰ আন্তঃজালকো সম্পূৰ্ণৰূপে বিকল কৰি পেলালে৷ মানৱ সভ্যতাৰ জীৱন নিৰ্বাহৰ প্ৰতিটো সমল, প্ৰযুক্তি, আৱিষ্কাৰেই দুৰ্বল আৰু প্ৰকৃতিতকৈ উন্নত নহয় বুলি ক’ৰনা মহামাৰীয়ে প্ৰমাণ কৰি দিলে৷ সমগ্ৰ বিশ্বই আজি মানৱ সভ্যতাৰ সীমাবদ্ধতা অনুভৱ কৰিছে৷ বিশ্বৰ সংকটৰ সময়ত ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাটোৰ ভৱিষ্যত কি হ’ব; অসম ৰাজ্যৰ শিক্ষাৰ ভৱিষ্যত কেনেধৰণৰ হ’ব এয়া অতি কম পৰিসৰত আৰু সঠিকভাৱে কোৱাটো অত্যন্ত জটিল কাম৷

 ভাৰতবৰ্ষৰ শৈক্ষিক আন্তঃগাঁঠনি বিশ্বৰ বহুবোৰ ৰাষ্ট্ৰৰ তুলনাত পাছপৰা ৷ সেইদৰে বৃত্তিমুখী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আজিও চীন, জাপান, আমেৰিকাৰদৰে উন্নত দেশসমূৰ তুলনাত পাছপৰি আছে৷ Covid-19 ৰ পৰৱৰ্তী ভাৰতীয় শিক্ষা ব্যৱস্থাত যদি বৃত্তিমুখী শিক্ষাই বিশেষ গুৰুত্ব নাপায় বা Lockdownৰ সময়ত শিক্ষা ব্যৱস্থাৰ যি লোকচান হ’ল তাৰ মোকাবিলাৰ বাবে উপযুক্ত কাৰ্যপণ্ঠা গ্ৰহণ কৰিবপৰা নাযায়; তেন্তে ভাৰতবৰ্ষৰ শৈক্ষিক দিশটোৰ অধিক ক্ষতি হ’ব৷ এটা শিক্ষাবৰ্ষ গুছি যোৱা মানে এটা প্ৰজন্মৰ শৈক্ষিক দিশটোৰ বিস্তৰ ক্ষতিসাধন হোৱা৷ আৰু এনে হ’লে শিক্ষক সমাজ, অভিভাৱকসকলৰ মানসিক অৱস্থাও শোচনীয় হৈ পৰিব৷ অনাগত দিনত ভাৰতবৰ্ষৰ লগতে অসম ৰাজ্যতো অনলাইন পদ্ধতিৰ ব্যৱহাৰিক উপযোগিতা বাঢ়িব যদিও অনলাইন পদ্ধতিৰ বাবে প্ৰয়োজন হোৱা উপযুক্ত আন্তঃগাঠনিৰ অভাৱৰ ফলত ব্যৱস্থাটো যে ফলপ্ৰসু নহ’ব; সেয়া ইতিমধ্যেই প্ৰমাণ হৈছে৷ গতিকে অসম চৰকাৰে ডিজিটেল পদ্ধতিৰ সৈতে শিক্ষা ব্যৱস্থাক সংযুক্ত কৰিবলৈ নতুন নতুন কাৰ্যপদ্ধতিৰ আৰম্ভ কৰাৰ সমান্তৰালভাৱে সকলো স্তৰৰ শিক্ষাৰ্থীয়েই  যাতে এই সুবিধা লাভ কৰিব পাৰে; তাৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা প্ৰয়োজনীয়৷ নেটৱৰ্ক আৰু বিদ্যুৎ যোগানৰ সমস্যাও অসমৰ গ্ৰামাঞ্চলৰ বাবে এটি ডাঙৰ সমস্যা৷ এই সমস্যা সমাধানৰ বাবেও চৰকাৰে ওপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ Covid-19 সময়ছোৱাত অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও নেটৱৰ্ক আৰু বিদ্যুৎৰ অনিয়মীয়া ব্যৱস্থা বাবেই ই সফল হ’ব নোৱাৰিলে৷ সেইদৰে অসমৰ জনসাধাৰণৰ গৰিষ্ঠসংখ্যক লোক নিম্নমধ্যবৃত্ত শ্ৰেণীৰ লোক হোৱা বাবে দামী মোবাইল ফোনৰ সুযোগ, সুবিধা নথকাৰ বাবেও একাংশ শিক্ষাৰ্থী এই ব্যৱস্থাৰ পৰা আঁতৰত থাকিব লগা হ’ল৷ শিক্ষা ব্যৱস্থাৰ যদি সফল ৰূপায়ন নহয়; ভৱিষ্যত কালত অসমৰ সমগ্ৰ উচ্চ শিক্ষাৰ ব্যৱস্থাটো ধনীশ্ৰেণীৰ হাতলৈ গুছি যাব৷

 ‘কোভিদ-১৯’ ৰ পৰৱৰ্তী সময়ত অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষা প্ৰদান কৰিবপৰা হ’ব নে নহয়; ই বৰ্তমান এটি চৰ্চিত বিষয়৷ অসমৰ প্ৰায়বোৰ কলেজ আৰু হোষ্টেলকে ‘কোৱাৰেণ্টাইন Center’ হিচাপে ‘কোবিদৰ সময়ছোৱাত কামত লগোৱা হ’ল৷ গতিকে ‘কোৱাৰেণ্টাইন Center’ সমূহ সম্পূৰ্ণ পৰিসমাপ্তি নোহোৱালৈকে উচ্চ শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ-ছাত্ৰীসকল আহিব নোৱাৰিব৷ UGCয়ে নৱেম্বৰ মাহৰ পৰা উচ্চ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি নটিফিকেশ্যন প্ৰদান কৰিছে যদিও ইয়াৰ কাৰ্যকৰণ হ’ব নে নহয়, এতিয়াও নিশ্চিতকৈ ক’ব পৰা নাযায়৷ 

 

★ অসমৰ স্বাস্থ্য খণ্ডৰ সমস্যা আৰু ইয়াৰ ভৱিষ্যতঃ

 Covid-19 ৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ লগতে অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঠনিৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰে বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰিব লাগিব৷ Covid-19 য়ে ভাৰতবৰ্ষৰদৰে উন্নয়নশীল ৰাষ্ট্ৰক এই শিক্ষা দি গৈছে যে কেৱল Military Strengthৰ দিশতে অত্যাধিক গুৰুত্ব দি থাকিলেই ভাৰতবৰ্ষৰ আগন্তুক ভৱিষ্যত সুৰক্ষিত নহয়৷ Humen Security ৰ বাবে স্বাস্থ্য, শিক্ষা আৰু নিয়োগ খণ্ডতো Coronaৰ পৰৱৰ্তী ভাৰতবৰ্ষই অত্যধিক গুৰুত্ব দিব লাগিব৷ কৰোনাই মানৱ সুৰক্ষাৰ বিষয়টো কিয় গুৰুত্বপূৰ্ণ; সেই কথা শিকাই গ’ল৷ সেইদৰে Helth Right ভাৰতবৰ্ষৰ সকলোশ্ৰেণীৰ মানুহৰ বাবে সমপৰিমাণে উপলব্ধ হ’ব লাগিব৷ অন্যথা ভাৰতবৰ্ষৰ লগত অসমে আগন্তুক দিনত যথেষ্ট মানৱ সম্পদ হেৰুৱাব আৰু মানৱ স্বাস্থ্যৰ ভয়াবহ অৱনতি ঘটিব৷

 বৰ্তমান ‘লকডাউন’ৰ সময়ছোৱাই এই কথা প্ৰমাণ কৰি দিছে যে আগন্তুক দিনত অসমৰো স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন নহ’লে এইধৰণৰ সাম্ভাৱ্য অচিনাক্ত‘ভাইৰাছজনিত ৰোগ’ সৈতে অসম চৰকাৰে সহজে মোকাবিলা কৰিব নোৱাৰিব৷ অসম ৰাজ্যৰ চৰকাৰী হাস্পতালত উপযুক্ত ICU, Ventilatorৰ লগতে ৰোগ নিৰ্ণয় কৰিবপৰা অধ্যাধুনিক কীটসমূহৰ উপযুক্ত মজুত ৰখা বিষয়টোতো চৰকাৰে মনযোগ দিব লাগিব৷  

 Covid-19 ৰ পৰৱৰ্তী সময়ছোৱাত Pharmaceutical investment ৰ ব্যৱহাৰিক উপযোগিতাৰ দিশটোত অসমে অধিক মনোনিৱেশ কৰিব লাগিব৷ ঔষধৰ বাবে কেঁচা সামগ্ৰীৰ বাবে অসম অন্যান্য ৰাষ্ট্ৰৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰশীল৷ উদাহৰণস্বৰূপে ভাৰতবৰ্ষই ঔষধৰ কেঁচা সামগ্ৰীৰ বহু অংশ চীন দেশৰপৰা ক্ৰয় কৰে৷ Covid-19 ৰ পৰৱৰ্তী দিশটোত ভাৰতবৰ্ষৰ নিজা স্থিতি সবল কৰা দৰকাৰ; যাতে আমদানিৰ পৰিমাণ কম কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত ঔষধৰ ৰপ্তানিৰ ক্ষেত্ৰখন বৃদ্ধি কৰিব পাৰে৷ (Note-India's pharmaceutical sector is slated to grow to US$55 billion by 2020. About 75% of the top 20 pharma companies are Indian owned. India has a total of 24,000 pharmaceutical companies, of which around 250 fall under the organised category. These 250 organised units control nearly 70 per cent of the market. Source-https://www.quora.com/What-is-future-of-the-Indian-pharma-industry) 

 বিজ্ঞান মনস্কতাৰে অসমৰ মানুহৰ মন-মনন গঢ়ি তুলি স্বাস্থ্যৰ প্ৰতি জনসজাগতা (Public Awarness)ৰ বাবেও ভাৰত চৰকাৰে কৰিবলগীয়া অনেক ক্ষেত্ৰ পৰি আছে৷ স্বচ্চতাৰ দিশত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা আন্দোলটোৱেও যাতে পূৰ্ণ মাত্ৰা লাভ কৰে; চৰকাৰী-বেচৰকাৰী প্ৰতিটো খণ্ডৰ লগতে গ্ৰাম্য স্তৰতো স্বচ্চতাৰ যাত্ৰাটো যাতে প্ৰসাৰিত হয়; তাৰ বাবেও ভাৰত চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰা দৰকাৰ৷

 

★ অসমৰ আন্তঃৰাজ্যিক পৰিবহণ ব্যৱস্থালৈ আহিবপৰা সমস্যাঃ

 Covid-19 পৰৱৰ্তী বিশ্বৰ পৰিবহন ব্যৱস্থালৈয়ো ব্যাপক পৰিৱৰ্তন আহিব৷ যিকোনো ব্যক্তিৰ সংস্পৰ্শলৈ যিকোনো এজন ব্যক্তি পূৰ্বৰদৰে যাব নোৱাৰা পৰিৱেশ এটা Corona Pandemic য়ে বিশ্ব সভ্যতাক শিকাই থৈ গ’ল৷ Covid-19 বিজাণুটোও যিহেতু পৰিবহণ ব্যৱস্থাৰ মাধ্যমেদিয়েই যাত্ৰীৰ শৰীৰত পৰ্দাপন কৰি সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল; গতিকে পৰম্পৰাগত পৰিবহন ব্যৱস্থালৈ পৰিৱৰ্তন ব্যৱস্থাটোক উন্নত কৰাটো এতিয়া সময়ৰ ডাবী হৈ পৰিছে৷ Covid-19 পৰৱৰ্তী বিশ্বত সামাজিক দূৰত্বৰ বিষয়টোৱে বিশেষ গুৰুত্ব পাব; সেয়া নিশ্চিত৷ বেমাৰত আক্ৰান্ত এজন ব্যক্তিয়ে এখন ৰাষ্ট্ৰৰপৰা আন এখন ৰাষ্ট্ৰলৈ চিকিৎসাজনিত বা আন কাৰণত যাবলগীয়া হ’লে স্কেনিংৰ ক্ষেত্ৰত এতিয়াৰে পৰা অধিক সতৰ্ক হ’ব লাগিব৷ সেইদৰে ভিচা, পাৰ্চপট তৈয়াৰ কৰোৱাৰ সময়তো স্বাস্থ্য পৰীক্ষাৰ মাত্ৰাটো পূৰ্বতকৈয়ো বৃদ্ধি হোৱা প্ৰয়োজন৷ অসমৰ দৰে ৰাজ্যসমূহেও এই বিষয়বোৰত মনযোগ দিয়াৰ প্ৰয়োজন আছে৷ অসমৰ পৰিবহণ ব্যৱস্থালৈকে লক্ষ্য কৰিলে দেখা যায় যে চৰকাৰী আৰু বেচৰকাৰীখণ্ডৰ যান-বাহনত প্ৰায়ে অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া দেখা যায়৷ এইক্ষেত্ৰত চৰকাৰে কঠোৰ আইনৰ প্ৰণয়ন কৰা দৰকাৰ৷ ৰোগ বাগৰিব নোৱাৰাকৈ যাতে এক সূচল পৰিবহণ ব্যৱস্থা নিৰ্মাণ কৰিব পাৰি; তাৰ বাবে অসম চৰকাৰে কাম কৰাটো প্ৰাসংগিক হ’ব৷ সেইদৰে ৰেল পৰিবহন আৰু বিমাণ পৰিবহণ ব্যৱস্থাত প্ৰত্যেকজন যাত্ৰীকে স্বাস্থ্য পৰীক্ষা কৰাটো বাধ্য কৰিব লাগে৷ ৰেলসমূহ আৰু বিমানসমূহকো চেনিটাইজ কৰাটো আইনসংগত বিষয়ে হিচাপে প্ৰতিষ্ঠা কৰিব লাগে৷ সেইদৰে ৰেল ষ্টেচন আৰু এয়াৰপৰ্টত কম সময়তে ৰোগ নিৰ্ণয় কৰিবপৰা অত্যাধুনিক স্কেনিং মেচিনৰ প্ৰয়োজন আছে৷ অন্যহাতে public placeত ‘মাক্স’ পিন্ধাটো সকলোৱে আইন হিচাপে পালন কৰিব লাগে৷

 

★ পৰ্যটন ক্ষেত্ৰৰ ভৱিষ্যতঃ

 Covid-19 পৰৱৰ্তী অসমৰ পৰ্যটনখণ্ডলৈয়ো আহিব ব্যাপক পৰিৱৰ্তন৷ কেৱল পৰ্যটন বুলিয়েই নহয়৷ অসম ৰাজ্যৰ অৱসৰ বিনোদন মাধ্যমৰ প্ৰধান ক্ষেত্ৰসমূহ চিনেমা, থিয়েটাৰ, মিউজিক শ্ব’বোৰলৈয়ো আহিব ভয়ানক প্ৰত্যাহ্বান৷ প্ৰতিখন ৰাষ্ট্ৰই বা ৰাজ্যই পৰ্যটনখণ্ডৰ দ্বাৰা বিহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰে৷ বৰ্তমানৰ যি অচলাৱস্থা; আৰু পৰৱৰ্তী সময়তো সামাজিক দূৰত্বৰ প্ৰসংগই যিদৰে সমাজ-সংস্কৃতিত গুৰুত্ব লাভ কৰিব; তালৈ লক্ষ্য কৰি ক’ব পাৰি– আগন্তুক দিনত পৰ্যটনৰ স্থানসমূহত নিশ্চিতৰূপত পৰ্যটকৰ সংখ্যা কমিব৷ এখন ৰাষ্ট্ৰৰপৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা পৰ্যটকৰ সংখ্যাও কমিব৷ গতিকে এই খণ্ডটোৰপৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ ৰাষ্ট্ৰ, ৰাজ্যসমূহে নাপাব৷ যি ৰাষ্ট্ৰৰ লগতে ৰাজ্যসমূহৰ অৰ্থনৈতিক দিশতো বিস্তৰ ক্ষতি কৰিব৷ গতিকে পৰ্যটনখণ্ডৰপৰা সংগ্ৰহিত ৰাজহৰ মোকাবিলা ৰাষ্ট্ৰসমূহে কেনেদৰে কৰে; তাৰ ওপৰতো সেই ৰাষ্ট্ৰৰ অৰ্থনৈতিক স্থিতি বহুপৰিমাণে নিৰ্ভৰ কৰিব৷ 

 অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ অন্যান্য অভয়াৰণ্যসমূহ, মাজুলীৰ সত্ৰসমূহ, শিৱসাগৰ জিলাৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্নবোৰ, গুৱাহাটীকেন্দ্ৰিক পৰ্যটনৰ ক্ষেত্ৰসমূহক কেন্দ্ৰ কৰিয়েই অসমৰ পৰ্যটনখণ্ডটো বৰ্তি আছে৷ Covidৰ সময়ছোৱাত আৰু পৰৱৰ্তী সময়ত এই পৰ্যটন ক্ষেত্ৰসমূহলৈ সংকট নামি আহিব৷


★ প্ৰকৃতি জগতলৈ আহিব পৰা সমস্যা আৰু সম্ভাৱনাঃ

 Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষৰ প্ৰকৃতি জগতখনলৈয়ো আহিব সমস্যা আৰু অনেক সম্ভাৱনা৷ ২১ শতিকাৰ বিশ্বৰ ৩০ খন প্ৰদুষিত দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান পঞ্চম৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বত ৩.২ মিলিয়ন লোকৰ মৃত্যু হয় কেৱল বায়ু প্ৰদুষণ (ambient air pollution)ৰ বাবে৷ ৩.৮ মিলিয়ন লোকৰ মৃত্য হয় কেৱল ধোঁৱা (smoke), ৰন্ধন চৌকা (cookstoves) ইন্ধন (fuels)ৰ ফলত৷

 ‘লকডাউন’ৰ সময়ত বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো বায়ুমণ্ডলৰ অনেক দুঃষিত পদাৰ্থ নিষ্কাষণ কৰি বিশুদ্ধ অক্সিজেন সৃষ্টি আৰু প্ৰকৃতিৰ হেৰুৱা ভাৰসাম্যতা (Equilibrium) ঘূৰাই অনাৰ বাবে সময় পালে৷ চীনৰ  South China Morning Test ৰ সমীক্ষামতেও সমগ্ৰ চীন দেশতে লকডাউনৰ দুসপ্তাহতে কাবৰ্ণৰ পৰিমান এশ মিলিয়ন টন নিম্নগামী হয়৷ 

 ভাৰতবৰ্ষৰ লগতে অসম ৰাজ্যয়ো ‘লকডাউন’ৰ সময়ছোৱাত উদ্যোগিক স্থল, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰিৱেশবোৰেও ঠন ধৰি বৃদ্ধি হোৱাৰ সুবিধা পাইছে৷ বন্যপ্ৰাণীবোৰে নিৰ্ভয়ে চাল-চলন কৰাৰ সুযোগ পাইছে৷ বহু ঠাইত বন্যপ্ৰাণীবোৰ মুকলি ঠাইলৈ ওলাই আহি বিচৰণ কৰাৰ দৃশ্যবোৰ গণমাধ্যমত দেখা পোৱা গৈছে৷ এতিয়া Covid-19 পৰৱৰ্তী ভাৰতবৰ্ষ পুনৰ  পূৰ্বৰ অৱস্থাটোলৈ ঘূৰি গ’লে এইদৰে নিৰ্বিঘ্নে ওলাই অহা বন্যপ্ৰাণীবোৰ মানুহৰ দ্বাৰা যে নিধন হ’ব সেয়া নিশ্চিত৷ গতিকে অসম চৰকাৰেও এই  দিশটোৰ প্ৰতি বিশেষ গুৰুত্ব দি মুক্তভাৱে বিচৰণ কৰা বন্যপ্ৰাণীবোৰৰ সুৰক্ষা আৰু উদ্ধাৰ  (rescue) কৰি সঠিক ঠাইলৈ স্থানান্তৰকৰণৰ দিশটোত গুৰুত্ব দিয়া দৰকাৰ৷ অন্যহাতে বায়ুমণ্ডলতো প্ৰদুষণৰ পৰিমান হঠাৎ পূৰ্বৰ অৱস্থালৈ গুছি যাব৷ এনেস্থলত হঠাৎ  ভাৰসাম্যহীন হৈ পৰিলে বায়ুমণ্ডল নতুন বীজানুৰ কেন্দ্ৰস্থল হৈ পৰিব নেকি, এইক্ষেত্ৰতো অসম চৰকাৰৰ স্বাস্থ্যখণ্ড আৰু বিজ্ঞানীসকল সজাগ আৰু সচেতন হোৱা প্ৰয়োজনীয়৷

 ‘লকডাউন’ৰ আটাইতকৈ প্ৰয়োজনীয় এটি ইতিবাচক কথা এয়ে যে গ্ৰীণ পলিটিক্সৰ (Green Politics) সম্যক ধাৰণা এটা বা প্ৰকৃতিৰ অপৰিহাৰ্যতা সম্পৰ্কে Covid-19 য়ে বিশ্বৰ লগতে অসমৰ জনসাধাৰণৰ মনতো নব্য চেতনাৰ জন্ম দিলে৷ আজি ‘আমাজন’ বৰ্ষাৰণ্যৰ বাবে বিশ্বই যেনেদৰে মাত মাতিছে; অসমৰ শেহতীয়াকৈ ‘দিহিং-পাটকাইৰ বৰ্ষাৰণ্য’ৰ কয়লা খননৰ  বিৰুদ্ধে অসমৰ লগতে ভাৰতবৰ্ষৰ জনসাধাৰণে যি সচেতনতা আৰু জনমত গড়ি তুলিছে; এয়া Covid-19 পৰোক্ষ ফলাফল বুলি অভিহিত কৰিবপৰা দুটা বিশেষ উদাহৰণ৷ আগন্তুক দিনত সমগ্ৰ বিশ্বতে পৰিৱেশ সচেতনতা, ৱাইল্ডলাইফ সংৰক্ষণ, বনানীকৰণ (afforestation) আদি বিষয়বোৰে অধিক গুৰুত্ব আৰু প্ৰাসংগিকতা লাভ কৰিব৷

 

★ সাহিত্য আৰু ছপা মাধ্যমৰ ক্ষেত্ৰখনলৈ আহিবপৰা সাম্ভাব্য পৰিৱৰ্তনঃ

 Covid-19 পৰৱৰ্তী অসমৰ সাহিত্য আৰু বাতৰি-কাকতৰ ক্ষেত্ৰখনলৈয়ো যে পৰিৱৰ্তন আহিব সেয়া নিশ্চিত৷  প্ৰথম বিশ্বযুদ্ধ বা দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী ভাৰতবৰ্ষৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ যথেষ্ট পৰিৱৰ্তন আহিছিল৷ সেইদৰে হিৰোচিমা-নাগাচাকিৰ বিস্ফোৰণ, প্লেগ মহামাৰীৰ পৰৱৰ্তী সময়তো যথেষ্টসংখ্যক যুগজয়ী গ্ৰন্থ ৰচনা হৈছিল৷ Covid-19 পৰৱৰ্তী সময়ছোৱাটো এইধৰণৰ কালজয়ী নতুন চিন্তা-চেতনাৰ উন্মেষ ঘটিব বুলি আশা কৰা হৈছে৷ হয়তো সাহিত্যৰ ধাৰা বা নতুন Theory ৰ সৃষ্টি হ’ব৷ কাৰণ এই মহামাৰীয়ে মানুহৰ পৰম্পৰাগত ধ্যাণ-ধাৰণা, ঈশ্বৰৰ প্ৰতি থকা অগাধ ধৰ্মবিশ্বাস, ধৰ্মীয়স্থানসমূহৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আদি বিষয়বোৰৰ প্ৰতি লেখক-লেখিকাৰ মন মনন-চিন্তনত নতুন দৃষ্টিভংগী আনি দিয়াত অনুঘটক হিচাপে কাম কৰিলে৷

Print Media সমূহলৈয়ো আগন্তুক দিনত প্ৰত্যাহ্বান আহিব৷ ইতিমধ্যেই ‘লকডাউন’ৰ সময়ছোৱাত অসমৰ বহুকেইখন বাতৰি-কাকত, আলোচনী আদি বন্ধ হৈ পৰিল৷ বহু সাংবাদিকক চাকৰিৰপৰা অব্যাহতি দিয়া হ’ল৷ আগন্তুক দিনত ইয়াৰ প্ৰভাৱ সংবাদক্ষেত্ৰ আৰু সাহিত্যক্ষেত্ৰত যে পৰিব; সেয়া নিশ্চিত৷ বাতৰি-কাকত বন্ধ হৈ যোৱা প্ৰক্ৰিয়াটোত ৰাজনৈতিক কোনো ইচ্চু্য থাকিব পাৰে৷ কাৰণ সংবাদ মাধ্যমৰ অভূতপূৰ্ব স্বাধীনতাক যিকোনো শাসনাধিষ্ঠ চৰকাৰেই দমনমূলক নীতিৰে বশ কৰিবলৈ চেষ্টা কৰাটো অমূলক নহয়৷  

 কোভিদ-১৯১ পৰৱৰ্তী সময়ত অসমৰ সংবাদ-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনে ইণ্টাৰনেটত সবলৰূপত প্ৰতিষ্ঠা লাভ কৰিব৷ DE-CIXৰ প্ৰতিবেদন মতে– লকডাউনৰ প্ৰথম দুসপ্তাহতে দেশত এজন ব্যক্তিয়ে গড়ে ৩০ ৰ পৰা ৪০ শতাংশ অধিক সময় ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহে৷ ‘ইকনমিক টাইমছ’ত এই সম্পৰ্কে বাতৰি প্ৰকাশ পাইছে এনেদৰে– Gaming traffic has increased by 50% in the last few weeks, with doubling of traffic in video streaming and collaborative work ahps like Skype, Teams and Zoom,” said Ivo Ivanov, CEO of DE-CIX International, which runs an internet exchange in Mumbai. The overall internet traffic in the first two weeks of the lockdown, which began on March 25, increased by 1 terabyte, said Ivanov, 30-40% higher than normal.

 সাহিত্য চৰ্চা আৰু সংবাদ পৰিৱেশনৰ ক্ষেত্ৰখনতো, অনলাইন আলোচনী, ৱেবচাইট, ব্লগ আদি মাধ্যমবোৰে বিশেষ জনপ্ৰিয়তা আৰু গুৰুত্ব লাভ কৰিব৷ ভিডিঅ’ গেমিংৰ জনপ্ৰিয়তা বাঢ়িব৷ অন্যহাতে অনলাইন মাধ্যমৰ প্ৰভাৱ পূৰ্বতকৈয়ো বৃদ্ধি পালে ‘ফেক নিউজ’ৰ পৰিমান ভাৰতবৰ্ষত দুগুন বৃদ্ধি পাব আৰু এনে হ’লে সংবাদ ক্ষেত্ৰৰ প্ৰতি জনতাৰ আস্থা হেৰাই পৰিব৷ ফলশ্ৰুতিত অনাগত দিনত ইণ্টাৰনেটৰ ব্যৱহাৰ বা প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰাৰ এটা পথ মুকলি হৈ পৰিব৷ গতিকে Covid-19 পৰৱৰ্তী সময়ছোৱাত এই দিশটোও অসমৰ বাবে এটা চৰ্চিত বিষয় হ’ব ৷ শিশুৰ লগতে ব্যক্তিৰ  মানসিক জগতলৈ আহিবপৰা পৰিৱৰ্তন সম্পৰ্কেও Covid-19য়ে অসমৰ গৱেষণাৰ বাবে এটা পথ মুকলি কৰি দিলে৷


★ অসমৰ সংস্কৃতিলৈ অহা সমস্যা আৰু ইয়াৰ ভৱিষ্যতঃ

 Covid-19 ভয়াবহতাই বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈকে প্ৰত্যাহ্বান কঢ়িয়াই আনিলে৷ সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ মানুহ ঘৰতে আবদ্ধ হৈ থাকিব লগা হোৱাৰ পৰিপ্ৰেক্ষিত্ৰত মানৱ সমাজৰ সাংস্কৃতিক দিশটো এই সময়ছোৱাত বাৰুকৈয়ে বিধস্ত হ’ল৷ সাংস্কৃতিক কাৰ্যসূচী, ধৰ্মীয় ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান আদি সকলোবোৰ এই সময়ছোৱাত স্থগিত ৰাখিব লগা হ’ল৷ অসমৰ প্ৰেক্ষাপটতে দেখা গৈছে অসমৰ জাতীয় উৎসৱ বহাগ বিহু কৃষিজিৱি ৰাইজে অনুষ্ঠিত কৰিব নোৱাৰিলে৷ সেইদৰে মুছলমান সমাজৰ ‘ঈদ’ এইবাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত কৰিব পৰা নগ’ল৷ দুৰ্গা পূজাও এইবাৰ ভাৰতবৰ্ষৰ লগতে অসমত অনুষ্ঠিত কৰিবপৰা নাযাব৷ অন্যহাতে সমূহীয়া নামমাজ পঢ়া, সত্ৰ নামঘৰ, গীৰ্জা আদিলৈ ব্যক্তি যাব নোৱাৰা এটা পৰিৱেশ এই Covid-19 আনি দিলে৷ 

 অসমৰ ক্ষেত্ৰত আটাইতকৈ প্ৰভাৱ পৰিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰখনত৷ হাজাৰ হাজাৰ শিল্পী এই ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল৷ নাটক উপস্থাপন কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল৷ গতিকে এই নাট্যশিল্পী আৰু ভ্ৰাম্যমাণৰ কলা-কুশলীসকল এটা বছৰৰ বাবে লোকচানৰ সন্মুখীন হ’ব লগা হ’ল৷ অসমৰ শিল্পী গায়কসকলে ব’হাগ বিহুৰ সময়ত মঞ্চত গীত পৰিৱেশন কৰে৷ এই মঞ্চানুষ্ঠানসমূহৰ পৰা পোৱা টকা তেওঁলোকৰ অৰ্থনৈতিক ভেঁটিটোৰ মুখ্য কাৰক আছিল৷ লকডাউন আৰু সামাজিক সংক্ৰমণৰ বাবে এইবাৰ অসমত এই মঞ্চানুষ্ঠানসমূহো অনুষ্ঠিত কৰিব পৰা নগ’ল৷ মুঠতে সামগ্ৰিকভাৱে ক’ব পাৰি কোভিদ মহামাৰীয়ে অসমৰ সাংস্কৃতিক জগতখনক এটা বছৰৰ বাবে পংগু কৰি পেলালে৷ ইয়াৰ প্ৰভাৱ অসমৰ অৰ্থনীতি আৰু সাংস্কৃতিক ক্ষেত্ৰখনত নিশ্চিত ৰূপত পৰিব৷


★ ভৱিষ্যত অধ্যয়নৰ সম্ভাৱনীয়তা

 আমাৰ এই অধ্যয়ন আৰু গৱেষণা অতি কম সময় আৰু গৱেষকৰ সীমাবদ্ধতাৰ বাবে সৰ্বশেষ বুলি দাবী কৰিব নোৱাৰোঁ৷ এই গৱেষণা মাত্ৰ প্ৰস্তাৱিত অধ্যয়নৰ এটি আৰম্ভণিহে৷ অনাগত সময়ত প্ৰস্তাৱিত বিষয়টোৰ সন্দৰ্ভত নতুন নতুন দিশ আৰু বিষয়বস্তু অধ্যয়নৰ বাবে ভাৰতবৰ্ষৰ গৱেষক, বিশেষজ্ঞসকল আগবাঢ়ি আহিব বুলি আশা ৰাখিছোঁ৷ 

Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top