i

জাগা জননীৰ সন্তান All question answer

  জাগা জননীৰ সন্তান    





১) উত্তৰ দিয়াঃ

ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰ:- কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে।


খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰ:- মৃত্যুক ডায় কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰখাকে দুৰ্জ্জয় অভিযান বুলি কৈছে।


গ) দুৰ্জ্জয়ৰ অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰ:- দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয়জিনি আনিবলৈ কৈছে।


ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰ:- কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে।


ঙ) “তথাপিও নাই ভয়" বুলি কিয় কৈছে?
উত্তৰ:- দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক `তথাপিও ভয় নাই' বুলি কৈছে।


চ) কাৰ ভয়ে নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰ:- স্বদেশপ্ৰেমী জোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।


ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰ:- আপোন পাহৰা বীৰক দুৰ্ম্মদ বীৰ অজেয় নৱ- জোৱান বুলি আখ্যা দিছে।



প্ৰশ্ন নং ২। “জাগা জননীৰ সন্তান" গীতটোৰ মূলভাৱ লিখা।
উত্তৰ:- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা “জাগা জননীৰ সন্তান" কবিতাটি এটা দেশপ্ৰেম মূলক কবিতা। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু- সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ- স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱ- জোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই কবিতাটিৰ দ্বাৰা দেশৰ জোৱান সকল উৎসাহ আৰু কৰ্মপ্ৰেৰনা যোগাইছে।



৩) বাক্য ৰচনা কৰাঃ
 শক্তিমান : শাৰীৰিক আৰু মানসিক ভাৱে শক্তিমান হলেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে।
 কাপুৰুষ : কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে।
 নিনাদ : বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল।
 অজেয় : দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একো একোজন অজেয় বীৰ।
 অভিযান : লাচিতে নৰিয়া গাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল।



৪) সন্ধি গঠন কৰা আৰু ভাঙাঃ
দেৱ + অসুৰ = দেৱাসুৰ
কুশ + আসন = কুশাসন
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
মুৰ + অৰি= মুৰাৰি
দশ + আনন = দশানন
মহা + অৰ্ণৱ = মহাৰ্ণৱ
মহৰ্ষি = মহা + ঋষি
নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ
মনোহৰ = মনঃ + হৰ
মনোযোগ = মনঃ + যোগ
উল্লেখ = উৎ + লেখ
উজ্জ্বল = উৎ + জল
নাৱিক = নৌ + ইক
দিগন্ত = দিক্ + অন্ত



৫) বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঃ
মৃত্যু - জন্ম
জয় - পৰাজয়
কাপুৰুষ - বীৰ, সাহসী
ভয় - সাহস, নিৰ্ভয়
শত্ৰু - মিত্ৰ
দুৰ্বল - সবল



৬) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখাঃ
মৃত্যু - মৰণ, স্বৰ্গ- গমন
জননী - আই, মাই, মা
সন্তান - সতি- সন্ততি, লৰা- ছোৱালী
বীৰ - বলৱন্ত, সাহসী
নিনাদ - ধ্বনি, শব্দ


৭) এটা শব্দত প্ৰকাশ কৰাঃ
ক) সাহস নথকা মানুহ - কাপুৰুষ, ভীৰু।
খ) জাকৈৰে মাছ ধৰা মানুহ - জাকৈয়া।
গ) যাৰ শক্তি আছে - শক্তিমান।
ঘ) যাক জিনিব নোৱাৰি - দুৰ্জেয়।



৮) তলত দিয়া বিশেষ্য শব্দবোৰক বিশেষণলৈ  পৰিৱৰ্তন কৰাঃ
 বিশেষ্য    বিশেষণ
মান -   মানী।
দুৰ্বলতা - দুৰ্বল।
দৰ্শন - দাৰ্শনিক।
দুখ - দুখী।
মানৱ - মানৱতা।

Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top