সংস্কৃতি আৰু আমাৰ জীৱন All question Answers

 সংস্কৃতি আৰু আমাৰ জীৱন




ক- পাঠভিত্তিক ক্ৰিয়াঃ

১। উত্তৰ দিয়াঃ

ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয় ?

উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয় ।


খ) সমাজ কাৰ  দ্বাৰা গঠিত হয় ?

উত্তৰঃ সমাজ মানুহৰ দ্বাৰা গঠিত হয় ।


গ) সংস্কৃতিৰ অন্যতম উপাদান কি ?

উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ- আচৰণ ।


ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয় ? 

উত্তৰঃ কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বোটলা হয় ।


ঙ) সৎপ্ৰবৃত্তিৰ লোক হবলৈ কি কৰিব লাগে ? 

উত্তৰঃ সৎ প্ৰবৃত্তিৰ লোক হবলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে ।


চ) সংস্কৃতিৰ ৰূপ দুটা কি কি ? 

উত্তৰঃ সংস্কৃতিৰ ৰূপ দুটা বাহ্যিক আৰু আভ্যন্তৰীণ 


ছ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি ? 

উত্তৰঃ মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি 


জ) কৃষ্টিৰ আধাৰ কি ? 

উত্তৰঃ কৃষ্টিৰ আধাৰ হ'ল কৃষি ।


ঝ) 'দখনা' আৰু 'চৌবন্দী ' মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক ? 

উত্তৰঃ 'দখনা' আৰু 'চৌবন্দী ' মূলতঃ বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোছাক ।


২। চমু উত্তৰ দিয়াঃ

ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে  সংস্কৃতি কি ? 

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে '' যি কথা , যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে , এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায় - মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি । ''এই উক্তিৰ আধাৰত কব পাৰি যে আমাৰ মানৱ জীৱনক সুন্দৰ আৰু শক্তিমান কৰি তোলা সকলো  সুকুমাৰ কলা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ সোপান ।


খ) সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি । 


গ) খাদ্য -ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায় ? 

উত্তৰঃ খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয় । এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে।

 

 ঘ)  সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে ? 

উত্তৰঃ সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ- আচৰণ। ক'বলৈ গলে আচাৰ- আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মেষিত হোৱাৰ লগতে সামাজিক মানো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ - আচৰণো বিভিন্ন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সমাপন কৰিবলৈ যাওঁতে নিজৰ ৰুচি , আচৰণ আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। সাধাৰণতে পৰম্পৰাই অৰ্থনৈতিক, সামাজিক, ধৰ্মীয়, নান্দনিক, ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগত ভাবে ব্যক্তিয়ে সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰৰ অভ্যাস কৰে আৰু আচৰণৰ অনুশীলন কৰে । এনে অভ্যাসে তেওঁক সমাজৰ কল্যাণকৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে ।

 

৩।  বুজাই লিখাঃ

ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ । 

উত্তৰঃ সংস্কৃতিৰ দুটা ৰূপ - এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ ।  যিটো ৰূপ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটো হৈছে বাহ্যিক ৰূপ আনহাতে অন্তৰ্নিহিত হৈ থকা ৰূপটো হৈছে আভ্যন্তৰীণ ৰূপ। নৃত্য এটি পৰিৱেশন কৰোঁতে যিবোৰ কলা- কৌশল যুক্ত হৈ থাকে সেইটো হৈছে বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দ হৈছে আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কার্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস । সেইবাবে কব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধ সমূহ যথা উচিত- অনুচিত, ন্যায়- অন্যায়, কৰণীয়- অকৰণীয় আদি সংযুক্ত হৈ থাকে । এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ ।


খ) জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে ? 

উত্তৰঃ জলবায়ু ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বাসস্থান আদি বেলেগ বেলেগ হয়। যি ঠাইৰ যেনে ধৰণৰ জলবায়ু তাৰ উপযোগীকৈ মানুহে জীৱন ধাৰণৰ অভ্যাস গঢ় দিয়ে। একেদৰে ঠাইভেদে খাদ্যৰ ভিন্নতাও দেখা যায়। ঠাণ্ডা ঠাইৰ মানুহতকৈ গৰম ঠাই বা গৰম অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস বেলেগ ।  সেয়েহে জলবায়ু আৰু খাদ্য ৰীতিৰ  ভিন্নতা ভেদে সংস্কৃতিৰ বিকাশো বেলেগ বেলেগ হয় ।জলবায়ু ভেদে উৎপাদিত শস্য বা খাদ্যবস্তুও বেলেগ বেলেগ হয় গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই মানুহৰ খাদ্যাভ্যাস গঢ় লৈ উঠে আৰু ইয়ে ঠাইভেদে পৃথক সংস্কৃতিৰ গঢ় দিয়াত সহায় কৰে ।


8। ব্যাখ্যা  কৰাঃ

ক) সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি

    উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ' অংকুৰণৰ'  অন্তৰ্গত ' সংস্কৃতি আৰু আমাৰ জীৱন' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

    আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে  এই কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে ।

    সংস্কৃতি অবিহনে জাতি এটা আধৰুৱা, গতিকে স্বাভাৱিকতে সংস্কৃতিয়েই হৈছে জাতি এটা জীয়াই থকাৰ মুখ্য আহিলা। নিজস্ব কৃষ্টি ,ৰীতি- নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে । সংস্কৃতিৰ মাজতেই ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মান প্ৰতিভাসিত হয় ।আজিৰ সমাজত বিদ্যমান সকলো সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হবলৈ শিকায়। আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায়। গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য । ই জাতীয় জীৱনত ইন্ধন ৰূপে কাম কৰে। 



খ) সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতি 

উত্তৰঃ সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম কাজ বা চিন্তা চৰ্চা । সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ। কলাসুলভ কাম কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনে ধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক ভাৱনাৰ আধাৰ। এই সকলো চিন্তা, কাম বা গুণৰাশি মিলিয়েই সংস্কৃতি গঢ় লৈ উঠে। 


গ) মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি 

উত্তৰঃ প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি জঁপিয়াই পাৰ হৈ গলে তাৰ ছন্দময় খোজতো কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায়। লাভ কৰে অনাবিল উৎসাহ। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সামৰি থকা বিভিন্ন গছ- গছনি ,পাহাৰ- পৰ্বত, ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতেই নিহিত হৈ থাকে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা। এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ পৰাই আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদান সমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ কাৰণে। 



৫। ক) কৃষ্টি আৰু স্তুতি শব্দৰ শেষৰ টি, তি ধ্বনিৰ মিল থকা শব্দ লিখা। 

কৃষ্টি- দৃষ্টি , সৃষ্টি , বৃষ্টি , পুষ্টি , সন্তুষ্টি

স্তুতি- নতি , উন্নতি, অৱনতি , গতি, প্ৰতি, ৰাতি 


৬। তলত দিয়া উপসৰ্গৰ সহায়ত পাঁচোটাকৈ শব্দ লিখি বাক্য সাজা।

প্ৰতি

প্ৰতিবাদ - কৃষক সকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল ।

প্ৰতিকাৰ - বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল ।

প্ৰতিশোধ -  নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে ।

প্ৰতিশ্ৰুতি- জনপ্ৰতিনিধি জনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল ।

প্ৰতিলিপি-  নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগী সকলক আহ্বান জনাইছিল ।


অৱ 

অৱলম্বন - বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাংৰ অৱলম্বন কৰিছিল ।

অৱকাশ - দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে 

অৱতৰণ- বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তেই দুর্ঘটনাটো ঘটিছিল ।

অৱৰোধ - অৱৰোধকাৰী সকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল ।

অৱতাৰ- কল্কিক বিষ্ণুৰ দশম অৱতাৰ বোলা হয় ।


অনু

অনুৰূপ - কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল ।

অনুৰোধ- মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল 

অনুগ্ৰহ- অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে ?

অনুভৱ- এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা 

অনুশোচনা -ভুলৰ অনুশোচনাত তেওঁ দগ্ধ হৈছিল ।


বি

বিশ্বাস- হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান

বিশিষ্ট- সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰা হৈছিল 

বিশেষ - জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

বিকাশ - দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা 

বিখ্যাত - চাহৰ বাবে অসম বিশ্বৰ ভিতৰতে বিখ্যাত


উৎ

উৎকৰ্ষ - ছাত্ৰ- ছাত্ৰীৰ সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষক সকলে চেষ্টা কৰা উচিত 

উৎপাদন- অঞ্চলটোত এইবাৰ  ধানৰ উৎপাদন  সৰ্বাধিক 

উৎসৰ্গা- বঁটাটি তেখেতে স্বৰ্গগামী মাকৰ নামত উৎসৰ্গা কৰিছিল 

উৎসৱ- বিহু অসমৰ জাতীয় উৎসৱ

উৎসাহ - পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ  বাবে তেখেতে ছাত্র- ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল 

উৎখাত- দুৰ্নীতিৰ শিপা উৎখাতৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছিল ।


৭। পাঠটোত থকা যুৰীয়া শব্দকেইটা বাছি উলিয়াই লিখা।


চিন্তা- ভাবনা

আচাৰ- ব্যৱহাৰ

খেতি- পথাৰ

মেখেলা- চাদৰ

কৃষ্টি- সংস্কৃতি

কলা- কৌশল

সাজ- পোছাক

ন্যায়- অন্যায়

কৰণীয়- অকৰণীয়

পেট- কপটীয়া

আবেগ অনুভূতি

শিল্পী- সাহিত্যিক

গছ- লতা

পশু- পক্ষী

গীত- মাত

নাচ- গান

চিত্ৰ- কলা

স্থাপত্য- ভাস্কৰ্য

উৎসৱ- পাৰ্বন

নীতি- নিৰ্দেশনা

জীৱন- যাত্ৰা 


৭। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।

আচাৰ-বিচাৰ -  সমাজত বসবাস কৰিবলৈ হ'লে আমি আচাৰ - বিচাৰ  মানি চলাটো দৰকাৰ ।


সাজ-পোছাক - সাজ- পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে 


পেট- পূজা- মিটিং খন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট- পূজাভাগ কৰি লৈছিল 


বিনন্দীয়া- উদ্যানখনৰ বিনন্দীয়া পৰিৱেশে সকলোকে আপ্লুত কৰিছিল ।


উৎসৱ- পাৰ্বন - উৎসৱ- পাৰ্বন সমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে 


৮। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

ক) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ- উৎসৱ কেইটামানৰ নাম লিখা।

উত্তৰঃ গোছ লোৱা , ন-খোৱা, লখিমী চপোৱা আদি


খ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা 

উত্তৰঃ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি।

Post a Comment

0 Comments