তোমাৰ এগৰাকী প্রিয় সাহিত্যিক
আৰম্ভণি
যিসকল সাহিত্যিকে তেওঁলোকৰ অমৰ লেখনীৰে আমাৰ মনত আনন্দ সঞ্চাৰ কৰিবলৈ সক্ষম হয়, সেইসকল সাহিত্যিকেই মানুহৰ প্রিয় হয়। সেই হিচাপে মোৰ প্রিয় সাহিত্যিক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।
সাহিত্যিকজনৰ জন্ম আৰু বংশ পৰিচয়
বেজবৰুৱা আছিল অসমৰ ঐতিহ্যমণ্ডিত পৰিয়াল এটাৰ বংশধৰ। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱা। ১৮৬৪ চনৰ ১৯ নৱেম্বৰৰ লক্ষ্মী পূর্ণিমাৰ দিনাখন বেজবৰুৱাৰ জন্ম হয়। লক্ষ্মী পূর্ণিমাত জন্ম হোৱা বাবেই তেওঁৰ নাম লক্ষ্মীনাথ ৰখা হৈছিল। দেউতাক চৰকাৰী চাকৰিয়াল আছিল বাবে বিভিন্ন ঠাই ঘূৰি ফুৰিবলগীয়া হৈছিল। সেই হিচাপে বেজবৰুৱাৰৰ বিভিন্ন ঠাই চোৱাৰ সুযোগ হৈছিল। ইয়ে তেওঁৰ জ্ঞানৰ বিস্তৃতিত সৰুৰে পৰা সহায় কৰিছিল।
বেজবৰুৱাৰ শিক্ষা গ্রহণ
বেজবৰুৱাৰ পিতৃয়ে চাকৰিৰ পিছত শিৱসাগৰৰ ঘৰত থাকিবলৈ লয়। তাতেই বেজবৰুৱাই হাইস্কুলীয়া শিক্ষা গ্রহণ কৰে। বেজবৰুৱাই ১৮৮৬ চনত শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পিছত তেওঁ কুৰিটকীয়া জলপানী লৈ কলিকতাৰ কলেজত পঢ়িবলৈ যায়। ১৯০৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. ডিগ্রী লাভ কৰে। তেওঁ ইংৰাজী সাহিত্যৰ এম.এ. আৰু আইন অধ্যয়ন কৰি পৰীক্ষা দিবলৈ সাজু হৈছিল, কিন্তু পৰীক্ষা নিদিলে। তেওঁ অসম চৰকাৰৰ চাকৰি গ্ৰহণ কৰা নাছিল।
ব্যৱসায়ী জীৱনঃ
বেজবৰুৱাই শিক্ষা সমাপ্ত হোৱাৰ পিছত স্বাধীনভাৱে ব্যৱসায়ত নামে। ব্যৱসায়ী সাউদ ভোলানাথ বৰুৱাৰ লগত লগ লাগি কাঠৰ কাৰবাৰ কৰে। তাৰ পিছত বার্ড কোম্পানী’ত কাম কৰে। পিছত তেওঁ উৰিষ্যাৰ সম্বলপুৰত নিজাকৈ কাঠৰ ব্যৱসায় কৰে।
বেজবৰুৱাৰ সাহিত্য কর্ম
বেজবৰুৱা অসমীয়া সাহিত্যৰ এক বিশিষ্ট সাহিত্যসেৱী আছিল। সাহিত্যৰ সকলো দিশতে বেজবৰুৱাৰ দখল আছিল। তেওঁ আছিল একেধাৰে কবি, নাট্যকাৰ, ঔপন্যাসিক, প্রবন্ধকাৰ, সমালোচক। তেওঁৰ সহযোগতে ১৮৮৯ চনত ‘জোনাকী আলোচনী কলিকতাৰ পৰা ওলায়। তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গোস্বামী, ৰজনীকান্ত বৰদলৈ আদিৰ সহযোগত আলোচনীখন উলিয়াইছিল। পিছত বেজবৰুৱাই ১৯০৯ চনত বাঁহী আলোচনীখন উলিয়ায়। বেজবৰুৱাই দুই ধৰণৰ নাট ৰচনা কৰিছিল। এক শ্ৰেণীৰ আছিল বুৰঞ্জীমূলক নাট’ আৰু আন এক শ্ৰেণীৰ আছিল ‘ধেমেলীয়া নাট’। বুৰঞ্জীমূলক নাটসমূহৰ ভিতৰত – ‘চক্ৰধ্বজ সিংহ’, ‘বেলিমাৰ’, ‘জয়মতী’ আদি উল্লেখযোগ্য। ধেমেলীয়া নাটসমূহৰ ভিতৰত নোমল, পাচনি, লিতিকাই, চিকৰপতি-নিকৰপতি আদি প্রধান। তেওঁ এগৰাকী সুদক্ষ চুটি গল্পকাৰো আছিল। তেওঁৰ দ্বাৰা ৰচিত চুটিগল্পৰ পুথিসমূহ হৈছে – ‘সুৰভি’, ‘জোনবিৰি’, সাধু কথাৰ কুঁকি’, ‘কেঁহোকলি’ আদি প্রধান। তেখেতৰ জীৱনী গ্রন্থৰ ভিতৰত – ডাঙৰীয়া দীননাথ বেজবৰুৱা’, ‘শ্ৰীশ্ৰীশংকৰদেৱ’, শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ’, ‘মোৰ জীৱন সোঁৱৰণ’ আদি। তেওঁৰ দ্বাৰা ৰচিত একমাত্র উপন্যাসখনৰ নাম হ’ল- ‘পদুম কুঁৱৰী’, কবিতা পুথি হ’ল – ‘কদম কলি’, তত্ত্বমূলক পুথি হ’ল – ‘তত্ত্বকথা’, কৃষ্ণকথা’ আদি। বেজবৰুৱাৰ সাধুকথাৰ সংগ্রহ হ’ল ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘বুঢ়ী আইৰ সাধু’ আদি, শিশু গ্রন্থ – ‘জুনুকা’, ব্যঙ্গাত্মক পুথি –‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘বৰুৱাৰ ওভতনি’, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’, বৰবৰুৱাৰ বুলনি’ আদি।
মোৰ প্রিয় সাহিত্যিক হোৱাৰ কাৰণ
বেজবৰুৱাৰ লেখনীৰ মূল উদ্দেশ্য আছিল এহাতে পাঠক সমাজক আনন্দ প্রদান আৰু আনহাতে অসমৰ উন্নতি তথা অসমীয়া সমাজখন নিষ্কলুষ কৰাৰ মনোভাৱ। বেজবৰুৱাই তেওঁৰ নাটক, কবিতা, গল্প-হাস্য ব্যংগ আদি আটাইবোৰ ৰচনাৰ যোগেদি এই উদ্দেশ্য সাধন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ কবিতাৰ মাজেৰে প্রবাহিত দেশপ্রেম তথা অসম প্রেমৰ বাণীয়ে মানুহক উদ্বুদ্ধ কৰে। সাহিত্যৰ বিভিন্ন দিশত আগবঢ়োৱা মহামূল্যৱান অৱদানৰ বাবে তেওঁ অসমীয়া সাহিত্য জগতত ‘সাহিত্যৰথী’ ৰূপে জনাজাত। তেওঁৰ ৰচনা পঢ়ি অন্তৰত হাঁহিৰ খোৰাক পোৱা যায়। তেওঁ সাহিত্যৰ যোগেদি বিমল হাস্যৰসৰ সোৱাদ দিব পাৰে। সেয়ে তেওঁ ‘ৰসৰাজ’ উপাধিৰে বিভূষিত। তেওঁৰ সাহিত্য পঢ়ি সেই ৰস আৰু আনন্দ পোৱা যায়, মনত উৎসাহ-উদ্দীপনা পোৱা যায়। সেয়ে বেজবৰুৱা মোৰ প্রিয় সাহিত্যিক।