শব্দ

 শব্দই

বীজ হৈ গজে
ফুল হৈ ফুলে
অনুভূতিৰ
অগনি হৈ জ্বলে।

পোহৰৰ দূত হৈ
শব্দই নিতে
অন্তৰীক্ষ ধিয়ায়
অনন্ত সুৰৰ তৃষাত
শব্দৰ যেন
কণ্ঠ শুকায়
তথাপি
গীতৰ সুৱদি বাকি
পৰাণ জুৰায় ।

কথা মালিকাৰ
গন্ধ হৈ শব্দই
জগত–জীৱন
আমোলমোলায় ।

শব্দই দেখোঁ
প্ৰেম বিগলিত বুকু
ইখনিৰ পৰা সিখনিলৈ
সেতু বান্ধে

কেতিয়াবা
শব্দই কাঁইট হৈ
আৰু সেই বুকুতেই
দেখোঁ বিন্ধে।

শব্দৰ
বিকাৰ–বিচ্যুতি
কিম্বা
অনুচিত নিক্ষেপণে

Post a Comment

0 Comments