কবিতা কবিৰ জীৱন গছৰ ছাঁ

 আখৰ বা শব্দৰ

নাই যে ভৌতিক শৰীৰ
নাই শিপা–ছাল,
ডাল–পাত–ফুলৰ অপৰূপ বাহাৰ।

জানো,
কবিতাও তেনেই অশৰীৰী
অভিন্ন আত্মাস্বৰূপ কবিৰ
সুখে–দুখে আজন্ম সহচৰী ।

প্ৰমাদবশতঃ
প্ৰেমিক কবিয়েতো
সাদৰ আঙুলি বুলাই
চাব খোজে লিৰিকি বিদাৰি
কবিতাৰ ছাইৰঙী চুলিটাৰি।

শব্দৰ জোনাকত তিতি বুৰি
প্ৰেমাকুল কবিয়ে চাই ৰয়
কবিতাৰ সেই নীলিম চকুযুৰি
আছে য’ত উজলি
আলফুলীয়া সপোনৰ শাৰী !

অমল প্ৰেমৰ সঁফুৰা বিলাই
জীৱনৰ ভিতৰে বাহিৰে মোৰ
কবিতাই যে বিচৰণ কৰে
উটি ভাহি ফুৰে হিয়া আকাশত

Post a Comment

0 Comments