পৰীক্ষিতৰ ব্ৰহ্মশাপ
ক - পাঠভিত্তিক ক্ৰিয়া
তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া
ক) দেখন্ত: মুনি চক্ষু মুদি সমাধি কৰি আচন্ত ।এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা
প্ৰশ্নঃ মুনিয়ে চকু মুদি কি কৰি আছিল ?
উত্তৰঃ মুনিয়ে চকু মুদি ধ্যান কৰি আছিল
প্ৰশ্নঃ মুনিজনৰ নাম কি আছিল?
উত্তৰঃ মুনিজনৰ নাম শমীক মুনি আছিল
প্ৰশ্নঃ পিয়াহঁত আকুল হৈ কোনে মুনিক পানী খুজিছিল ?
উত্তৰঃ পিয়াহঁত আকুল হৈ ৰজা পৰীক্ষিতে মুনিক পানী খুজিছিল
খ) পাচে তান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে ছবালসৱৰ আগতে বোলন্ত :অহো ৰাজাৰ অন্যায় দেখ
প্ৰশ্নঃ কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল ?
উত্তৰঃ ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা শমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আঁৰি দিয়াৰ খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল ।
প্ৰশ্নঃ ৰজাই কি অন্যায় কৰাৰ কথা কৈছে ?
উত্তৰঃ ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আঁৰি দি অন্যায় কৰাৰ কথা কৈছে ।
গ) আজি মঞি দণ্ডিবো:মোৰ বল দেখ ।এহি বুলি কৌষিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশোক বুলি শাপ দিলা ।
প্ৰশ্নঃ উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল ?
উত্তৰঃ উক্ত কথাফাকি শমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল । যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শমীক মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিছিল তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিল ।
প্ৰশ্নঃ শৃংগীয়ে কৌষিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল ?
উত্তৰঃ শৃংগীয়ে কৌষিকী জলত গা ধুই ৰজাক সাতদিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল ।
ঘ) অহো দুষ্ট পুত্ৰ কি অন্যায় কৰিলি ।
প্ৰশ্নঃ শমীক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল ?
উত্তৰঃ শমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল । তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা । গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল ।
ঙ) মহাশ্ৰান্ত হৈয়া আমাক জল খুজিলন্ত । আঙ্ক কেনে শাপ দিলি । ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক প্রার্থন্ত ।
প্ৰশ্নঃ শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল ?
উত্তৰঃ শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে ।
২) উত্তৰ দিয়া ।
ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল ?
উত্তৰঃ পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ- ডকাইতৰ উৎপাত বাঢ়িব । ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হব ।
খ) শমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা।
উ্ত্তৰঃ শমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক সাত দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল । এই কথা গম পাই শমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰ স্তুতিত ব্ৰতী হৈছিল ।ইয়াৰ দ্বাৰাই শমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেহৰ বাবেহে চিন্তা কৰিছিল ।
৩। 'পৰীক্ষিতৰ ব্ৰহ্মশাপ' নামৰ পাঠটোৰ পৰা তুলি দিয়া তলৰ বাক্যকেইটা আধুনিক অসমীয়া ৰূপত লিখা ।
পুৰণি অসমীয়া ৰূপঃ- একদিনা পৰিক্ষিত ৰাজা ধনু-শৰ ধৰি মৃগয়া কৰিতে বনক গৈলা।
আধুনিক অসমীয়া ৰূপঃ- এদিন পৰীক্ষিত ৰজাই ধনু-শৰ লৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল।
পুৰণি অসমীয়া ৰূপঃ- মৃগক খেদি ক্ষুধায়ে তৃষ্ণায়ে শ্ৰান্ত হৈলা
আধুনিক অসমীয়া ৰূপঃ- হৰিণা খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল ।
পুৰণি অসমীয়া ৰূপঃ- এহিবুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহ গৈলা
আধুনিক অসমীয়া ৰূপঃ- এইবুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ গলত আঁৰি দি ঘৰলৈ গ'ল
পুৰণি অসমীয়া ৰূপঃ- পাচে শৃংগী ৰাজাক শাপিবাৰ কথা কহিলা
নতুন অসমীয়া ৰূপঃ- পাছত শৃংগীয়ে ৰজাক শাপ দিয়াৰ কথা ক'লে
পুৰণি অসমীয়া ৰূপঃ- মহা ধম্মপৰ আৰো হৰিভক্ত, মহাশ্ৰান্ত হৈয়া আমাত জল খুজিলন্ত
আধুনিক অসমীয়া ৰূপঃ- অতিকৈ ধৰ্মপৰায়ণ আৰু হৰিভক্ত , ভাগৰত ক্লান্ত হৈ আমাক পানী খুজিছিল
পুৰণি অসমীয়া ৰূপঃ- যাতো সাধু:সৱে পৰৰ দু:খেসে দু:খী হৈয়া আপুনাৰ দু:খ নুগুনে ।
আধুনিক অসমীয়া ৰূপঃ- যিমানবোৰ সাধু আছে সেইসকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে ।
৪। বাখ্যা কৰাঃ
ক) দাস হৈয়া স্বামীক অপকাৰ কৰেঃ ব্ৰাহ্মণসৱে ক্ষত্ৰিয়ক ৰাজা পাতিছেঃ সি কোন আমাক দ্ৰোহ কৰেঃ দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে , আৰা এতেক অন্যায় কৰে ।
উত্তৰঃ উক্ত কথাফাকি পৰীক্ষিতৰ ব্ৰহ্মশাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
ধ্যানত মগ্ন শমীক মুনিক ৰজা পৰীক্ষিতে ডিঙিত মৰা সাপ আঁৰি দিয়া প্ৰসংগত এই বাক্যফাঁকিৰ অৱতাৰণা কৰা হৈছে ।
চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ শমীক মুনিৰ ওচৰত পানী বিচাৰিছিল । কিন্তু সেই সময়ত শমীক মুনিয়ে ধ্যানমগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতেই খং উঠি পৰীক্ষিতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আঁৰি দি আঁতৰি গৈছিল । পাছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই ওপৰোক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছিল । শৃংগীয়ে এই কথাত যথেষ্ট আঘাত পাইছিল আৰু খঙত একো নাই হৈ এইবুলি কৈছিল যে দাস হৈ নিজৰ স্বামীকে ৰজাই অপমান কৰে , যি ৰজাক ব্ৰাহ্মণ সকলেই ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে । দুষ্টক দমন কৰি শ্ৰী কৃষ্ণই বৈকুণ্ঠলৈ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গ'ল ।
খ) যাতো সাধু:সৱে পৰৰ দু:খেসে দু:খী হৈয়া আপুনাৰ দু:খ নুগুচে
উত্তৰঃ
উক্ত কথাফাঁকি 'পৰীক্ষিতৰ ব্ৰহ্মশাপ ' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
শমীক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ প্ৰসংগত উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।
সাধুসকলে যে সদায় পৰৰ দুখতে দুখী হয় আৰু নিজৰ দুখৰ কথা অকণো চিন্তা নকৰে তাকে এই বাক্যফাঁকিৰ জৰিয়তে কোৱা হৈছে ।
ৰজা পৰীক্ষিতে চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা শমীক মুনিক পানী বিচাৰিছিল ।কিন্তু ধ্যানত থকা মুনিয়ে এই কথা গম পোৱা নাছিল আৰু ৰজাই এই কথাটোতে ক্ষুণ্ণ হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আঁৰি দি আঁতৰি গৈছিল । এই কথা পিছত মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত একো নাই হৈ ৰজাক অভিশাপ দিছিল । এই কথাটো শমীক মুনিয়ে গম পাই যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালি শপনি পৰাৰ লগতে ৰজা অবিহনে ৰাজ্যত যে অশান্তিৰ সৃষ্টি হব সেই কথাটো বুজাইছিল ।লগতে ৰজা পৰীক্ষিতৰ শাপ খণ্ডন নিয়াবলৈ অন্য উপায় নেদেখি কৃষ্ণৰ স্তুতিত ব্ৰতী হৈছিল। গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতে কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতেই দুখী হৈ জীৱন কটাই অথচ নিজৰ দুখৰ কথা একোকে চিন্তা নকৰে ।
৫। তলত দিয়া শব্দবিলাকৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লিখাঃ
সমাধিঃ- ধ্যান, বাহ্য জ্ঞান এৰি গভীৰৰূপে ঈশ্বৰৰ চিন্তা , মৰিশালী, কৱৰ
তৃষ্ণাঃ- পিয়াহ, হেঁপাহ
আকুলঃ- বিবশ, বিবুদ্ধি
দণ্ডীবোঃ- শাস্তি দিব
কৌষিকীঃ- কৌশিক বা কুশিক ঋষিৰ বংশত জাত
আচান্তঃ- আচমন
তক্ষকঃ- নাগলোকৰ এক প্ৰধান সৰ্প
শাপঃ- শাও, লোকৰ অশুভ হবৰ বাঞ্ছা
৬। বিপৰীত শব্দ লিখাঃ
প্ৰজা - ৰজা
নিম্ন - উচ্চ
শান্ত - অশান্ত, অস্থিৰ
সুখ - দুখ
প্ৰশংসা - শাপ
উপকাৰ - অপকাৰ
ন্যায় - অন্যায়
অসমৰ্থ - সমৰ্থ
৭। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।
----------------------------------------------------------
শাপঃ- প্ৰাচীন কালৰ ঋষি মুনি সকলৰ শাপ অতি ভয়ংকৰ আছিল ।
সাপঃ- সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হৈছিল ।
-----------------------------------------------------------
তানঃ- একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ অতিশয় তান
টানঃ- প্ৰশ্নকাকত টান হোৱা বাবে এইবাৰৰ পৰীক্ষাত বেছিসংখ্যক ল'ৰা ছোৱালী অনুত্তীৰ্ন হৈছিল ।
------------------------------------------------------------
শৰঃ- শৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজন পাকৈত আছিল ।
সৰঃ- গাখীৰৰ সৰ খাবলৈ ভাল
------------------------------------------------------------
সুতঃ- সুতে কৈছিল হৰিভক্তসবে কোনোবাই অপকাৰ কৰিলেও তাৰ ওলোটাই প্ৰতিশোধ নলয় ।
সূতঃ- (ৰথৰ সাৰথি) শ্ৰী কৃষ্ণ অৰ্জুনৰ সূত আছিল ।
-------------------------------------------------------------
৮। শুদ্ধ উত্তৰটোত (✓) চিন দিয়া
কৃষ্ণ শব্দটোৰ ষ্ণ যুক্তাক্ষৰটো ভাঙিলে হ'ব
উত্তৰঃ ক) ষ্ণ = ষ +ঞ
৯। শ্ৰান্ত শব্দৰ 'শ্ৰ' যুক্তাক্ষৰ ভাঙিলে হ'ব
উত্তৰঃ (ঘ) শ্ৰ - শ+ ৰ
১০। অৱজ্ঞা শব্দৰ 'জ্ঞ' যুক্তাক্ষৰ ভাঙিলে হ'ব
উত্তৰঃ জ্ঞ- জ+ঞ
১১। পাঠত তোমালোকে ৰাজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ--- এই শব্দকেইটা পাইছা; শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা।
পুংলিঙ্গ - স্ত্ৰীলিঙ্গ
ৰাজা - ৰাণী
পিতৃ - মাতৃ
ব্ৰাহ্মণ - ব্ৰাহ্মণী
পুত্ৰ - কন্যা, পুত্রী
১২। পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যত কালৰ ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা ।
উদাহৰণঃ বোলন্ত
হৈলা , গৈলা, কৰিলা , আচন্ত, খুজিলা, নমাতিলা , কৰে, কান্দন্ত, কহিলা, কৰিলি , খুজিলন্ত , দিলি, প্রার্থন্ত, নুগুণিলা, নুগুণিলে ।
১৩। পৰীক্ষিত ৰজাই শমীক মুনিৰ লগত মৰা সাপ আঁৰি দি ভুল কৰা নাছিলনে? তোমাৰ মতামত ব্যক্ত কৰা।
১৪। তোমাৰ জীৱনত কেতিয়াবা তুমি কৰিবনলগীয়া কাম কৰিছিলা নেকি লিখা।