শিশু লীলা
Class 8 Assamese
Lesson 15
ক- পাঠভিত্তিক ক্ৰিয়াঃ
১। উত্তৰ দিয়া।
ক) 'শিশু- লীলা ' ঘোষাটি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ 'শিশু- লীলা' ঘোষাটি মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে ৰচনা কৰিছিল।
খ) 'শিশু- লীলা'ত কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ 'শিশু- লীলা'ত শিশু শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে ।
গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল ?
উত্তৰঃ শিশু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপাল বালক সকলৰ সৈতে খেলিছিল ।
ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল ?
উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল।
ঙ) গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল ?
উত্তৰঃ গোপশিশুসকলে যশোদাক শ্ৰী কৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল ।
চ) গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে ?
উত্তৰঃ গোপবালকসকলৰ কথা শুনি যশোদাই শ্ৰী কৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে । পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ কবলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল ।
ছ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি ?
উত্তৰঃ বলাই বুলি বলোৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই- ভাইৰ
২। কোনে, কাক, কিয় কৈছিল লিখা।
ক) কেনে মাটি খাইলি অৰে গোপাল
কোবাই আজি তোৰ ফাৰিবো ছাল
উত্তৰঃ ওপৰোক্ত কথাফাঁকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল । গোবালক সকলে মাতৃ যশোদাক শ্ৰী কৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰী কৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল।
খ) মাতন্ত কৃষ্ণে যশোদাক চাই ।
মিছা মাতে সৱে শুনিয়ো আই ।।
উত্তৰঃ মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰী কৃষ্ণই ওপৰোক্ত কথাফাঁকি কৈছিল ।
৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা
ক) যশোদা সুন্দৰী দেখন্ত পাছে ।
সমস্ত জগত গৰ্ভতে আছে ।।
উত্তৰঃ উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি ' অংকুৰণৰ ' অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত 'শিশু- লীলা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
শ্ৰী কৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে ।
শিশু কৃষ্ণই নিজৰ সমনীয়া গোবালক সকলৰ সৈতে খেলি থকা অৱস্থাত অইন সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল । কৃষ্ণৰ এই দুষ্টালিৰ কথা গোবালক সকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল । এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল । কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়া সকলে মিছাকৈ কোৱা বুলি কৈছিল । লগতে তেওঁ কৈছিল যে মই কেতিয়াও মাটি মুখত নিদিওঁ । ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰী কৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল ।
৪। খালি অংশত শব্দ ভৰোৱা ।
ক) যত গোপ শিশু বলাই আদি ।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী
যশোদাৰ আগে দিলেক খল
খাইলন্ত কৃষ্ণে মাটি একদল ।।
খ) শুনিয়া কৃষ্ণৰ হৰিল মাত ।
চক্ষু টেৰ কৰি মাৱক চান্ত ।।
ভয়তে যেন কাম্পৈ হাত- ভৰি
যশোদা দেখে পুত্ৰ গৈল ডৰি ।।
৬। তলৰ পদকেইফাঁকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা ।
ক) যত গোপ শিশু বলাই আদি
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী
বলোৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভোল গৈছিল ।
খ) শুনিয়া কৃষ্ণৰ হৰিল মাত
চক্ষু টেৰ কৰি মাৱক চান্ত ।
ভয়তে যেন কাম্পৈ হাত-ভৰি
যশোদা দেখে পুত্ৰ গৈল ডৰি ।।
শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু তেৰা কৰি মাকৰ ফালে চালে । যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত- ভৰি কঁপিবলৈ ধৰিলে ।
৭। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা ।
হাসি - হাঁহি
চক্ষু- চকু
মাতন্ত - মাতিলে
মাৱক- মাকক
প্ৰকাশিয়া - প্ৰকাশ কৰিলে
ফাৰিবো- ফটাব
শুনিয়া- শুনি
টেৰ - তেৰা / বেঁকা
সমস্ত- গোটেই, সমগ্ৰ
সোধন্ত- সুধিলে
কাম্পৈ - কঁপি
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
সুন্দৰী- কুৎসিতনী , অসুন্দৰী
পুত্ৰ- পুত্রী / কন্যা
ভাই- ভনী , ককাই
আই - বোপাই
দাদা - বৌদেও , বাইদেউ
নাৰী- পুৰুষ
৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা ।
হৰি - ধৰি
আদি -বাদী
খল- একদল
হাসি - আসি
ভৰি- ডৰি
চাই - ভাই
মাটি - ঘাটি
মাতি- আতি
পাছে- আছে
বেথা- কথা
১০। তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰা ।
ক) তেওঁলোক বাছেৰে স্কুললৈ যায় ।
উত্তৰঃ তেওঁলোক কিহেৰে স্কুললৈ যায় ?
খ) আমি বল খেলি আছোঁ ।
কোনে বল খেলি আছে ?
গ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই
বিমল স্কুললৈ কিয় যোৱা নাই ?
ঘ) ৰতন দিল্লীলৈ গৈছিল
ৰতন ক'লৈ গৈছিল
ঙ) মই চাৰি বজাত ঘৰ পামহি
তুমি কেই বজাত ঘৰ পাবাহি ?
চ) সি গান গাই আছে ?
সি কি কৰি আছে ?
১১। পাঠৰ পৰা ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা ।
কৰন্ত, খাইলন্ত, শুনিয়া, খাইলি, ফাৰিবো, হৰিল, কাম্পৈ, সোধন্ত, চাহন্তে, চান্ত, গৈল, মাতন্ত
১২। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা।
দল (লদা, দলি)- মাটিদল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে ।
দল ( সমূহ, জাক)- তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতাত প্ৰথম হৈছিল ।
বাদী (ফাঁকি, মিছা ভাও)- শ্ৰী কৃষ্ণৰ বাদীত সকলো ভোল গৈছিল।
বাদী ( কওঁতা, প্ৰকাশ কৰোঁতা)- ৰজাৰ আগত কথাটোৰ বাদী তেওঁৱেই আছিল ।
ঘাটি ( দায়, জগৰ, মিছা অপৰাধ)- কি ঘাটিত তেওঁ জেল খাটিব লগা হৈছিল কোনেও বুজিব পৰা নাছিল।
ঘাটি ( পহৰাৰ ঠাই, আড্ডা ) জুইৰ ঘাটিত সকলোৱে ৰং- ৰইচেৰে এসাঁজ খাইছিল ।