ছিগিছিলে যি আমাৰ
দুনাই বান্ধিছোঁ আই
বজোৱাহি এটিবাৰ
পুৰণি বিনাৰে তাঁৰ
ছিগিছিলে যি আমাৰ
দুনাই বান্ধিছোঁ আই
বজোৱাহি এটিবাৰ
ছিগি ভাগি একাকাৰ
তাহানিখনৰে তাঁৰ
অভাজনে বান্ধি লৈ
সপিলো বিনা তোমাৰ
তোমাৰেহে বীণা তাঁৰ
বাজিলে দেৱী এবাৰ
ফুলিব সংগীত ফুল
দেশ জুৰি অসমৰ
পুৰণি বিনাৰে তাঁৰ
ছিগিছিলে যি আমাৰ
দুনাই বান্ধিছোঁ আই
বজোৱাহি এটিবাৰ
সংগীতৰ মধু মাত
ধীৰে উঠি আকাশত
ইন্দ্ৰপুৰী জুৰি লই
হব প্ৰতিধ্বনি তাৰ
সুমধুৰ গীত ধ্বনি
গন্ধৰ্ব কিন্নৰে শুনি
উলাহে ধৰিব তান
লগে লগে মৰতৰ
পুৰণি বিনাৰে তাঁৰ
ছিগিছিলে যি আমাৰ
দুনাই বান্ধিছোঁ আই
বজোৱাহি এটিবাৰ

0 Comments