পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই
নিশাৰ শেৱালি সৰে
পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই
নিশাৰ শেৱালি সৰে...
দুৱৰি বনৰ দলিচাত
দুটি ফুল এটি পাত...
দুৱৰি বনৰ দলিচাত
দুটি ফুল এটি পাত...
চকুত নপৰে কাৰো হায় !
চকুত নপৰে কাৰো হায় !
এৰি অহা সিপাৰৰ
কাৰোবাৰ চেনেহৰ
এৰি অহা সিপাৰৰ
কাৰোবাৰ চেনেহৰ
চিন আজি নাই একো নাই...
চিন আজি নাই একো নাই...
নিশাৰ শেৱালি সৰে
পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই
নিশাৰ শেৱালি সৰে...
পুৱতিৰ পোহৰত
সপোনৰ কাৰেঙত
কত যে আছিলোঁ বাট চাই
পুৱতিৰ পোহৰত
সপোনৰ কাৰেঙত
কত যে আছিলোঁ বাট চাই
সপোন মৰহি গ’ল
পোহৰ আঁতৰ হ’ল
সপোন মৰহি গ’ল
পোহৰ আঁতৰ হ’ল
কিবা যেন হেৰুৱালোঁ পাই
এৰি অহা সিপাৰৰ
কাৰোবাৰ চেনেহৰ
এৰি অহা সিপাৰৰ
কাৰোবাৰ চেনেহৰ
চিন আজি নাই একো নাই...
চিন আজি নাই একো নাই...
নিশাৰ শেৱালি সৰে
পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই
নিশাৰ শেৱালি সৰে
পুৱতিক কন্দুৱাই
সপোন মৰহি মৰে
পোহৰ হেৰুৱাই
নিশাৰ শেৱালি সৰে...

0 Comments