আৰম্ভণি
Coronavirus যাক SARS - COV - 2 নামেৰে জনা যায় । ইয়াৰ পৰা হোৱা বেমাৰক Coronavirus বুলি কোৱা হয় । এই ৰোগ প্ৰথমে 2019 চনৰ চীনদেশৰ য়ুহান চহৰৰ পৰা আৰম্ভ হয় । এই মহামাৰীৰ ফলতে লাখ লাখ মানুহৰ মৃত্যু হৈ গোটেই বিশ্বক স্তব্ধ কৰি পেলায় । যাৰ ফলত অর্থনৈতিক , সামাজিক , শৈক্ষিক , আদি সকলো দিশতে অপূৰণীয় ক্ষতি হয় ।
ৰোগৰ লক্ষণ আৰু সংক্রমণ
Covid - 19 ৰোগৰ মুখ্য লক্ষণসমূহ হৈছে : - জ্বৰ , শুকান কাহ , আৰু ভাগৰ লগা ইত্যাদি । গৌণ লক্ষণ : - মূৰ কামোৰণি , গাৰ বিষ , ডিঙি চেৰচেৰোৱা , সোৱাদ আৰু গোন্ধ নোপোৱা ইত্যাদি । এই ৰোগৰ গুৰুতৰ লক্ষণ হৈছে উশাহ লোৱাত কষ্ট পোৱা , বুকুৰ বিষ ইত্যাদি ।
এই ৰোগ সহজে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে ৷ এই ৰোগত আক্ৰান্ত হোৱা এজন ব্যক্তিয়ে কাহিলে বা হাঁচি মাৰিলে বা কথা পাতোতে ওলোৱা কণিকা গাত পৰিলে ই সোচৰিত হয় । এই ৰোগ পৰস্পৰ সংস্পৰ্শ হলেও এই ৰোগ হব পাৰে ।
প্ৰভাৱ
কৰণা মহামাৰীয়ে সমাজজীৱনত বেয়াকৈ প্ৰভাৱ পেলায় । সামাজিক বা শাৰীৰিক দুৰত্ব বজাই ৰখাটো অতিকৈ জৰুৰী । ইয়াৰ বাবে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানেই বাতিল কৰিব লগা হৈছে । ইয়াৰ ফলত সমাজ জীৱনত প্ৰতিবন্ধকে দেখা দিয়ে । ই ৰোগবিধৰ ভয়াবহতা ৰ ওপৰত লক্ষ্য ৰাখি স্কুল কলেজকে ধৰি সকলো শিক্ষানুষ্ঠান দীৰ্ঘদিনীৰ বাবে বন্ধ কৰি দিয়া হৈছে ।
ফলত ছাত্র ছাত্রী সকলৰ শৈক্ষিক দিশত বেয়াকৈ প্ৰভাৱ পৰে । আৰু ইয়াৰ লগতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ বন্ধ হৈ পৰাৰ ফলত অর্থনৈতিক ভাবেও মন্দাবস্তাৰ সৃষ্টি কৰিছে ।
সাৱধানতা
কৰুণা মহামাৰীৰ পৰা হাত সাৰিবৰ বাবে লব লগা সাৱধনতা বোৰ হৈছে শাৰীৰিক দূৰত্ব বজাই ৰখা , মার্ক্স পিন্ধা , ঘনাই চাবোনেৰে হাত ধোৱা ইত্যাদি । ইয়াৰ উপৰিও এইৰোগ বিধৰ প্ৰতিষেধক লব পাৰে । এই প্রতিষেধক দ্বাৰা ভালদৰে ফলপ্ৰসূ হোৱা নাই যদিও কিছু ক্ষেত্ৰত এই ৰোগ বিধৰ পৰা কিছু পৰিমাণে হলেও মানব সমাজক ৰক্ষা কৰিছে । ভাৰতবৰ্ষটো নিজাববীয়াকৈ Bhart Biotech আৰু Zydus Cadila নামৰ কোম্পানীটোৱে ইয়াৰ প্ৰতিষেধক প্ৰস্তুতৰ নামত সফলতা আগবঢ়াইছে ।
সামৰণি
কৰুণা মহামাৰীয়ে একবিংশ শতিকাৰ মানৱ সমাজ ক প্ৰায় পঙ্গু কৰি পেলালে । বিশ্বৰ প্ৰায় বোৰ দেশত এই ৰোগৰ দ্বাৰা লাখ লাখ মানুহ আক্ৰান্ত হৈ মৃত্যু হৈছে । ইয়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে যদিও ভালদৰে কাৰ্য্যকৰী হোৱ নাই শেষত এই ৰোগৰ পৰা বাচি থাকিবৰ বাবে চৰকাৰে দিয়া নিৰ্দেশনা বোৰ মানি চলক আৰু বক্তিগত সাৱধনতা লোৱা নিতান্তই প্রয়োজন তেতিয়াহে মানব সমাজ বাচি থাকিব ।