মোৰ পদচিহ্নৰ ওপৰেদি পাৰ হৈ যাব অজস্র ঢৌবোৰ,
যুগে যুগে কৃষকসকলে চহ কৰিব ইয়াৰ বুকুত,
দুবাহু মেলি গঢ়ি উঠিব সেউজীয়া অৰণ্য,
গৰাখহনীয়াই ঢাপে ঢাপে খহায় নিব ইয়াৰ অংশ,
বানে আকৌ গঢ়িব বুকুৰ মাটিৰে,
উত্তৰপুৰুষবোৰ পূৰ্বপুৰুষ হৈ থাকিব,
বছৰৰ পিছত বছৰ যাব, যুগৰ পিছত যুগ,
এটি নামৰ বৰ্ণবোৰে সংযোগ হেৰাব,
কিন্তু মোৰ পদচিহ্নই নিশ্চয় কব
এসময়ত মই ইয়াতে থিয় হৈ আছিলো |
.
মোৰ সংগীতে সুৰ হেৰাব ,
সুৰে তাল আৰু লয় হেৰাব,
তালবোৰ কাৰোবাৰ দাসত্বত তল-ওপৰ হব ,
মই নাথাকিম, কিন্তু ই মোৰ গীতেই গাব |
মোৰ অনুভূতিৰ শব্দবোৰ পোত যাব কিতাপৰ ভাৰত,
তথাপিও আজীৱন কৈ যাব
এসময়ত কৈ যোৱা মোৰ হৃদয়ৰ কথা,
মই কাহানিও উভতি আহিব নোৱাৰো তেজ-মঙহৰ শৰীৰত,
কিন্তু মোৰ পদচিহ্নই নিশ্চয় কব
এসময়ত মই ইয়াতে থিয় হৈ আছিলো |
.
গভীৰ ৰাতিবোৰ শান্ত হৈ পৰিব ,
তৰাবোৰ জিলিকি উঠিব অন্ধকাৰ আকাশত,
জোনটোৱে হাঁহিব জোনাকত,
পাতৰ কাণে কাণে গীত গাব বতাহে,
কৰবাত উৰি ফুৰিব কণ কণ সেউজীয়া পোহৰৰ টুকুৰা,
আঙুলিবোৰৰ পৰশত গঢ়ি উঠিব এটি কালজয়ী চিত্র ,
আশ্রয় বিচাৰি কোনোবাই গুজি দিব মুখখন এটি নিৰাপদ পৃথিৱীত,
তাৰ মাজতে কঠোৰ হৈ উঠিব নিসংগতা,
আৰু তোমাৰ হৃদয়খনে নিশ্চয় কব
এসময়ত মই ইয়াতে বাস কৰিছিলো |
মোৰ পদচিহ্নই কব
CodeNirvana