i

জীৱনৰ উপলব্ধি

যি দেখিলোঁ জীৱনত
যি শিকিলোঁ জীৱনত
সেয়া অভিজ্ঞতা নে এটি পৰম্পৰা জীৱনক প্ৰাণভৰি ভালপোৱা....
.
সময় পাৰ হৈ যায় সমদ্ৰুতিত বাধাৰ প্ৰাচীৰ যাৰ নাই
ব'লা আমি আগবাঢ়োঁ যদি সম্ভৱঃ সময়ৰ খোজত খোজ মিলাই;
.
সুখ লাগিব সিমানখিনি যিমানখিনিত দুখবোৰ মূল্যহীন নহয়
সপোন থাকিব সিমানখিনি যিমানখিনি বাস্তৱত অস্বাভাৱিক নহয় ৷
আশা থাকিব সিমানখিনি যিমানখিনিত নিৰাশাই জীৱনৰ পাঠ্যক্ৰম শিকায়
ভৰসা ও বিশ্বাস সদায় বুকুত বাঢ়ি গৈ থাকে তেতিয়ালৈকে
যেতিয়ালৈকে জীৱনক বেয়া পোৱাৰ উৎসবোৰ ব্যস্ততাৰ ভিৰত ক্ৰমশঃ নাইকীয়া হৈ নাযায় ৷
.
সুস্থিৰ হ'লে ধৈৰ্য্য সমানুপাতিক হয় হেঁপাহ আৰু প্ৰগতিৰ লক্ষ্য
আৰু থাকে এটি মাথো চৰ্ত—
"তুমি যিখিনিৰ যোগ্য সিখিনিহে সদায় প্ৰাপ্য ৷"
.
আৰু.....
জীৱন মানে উপলব্ধি এয়াই
সফলতা আহে যেতিয়া বুকু ফিন্দিয়াই
হাঁহিৰ অন্য এটি নাম পৰিশ্ৰম ক'লেও হয়তুবা ভুল নহয়;
ব্যৰ্থতাৰ আৰম্ভণি তেতিয়াৰ পৰাই হয় যেতিয়া পাবলগীয়া একোৱেই নাই বুলি আকোঁৰগোজ হৈ ৰই.......!!

Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top