00:00:00
Study Island Your premium study space
0 Day Streak
0 Badges
STUDY SPACE

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ 


১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল?

উত্তৰঃ  বিভিন্ন প্ৰাকূতিক , অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভন্নিতাৰ পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয় । মানৱ ইতিহাসৰ আদি কালহোৱাত জনসংখ্যা প্ৰায় স্থিৰ অৱস্থাত আছিল । যোৱা কিছুবছৰ ধৰি ( অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০০ চনৰ কালছোৱাত ) বৃদ্ধিৰ হাৰ যথেষ্ট দ্ৰুত হৈছিল । গতিকে জনসংখ্যাৰ বৃদ্ধি হাৰৰ স্থানিক তাৰতম্যৰ বাবেই পৃথিৱীৰ জনসংখ্যা বিতৰণকে যথেষ্ট অসমতাৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিলগৈ । অৰ্থাৎ ১৮০০-১৯৫০ চনৰ সময়ছোৱাত কেৱল ৫০ বছৰতে জনসংখ্যা বৃদ্ধি পাইছিল ৩৫০ কোটি । ইয়াকে পৃথিৱীৰ জনবিম্ফোৰ বোলে । এনে অৱস্থাৰ সম্ভৱ হৈছে খাদ্য যোগানৰ নিশ্চয়তা , জীৱন ধাৰণৰ মানৱ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদিৰ ফলত , উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ ঘোষণা ২০১১ বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যাই ৭০০ কোটি সম্পূৰ্ণ কৰিছে । এনেদৰে বৃদ্ধি হৈ থাকিলে ২০২৫ বৰ্ষত পূথিৱীৰ জনসংখ্যাই ৮০০ কোটি আৰু ২০২৫ বৰ্ষত ৯৫০ কোটি অতিক্ৰম কৰিব বুলি ঠাবৰ কৰা হৈছে । অৱশ্যে পূথিৱীৰ সকলে ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ একে নহয় । 

২) পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্য কিমান ? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা । 

উত্তৰঃ পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা হ'ল ৭০০ কোটি । বিভিন্ন প্ৰাকৃতিক , অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতাৰ বাবে জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য হয় । 

৪) পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ লিখা । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত বিৰাজ কৰা ভূ-অৱযৱ, জলবায়ু,মাটি আদিৰ প্ৰকৃতি আৰু সম্পদ, ৰাস্তুা-ঘাট, অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ পাথৰ্ক্যৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ একে নহয় । অধিক ভৃমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তীৰ্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক অবস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ ইয়াত থূপ খাই আছে । জনসংখ্যাৰ বিতৰণ পাথৰ্ক্য আমি জনসংখ্যা ঘনত্বৰ দ্বাৰাত্ত বুজিব পাৰোঁ । অথাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে । এইদৰে দেখা যায় যে মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি আৰু ওছেনিয়াৰ ঘনত্ব আটাইতকৈ কম ।

                এখন ঠাইৰ ভূ-অৱৱয়ৰ প্ৰকৃতিয়ে ও জনসংখ্যা বিতৰণত যঠেষ্ট প্ৰভাৱ বিস্তুাৰ কৰে । অসম বিতৰণৰ প্ৰধান কাৰক বোৰ হ'ল - জলবায়ু , ভূ-অৱয়ৱ , মূত্তিকা, শক্তি আৰু খনিজ সম্পদ , যাতয়াত ব্যৱস্থা , আৰ্থ-সামাজিক ব্যৱস্থা ইত্যাদি । 

৫) জনসংখ্যা বিতৰণত ভূ-অৱয়ৱ আৰু জলবাযুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা । 

উত্তৰঃ এখন ঠাইৰ ভূ-অৱয়ৱৰ প্ৰতৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । এইক্ষেত্ৰত ঠাইখনৰ উচ্চাতা আৰু প্ৰকৃতিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে , পাৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূ-প্ৰকৃতিৰ পাথৰ্ক্য আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনসংখ্যা বিতৰণৰ পাথৰ্ক্য । নদী গঠিত সমভূমি আৰু উপকূলৱৰ্তী নিম্নভূমি অঞ্চলবোৰ কৃষিকাৰ্য তথা যাতায়াত ব্য়ৱস্থাত উপযোগী বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অতি বেছি । আনহাতে , পৰ্বত-পাহাৰে আৱৰা উচ্চ ওখোৰা মোখাৰা ঠাইবোৰ কৃষি আৰু যাতায়াতৰ সূচল নহয় বাবে সেই ঠাইবোৰত জন-সংখ্যা অতি সেৰেঙা ।

         জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰক ভিতৰত জলবায়ূৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ । এখন ঠাইৰ উষ্ণতাৰ অৱস্থা , বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিধাৰ্ৰণ কৰে । ক্ৰান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূৰ্ব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপৰ্মাপ্ত বৰষুণৰ বাবে কৃষিকাৰ্য উন্নতমানৰ আৰু সেয়ে জনসংখ্যাৰ ঘনত্বত্ত অধিক । 

৮) জন-প্ৰব্ৰজন বুলিলে কি বুজা ? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ কোনো লোক বা জনগোষ্টয়ে তেওঁলোকৰ বাসস্থানে ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যক জন-প্ৰব্ৰজন বোলে । 

        জন-প্ৰব্ৰজন  দুই প্ৰকাৰৰঃ অন্তঃ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন । 

৯) জন-প্ৰব্ৰজন কিয় হয় চমুকৈ লিখা ।

উত্তৰঃ জন-প্ৰব্ৰজন এটা অতি জটিল প্ৰক্ৰিয়া আৰু ই বিভিন্ন কাৰকৰ দ্বাৰা বিভিন্ন প্ৰকাৰে সংঘটিত হয় । মানুহে সদায় নিজৰ আথিৰ্ক তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্তানে উলিয়াই নন ঠাইলৈ প্ৰব্ৰজন-কৰে এনে প্ৰব্ৰজন এখন দেশৰ ভিতৰত বা এখন দেশৰ পৰা আন এখন দেশলৈ হয় । 

        সামাজিক কাৰকৰ অন্তগৰ্ত বৈবাহিক কাৰণতো যথেষ্ট পৰিমাণে প্ৰব্ৰজন হয় । এনে প্ৰব্ৰজনত মহিলাৰ অনুপাত যথেষ্ট বেছি । ইয়াৰোপৰি নগৰীয়া অঞ্চলত থকা শিক্ষা , চিকিৎসা আদিৰ সা-সুবিধাৰ বাবেও গাওঁ অঞ্চলৰ পৰা অধিক মাত্ৰাত জনপ্ৰব্ৰজন হল । 

১০) জন-প্ৰব্ৰজনৰ আৰ্কষী আৰু বিকৰ্ষী কাৰক সমূহ উল্লেখ কৰা । 

উত্তৰঃ জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকঃ

i) কৰ্মসংস্থাবানৰ অভাৱ , প্ৰতিকূল অৰ্থনৈতিক অৱস্থা । 

ii) নিম্নহাৰৰ দৰমহা , নিম্ন জীৱন ধাৰণৰ মান । 

iii) প্ৰতিকূল সামাজিক পৰিবেশ , সামাজিক বৈষম্য । 

আকৰ্ষী কাৰকঃ

i) কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য্য অনুকূল অৰ্থনৈতিক অৱস্থা , বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা । 

ii) উচ্চহাৰৰ দৰমহা, উন্নত জীৱন -ধাৰণৰ মান । 

iii) অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধনিতা ।

১১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা । 

উত্তৰঃ   যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ প্ৰব্ৰজন হয় তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে । 

উদাহৰণস্বৰূপেঃ 

ক) সপ্তদশ আৰু ঊনবিংশ শতিকাৰ মাজৰ কালছোৱাত ইংলেণ্ডকে ধৰি ইফৰোপৰ পৰা আন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন পাতল জন-বসতিৰ ঠাই লৈ হোৱা প্ৰব্ৰজন ।               

            ইয়াৰ   কাৰণে ১০ কৌটিতকৈয়ো অধিক ইউৰোপীয় লোক ৩ শতিকাৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছিল ।        

খ) ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা ভাৰত বিভাজনৰ বাবেও প্ৰায় ১৫-২০ নিয়ুত মানুহে অবিভাজিত ভাৰতবৰ্ষৰ এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰব্ৰজন হৈছিল । 

            ইয়াৰ কাৰণ আছিল ৰাজনৈতিক অস্থিৰতা তাৰ ফলস্বৰুপে ভাৰতবৰ্ষৰ ৰাজ্য অসম, নেপালৰ বহু ৰাজ্য আৰু বাংলাদেশৰ বহু ৰাজলৈ অনুপ্ৰৱেশ হৈ আছে । 

১২। চমুটোকা  লিখাঃ 

(ক) জন বিস্ফোৰণ

উত্তৰঃ অলাগতিয়াল ভাবে জনসংখ্যা বৃদ্ধি পোৱাক জন বিস্ফোৰণ বোলে । উন্নয়নশীল দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্য় দেশসমূহতকৈ বেছি । কোটি কোটি গতি জনসংখ্যাৰ বৃদ্ধিৰ বাবে দেশৰ বা ৰাজ্য ঠাই নাটনি হোৱা দেখিবলৈ পোৱা যায় । তৃতীয় বিশ্বৰ দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ বোলে । অৰ্থাৎ ১৮০০-১৯৫০ চনৰ সময়ছোৱাত ১৫০ বছৰত হোৱা ১৫০ কৌটি জনসংখ্যা বৃদ্ধিৰ তুলনাত ১৯৫০-২০০০ চনৰ সময়ছোৱাত কেৱল ৫০ বছৰতে জনসংখ্যা বৃদ্ধিৰ পাইছিল ৩৫০ কোটি । ইয়াকে পৃথিৱীৰ জনবিস্ফোৰণ বোলা হয় । 

(খ) জনসংখ্যাৰ ঘনত্ব

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব মানে হৈছে এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যাৰ ঘনত্ব হয় । পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সাৰুৱা ভৃমি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক । আনহাতে পৰ্বত-পাহাৰ তথা মালভূমি আৰু উষ্ণ জলবায়ু অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হয় ।                                                                                                                                     (গ) অন্তদেৰ্শীয় প্ৰব্ৰজন

উত্তৰঃ প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰতে সংঘটিত হয় তেতিয়া অন্ত প্ৰব্ৰজন বোলে । অন্তদেৰ্শীয় প্ৰব্ৰজন চাৰি প্ৰকাৰ । সেইকেইটা হ'ল ক) গাঁওৰ পৰা নগৰলৈ, খ) নগৰ পৰা গাঁৱলৈ, ঘ) নগৰ পৰা নগৰলৈ, ঙ) গাঁৱৰ পৰা গাঁৱলৈ । 

(ঘ) আন্তঃদেশীয় প্ৰব্ৰজন 

উত্তৰঃ মানুহে সদায় নিজৰ তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন ন ঠাইলৈ প্ৰব্ৰজন কৰে ।   যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ হয় বা দুখন বেলেগ বেলেগ দেশৰ মাজত প্ৰব্ৰজন হয়, তাক আন্তঃদেশীয় প্ৰব্ৰজন বোলে । উদাহৰণস্বৰূপে বাংলাদেশৰ পৰা ভাৰতলৈ বোৱা প্ৰব্ৰজন । ভাৰতপৰা আমেৰিকা পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন । 

(ঙ) জন প্ৰব্ৰজন আকৰ্ষী কাৰক

উত্তৰঃ জন প্ৰব্ৰজন আকৰ্ষী কাৰকসমূহ হ'লঃ 

ক) কৰ্ম সংস্থাপনৰ প্ৰাচুৰ্য্য, অনুকূূল অৰ্থনৈতিক অৱস্থা, বেছি  

Post a Comment

0 Comments