অমলপ্ৰভা দাस

 অমলপ্ৰভা দাস

উত্তৰ দিয়া

(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?

উত্তৰঃ অমলপ্ৰভা দাসৰ পিতৃ নাম ডা° হৰিকৃষ্ণ দাস আৰু মাতৃ নাম হেমপ্ৰভা।

(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ অমলপ্ৰভা দাসে ১০ বছৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?

উত্তৰঃ  তেখেতে শৰণীয়া পাহাৰত  তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্য়োগ পাতিছিল। 

(গ) এই উদ্যোগবােৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?

উত্তৰঃ এই উদ্য়োগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল।

(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ? 

উত্তৰঃ চৰকাৰে অমলপ্ৰভা দাসক 'পদ্মবিভূষণ' সন্মান দিবলৈ বিচাৰিছিল।


*তলৰ কথাখিনি কোনে , কাক , কিয় , কৈছিল কোৱা আৰু লিখা। 

প্ৰশ্নঃ '‘মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল'ব নােৱাৰিম, কিয়নাে ই মােৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মােক অনুগ্রহ কৰি মার্জনা কৰে যেন।'' 

উত্তৰঃ ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিস্বৰূপে 'পদ্মবিভূষণ' সন্মান প্ৰদান কৰিছিল। কিন্তু সেই সন্মান গ্ৰহণ নকৰি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে কৈছিল।


প্ৰশ্নঃ স্কুলীয়া জীৱনত অমল প্রভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক কি কি কামত সহায় কৰিছিল?

উত্তৰঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল।


প্ৰশ্নঃ কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল? 

উত্তৰঃ ময়ত ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়েহে অমলপ্ৰভা দাসক কটন কলেজত পঢ়িবলা দিয়া নাছিল।


প্ৰশ্নঃ শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ অসমৰ ডেকা-ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল শৰণীয়া পাহাৰত উদ্য়োগ স্থাপন কৰাৰ মূল উদ্দেশ্য।


জানো আহা-

শব্দ - অৰ্থ

পৰম্পৰা - অবিচ্ছেদ্য ধাৰা, এটাৰ পাছত আন এটা।

নম্ৰ - নত, দো খাই থকা।

নিষ্ঠা - শ্ৰদ্ধা, দৃঢ় ভক্তি।

থমকি - ৰৈ যোৱা, আগ নবঢ়াকৈ থকা। 

সহ-শিক্ষা - ল'ৰা ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা।


তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা।

ব্ৰু - ডিব্ৰুগড়।

ষ্ট্ৰ - ৰাষ্ট্ৰ।

স্ব - স্বাৱলম্বী।

ণ্ঠ - কণ্ঠ।

ষ্ণ - কষ্টসহিষ্ণু।

ম্ৰ -নম্ৰ।

ন্থ - গ্ৰন্থ।

শ্ৰ - আশ্ৰয়।

ন্ম - সন্মান।

প্ল - প্লাৱন।


এটা শব্দত প্ৰকাশ কৰোঁ আহা

(ক) সমাজত সেৱা কৰা লোক - সমাজসেৱক

(খ) দেশক ভালপোৱাৰ মানুহ - দেশপ্ৰেমিক

(গ) বিপ্লৱ কৰোঁতাজন - বিপ্লৱীয়

(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক - ছহীদ

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক - আত্মনিৰ্ভৰশীল


উদাহৰণৰ দৰে শব্দ গঠন কৰা।

উদাহৰণ - নম্ৰ - নম্ৰতা

(ক) সাধু - সাধুতা।

(খ) ভদ্ৰ - ভদ্ৰতা।

(গ) দৃঢ় - দৃঢ়তা।

(ঘ) শিক্ষক - শিক্ষকতা।

(ঙ) সাৰ্থক - সাৰ্থকতা।

(চ) মূৰ্খ - মূৰ্খতা

(ছ) সৰল  - সৰলতা

(জ) উজ্জ্বল - উজ্জ্বলতা


প্ৰশ্নঃ অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

উদাহৰণ- কথা - অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে।

কঠা - পাঁচ কঠাই এবিঘা মাটি হয়।

পাতঃ গছৰ পাতে খাদ্য় প্ৰস্তুত কৰে। 

পাটঃ অসমৰ শুৱালকুছিত পাট-মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়।

হাতঃ ৰাজে নিজ হাতেৰে এটা মূৰ্তি প্ৰস্তুত কৰিছে।

হাটঃ আমাৰ ইয়াত শুক্ৰবাৰে সাপ্তাহিক হাট বহে।

ল'ৰাঃ ল'ৰা-ছোৱালীবোৰে পথাৰত খেলি আছে। 

লৰাঃ স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালো।

ছুটীঃ স্কুল খতি কৰিলে ছুটী মঞ্জুৰিৰ বাবে আৱেদন কৰিব লাগে। 

চুটি ঃ স্কেলপাত চুটি

গাঁওঃ বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুলৰ ব্য়ৱস্থা কৰা হৈছে।

গাওঁঃ মই গান গাওঁ

গড়ঃ আমাৰ দেশৰ মানুহৰ গড় আয় কম।

গঁড়ঃ  অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্য়াত।


উত্তৰ দিয়া । 

*চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনৰ ১৬ মাৰ্চত দৈশিঙৰি গাঁৱত হৈছিল।

*তেখেতে প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?

উত্তৰঃ তেখেতে প্ৰাথমিক শিক্ষা পেহীয়েকৰ ঘৰত গৈ লাভ কৰিছিল।

*চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছােৱালীবিলাকৰ বাবে কি কৰিছিল?

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰথমিক স্কুল আৰম্ভ কৰিছিল।

*তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল? 

উত্তৰঃ উপ-পৰিদৰ্শকে পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল।

*তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?

উত্তৰঃ তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল।

Post a Comment

0 Comments