পখী আৰু মানুহ

 পখী আৰু মানুহ


উত্তৰ দিয়া
(ক) সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰঃ সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল।

(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য় কি আছিল?
উত্তৰঃ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য় চৰাই মঙহ আছিল।

(গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?
উত্তৰঃ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই-চিৰকটিক কোৱা হৈছে

(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী।

(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰঃ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল।

প্ৰশ্নঃ কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।

(ক) '' আচলতে চৰাইবোৰ খতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।''
উত্তৰঃ উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে।
সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিল।

(খ) "এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।' 
উত্তৰঃ "এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।'' উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। যেতিয়া সবৰ্ধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল।


প্ৰশ্নঃ কাৰণ দৰ্শাই লিখা।

(ক) সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হল?
উত্তৰঃ সৰ্বধনু ৰাজ্যৰ গছ-গছনি, পাত লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হল।

(খ) কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে ?
উত্তৰঃ সৰ্বধনু ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট-পতংগই খাই নিঃশেষ কৰিলে। 

(গ)মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল।

প্ৰশ্নঃ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল? বুজাই লিখা।
উত্তৰঃ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ-সাদৰ কৰি ৰাজ কাৰেঙত অতিথি ৰূপে আদৰি নিলে। আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজা আগত নিজৰ পৰিচয় ব্যক্ত কৰি কলে - 'মহাৰাজ মই মধুকৰ। মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ।'

প্ৰশ্নঃ তলৰ বাক্যবােৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।

(ক) সর্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।
উত্তৰঃ সর্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।

(খ)ৰজা সর্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। 
উত্তৰঃ ৰজা সর্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল।

(গ) কীট - পতংগবােৰে খেতি - বাতি ৰক্ষা কৰে।
উত্তৰঃ কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে।

(ঘ) ৰজা মধুকৰে সর্বধনু ৰজাক চিনি নাপালে। 
উত্তৰঃ ৰজা মধুকৰে সর্বধনু ৰজাক চিনি পালে।

প্ৰশ্নঃ বিপৰীত লিংগ বুজোৱা শব্দ লিখা।

উদাহৰণ- ৰজা - ৰাণী        
যুৱক - যুৱতী
ল'ৰা - ছোৱালী
দৰা - কইনা
বন্ধু - বান্ধৱী

প্ৰশ্নঃ শব্দবোৰ ভাঙি দেখুওৱা।


                  পদ  -  শব্দ  - বিভক্তি

উদাহৰণ- মধুকৰে - মধুকৰ  + এ

                 যুৱকে - যুৱক  + এ
                 
                 মানুহে - মানুহ  + এ
                  
                 চৰাইজাকক - চৰাইজাক  +  ক

                 ৰজাক - ৰজা + ক

                 কাঁড়েৰে - কাঁড়  + এ, ৰে

                 দেশলৈ - দেশ  + ল, অলৈ


প্ৰশ্নঃ পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা।

বিশেষ্য

বিশেষণ

সৰ্বনাম

পখী

সজ

তেওঁ

মাধৱী

আদৰ        

চৰাই

সৰ্বধনু ৰজা

ভাল

আপুনি

মধুকৰ

 

সৈতে

শালিকা

 

সকলোৱে

বগলী

 

মই



প্ৰশ্নঃ বিপৰীত অৰ্থবোধক শব্দ লিখা-

উত্তৰঃ
প্ৰিয়    - অপ্ৰিয়
ভয় - নিৰ্ভয়
বন্ধু - শত্ৰু
সুফল - কুফল
অনুচিত - উচিত
পুৰস্কাৰ - তিৰস্কাৰ
অপকাৰী - উপকাৰী
অমংগল - মংগল
অনুপস্থিত - উপস্থিত


প্ৰশ্নঃ বাক্য় ৰচনা কৰা-

উত্তৰঃ 
আদৰ-সাদৰঃ মানুহ গৰাকীৰ আদৰ-সাদৰ দেখি বৰ ভাল লাগিছিল।
লালন-পালনঃ শংকৰদেৱক বুঢ়ীমাক খেৰসূতীয়ে লালন-পালন কৰি দাঙৰ-দীঘল কৰিছিল।
খেতি-বাতিঃ কীট-পতংগবোৰে শস্য় খাই খেতি-বাতিৰ অনিষ্ট কৰে।
চৰাই-চিৰিকটিঃ দোকমোকালিতে চৰাই-চিৰিকটিয়ে নানা ধৰণৰ গীত গায়।
গছ-গছনিঃ গছ-গছনিয়ে আমাক অক্সিজেনৰ যোগান ধৰে।
কীট-পতংগঃ কীট-পতংগবোৰক চৰাই-চিৰিকটিয়ে খায়।

Post a Comment

0 Comments