i

History Class 12 all question and answers

 

ইটা মণি আৰু হাড়বোৰ

অতি চমু প্রশ্নোত্তৰ প্রশ্ন

 

প্ৰশ্ন ১। মহেঞ্জোদাৰোৰ ৰাস্তাবিলাক কিমান আহল বহল আছিল ?

উত্তৰঃ প্রায় ১৩.৫ মিটাৰৰ পৰা ৩৩ মিটাৰ পর্যন্ত আহল বহল আছিল ।

 

প্রশ্ন ২। কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্রমণ কৰিছিল ।

উত্তৰঃ খ্রীঃ পূঃ ৩২৬ ত আক্রমণ কৰিছিল ।

 

প্রশ্ন ৩। লিংগ বুলিলে কি বুজা ?

উত্তৰঃ সদাশিৱৰ পূজাৰ লগত লিংগ জড়িত ।

 

প্রশ্ন ৪। কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিল ?

উত্তৰঃ প্রায় খ্রীঃ পূঃ ১৭০০ বা খ্রীঃ পূঃ ১৭৫০ ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল বুলি কোৱা হয় ।

 

প্রশ্ন ৫ । সভ্যতা বুলিলে কি বুজা ?

উত্তৰঃ কোনো ব্যক্তি বা সমাজৰ বিৱৰ্তন প্রক্রিয়াকে সভ্যতা বুলি কোৱা হয় ।

 

প্রশ্ন ৬। মহেঞ্জোদাৰোৰ স্থানাগাৰটোৰ আয়তক্ষেত্র কিমান আছিল ?

উত্তৰঃ ইয়াৰ আয়তক্ষেত্র ৩০x২৩x৪ মিটাৰ আছিল ।

 

প্রশ্ন ৭। হৰপ্পা সভ্যতাৰ বিকাশ কাল উল্লেখ কৰা ।

উত্তৰঃ খ্রীঃ পূঃ ২৫০০ ৰ ভিতৰত এই সভ্যতাই বিকাশ লাভ কৰিছিল ।

 

প্রশ্ন ৮। সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল ?

উত্তৰঃ দুয়োফালে প্রায় ১৬০০ কিলোমিটাৰ বিস্তৃত আছিল ।

 

প্রশ্ন ৯। মেছোপটেমীয়া আৰু বেবিলনীয় সভ্যতাৰ বিকাশ কাল নিৰূপণ কৰা ।

উত্তৰঃ খ্রীঃ পূঃ ৩২৫০ ৰ পৰা খ্রীঃ পূঃ ২৭৫০ ৰ ভিতৰত এই সভ্যতাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয় ।

 

প্রশ্ন ১০। সিন্ধু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চীল মোহৰ আৱিষ্কাৰ হৈছে ?

উত্তৰঃ প্রায় ১০৭ টা চীল মোহৰ আৱিষ্কাৰ হৈছে ।

 

প্রশ্ন ১১। হৰপ্পা সভ্যতাৰ বিষয়ে কেতিয়া তথ্য লাভ কৰা গৈছিল ?

উত্তৰঃ ১৯২১-২২ চনত তথ্য লাভ কৰা গৈছিল ।

 

প্রশ্ন ১২।সামাজিক বৈষম্য সৃষ্টি কৰা এটা উপাদানৰ নাম লিখা ।

উত্তৰঃ ব্যক্তিগত সম্পত্তিয়ে সমাজৰ বৈষম্যৰ সৃষ্টি কৰে ।

 

প্রশ্ন ১৩। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল ।

উত্তৰঃ ভাৰতীয় পূৰাতত্ত্ব বিভাগৰ পিতৃ পুৰুষ আছিল ।

 

প্রশ্ন ১৪। লিপি বুলিলে কি বুজা ?

উত্তৰঃ লিখাৰ পদ্ধতিকে লিপি বুলি কোৱা হয় ।

 

প্রশ্ন ১৫। জাতক বুলিলে কি বুজা ?

উত্তৰঃ জাতকবোৰ হল পুথি । এইবোৰ পালি ভাষাত উল্লেখ হৈছিল ।

 

প্রশ্ন ১৬। দ্রোণ কোন আছিল ?

উত্তৰঃ দ্রোণ এজন ব্রাহ্মণ পণ্ডিত আছিল তেওঁ কুৰুবংশৰ কোৱৰসকলক ধনুবিদ্যা শিকাইছিল ।

 

প্রশ্ন ১৭। দ্রৌপদী কোন আছিল ?

উত্তৰঃ দ্রুপদ ৰজাৰ জীয়ৰী দ্রৌপদী পঞ্চপাণ্ডৱৰ সহধর্মীণী আছিল ।

 

প্রশ্ন ১৮। গৌতম আৰু বশিষ্ঠ কোন আছিল ?

উত্তৰঃ এই দুয়োজন বৈদিক যুগৰ ঋষি আছিল ।

 

প্রশ্ন ১৯। এটা বংশৰ দুটা পৰিয়ালৰ মাজত চলা বিবাদৰ কাহিনী কোনখন কাব্যত বর্ণনা কৰা হৈছে ?

উত্তৰঃ মহাভাৰত নামৰ কাব্যত বর্ণনা কৰা হৈছে ।

 

প্রশ্ন ২০। সিন্ধু সভ্যতাৰ যুগত কেইবিধ বিবাহ পদ্ধতিৰ কথা জনা যায় ?

উত্তৰঃ চাৰিবিধ বিবাহ পদ্ধতিৰ কথা জনা যায় ।

 

প্রশ্ন ২১। বৈশ্যসকল কি বৃত্তিৰ লগত জড়িত আছিল ?

উত্তৰঃ তেওঁলোক  ব্যৱসায় বাণিজ্যৰ লগত জড়িত আছিল ।

 

প্রশ্ন ২২। বাঘক কিয় ঘৰৰ মুখিয়ালজনৰ লগত তুলনা কৰা হৈছে ?

উত্তৰঃ কাৰণ বাঘৰদৰে ঘৰৰ মুখিয়ালজন সাহসী আৰু শক্তিশালী হোৱা উচিত ।

 

প্রশ্ন ২৩। প্রাকৃতিক মনোমোহা সুদর্শন হ্রদ কত অৱস্থিত আছিল ?

উত্তৰঃ গুজৰাটৰ গিৰিণাৰ নামে ঠাইত এই হ্রদটো অৱস্থিত আছিল ।

 

প্রশ্ন ২৪। ইন্দ্ৰ দেৱতাক অন্য কি নামেৰে জনা যায় ।

উত্তৰঃ বৰুণ দেৱতা হিচাপেও জনা যায় ।

 

প্রশ্ন ২৫। কোনখন গাঁৱৰ পৰা পাটলীপুত্ৰ চহৰখন গঢ়ি উঠিছিল ?

উত্তৰঃ পাটলী গ্রাম নামৰ গাঁওখন পিছলৈ পাটলীপুত্র চহৰ হয় ।

 

প্রশ্ন ২৬। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন ?

উত্তৰঃ ডাইৰেক্টৰ জেনেৰেল আলেকজেণ্ডাৰ কানিংহাম ।

 

প্রশ্ন ২৭। দেৱনামপ্রিয় প্রিয়দর্শী বুলি কাক বুজোৱা হৈছিল ?

উত্তৰঃ মৌর্য সম্রাট অশোকক কোৱা হৈছিল ?

 

প্রশ্ন ২৮। হৰপ্পা যুগৰ এখন নগৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ লোথাল হল হৰপ্পা যুগৰ এখন নগৰ ।

 

প্রশ্ন ২৯। কোনজন গুপ্ত সম্রাটৰ নামৰ লগত সুদর্শন হ্ৰদৰ নাম জড়িত ?

উত্তৰঃ গুপ্ত সম্রাট ৰুদ্ৰদমনৰ নামৰ লগত এই হ্রদৰ নাম জড়িত আছিল । কাৰণ প্রাকৃতিক দুর্যোগৰ সময়ত এই হ্রদৰ যি ক্ষতি সাধন হৈছিল , পিছত ৰুদ্ৰদমনে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল বুলি কোৱা হয় ।

 

প্রশ্ন ৩০। ভাৰতবৰ্ষৰ পুৰাতত্ত্বৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয় ?

উত্তৰঃ আলেকজেণ্ডাৰ কানিংহামকে ভাৰতৰ পুৰাতত্ব বিভাগৰ পিতৃ বুলি কোৱা হয় । তেওঁ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্রথম ডাইৰেক্টৰ জেনেৰেল আছিল

 

প্রশ্ন ৩১। অর্থশাস্ত্র পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ কৌটিল্য বা চানক্য ।

 

প্রশ্ন ৩২। হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম হ

( ক ) ৰাজস্থানৰ কালিনগানআৰু

( খ ) গুজৰাটৰ লোথাল  

 

প্রশ্ন ৩৩। শিলালিপিসমূহৰ সাক্ষ্য সীমাবদ্ধতা কিছুমান উল্লেখ কৰা ।

উত্তৰঃ শিলালিপিবোৰৰ সীমাবদ্ধতা আছে

( ক ) শিল্পকৌশলমূলক সীমাবদ্ধতা লিপিৰ দূর্বোধ্য পাক ।

( খ ) খোদাই কৰা আখৰৰ অস্পষ্টতাৰ বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে ।

( গ ) হাজাৰ বছৰ পৌৰাণিক হোৱাৰ বাবে বাখৰবোৰ ভগাছিগা , লুপ্ত হোৱা বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে ।

( ঘ ) লিপিত ব্যৱহাৰ কৰা শব্দৰ অৰ্থ বা মানে স্থিৰ কৰাটো নিশ্চিত কৰিব নোৱাৰি ।

( ঙ ) স্থান বিশেযে শব্দৰ ব্যৱহাৰ বা অর্থ বেলেগ বেলেগ হব পাৰে কাৰণে পাঠোদ্ধাৰ নিশ্চিত নহয় । গতিকে শিলালিপিৰ সীমাবদ্ধতা থকা দেখা যায়

 

প্রশ্ন ৩৪। হৰপ্পা সভ্যতাৰ যি কোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ ( ক ) সুন্দৰ পৰিকল্পনাৰে এখন নগৰীয়া সভ্যতা আছিল ।

( খ ) নগৰৰ মাজত আছিল উন্নত নলাসজা পদ্ধতি ।

 

প্রশ্ন ৩৫। হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল ?

উত্তৰঃ এই সঁজুলি বিধক জাত বুলি জনা গৈছিল ।

 

প্রশ্ন ৩৬। Further excavations of Mohenjo – daro কোনে লিখিছিল ?

উত্তৰঃ আর্ণেষ্ট মেক নামৰ লোকজনে লিখিছিল ।

 

প্রশ্ন ৩৭। ব্রাহ্মী আৰু খৰেষ্টি আখৰৰ পাঠ উদ্ধাৰ প্রথমে কোনে কৰিছিল ?

উত্তৰঃ জেমচ প্রিন্সচেপে এই আখৰৰ পাঠ প্রথমে উদ্ধাৰ কৰিছিল ।

 

প্রশ্ন ৩৮। সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে কত আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ হৰপ্পা  আৰু মহাঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল ।

 

প্রশ্ন ৩৯। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল ?

উত্তৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ আছিল ।

 

প্রশ্ন ৪০। হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম হল গম

 

প্রশ্ন ৪১। গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল ?

উত্তৰঃ হৰিসেন আছিল ৰাজসভাৰ কবি ।

 

চমু প্রশ্নোত্তৰ ( ২/৩/৪ )

প্রশ্ন ১। তলত উল্লেখ কৰা নাম কেইটাৰ অৰ্থ প্ৰকাশ কৰা ।

কুবেৰ , বৰুণ , ইন্দ্ৰ আৰু যম ।

উত্তৰঃ কুবেৰ __ধনৰ দেৱতা ।

বৰুণ___পানীৰ দেৱতা ।

ইন্দ্র___স্বৰ্গৰ দেৱতা ।

যম____মৃত্যুৰ দেৱতা ।

 

প্রশ্ন ২। সিন্ধু সভ্যতাৰ আন এটি নাম কি ? পুৰাতত্ববিদৰ মতে সংস্কৃতিশব্দৰ অর্থ কি ?

উত্তৰঃ হৰপ্পা হল সিন্ধু সভ্যতাৰ আন এটি নাম । হৰপ্পা সভ্যতাৰ পৰাই সংস্কৃতি শব্দটোৰ উৎপত্তি হৈছিল । সংস্কৃতি শব্দটোৱে কোনো ঠাইত উদ্ধাৰ হোৱা ভগ্নাৱশেষক বুজায় ।

 

প্রশ্ন ৩। সুদর্শন হ্ৰদৰ বিষয়ে কৰ পৰা জানিব পাৰে ? কোনে ইয়াক নির্মাণ কৰাইছিল ?

উত্তৰঃ প্ৰাকৃতিক সৌন্দর্যৰে ভৰপূৰ সুদর্শন হ্রদটো গুজৰাটৰ গিৰিণাৰনামে ঠাইত অৱস্থিত । মৌর্য যুগৰ গুজৰাটৰ এজন স্থানীয় শাসকে এই হ্রদটো নিৰ্মাণ কৰাইছিল ।

 

প্রশ্ন ৪। প্রাচীন ভাৰতৰ প্ৰথম পুথিখনৰ নাম লিখা ।

উত্তৰঃ মনুস্মৃতি ।

 

প্রশ্ন ৫। হৰপ্পা যুগত সভ্যতা আৰু সংস্কৃতিক বিকাশ হোৱা ঠাইবোৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা যুগত সভ্যতা আৰু সংস্কৃতি বিকাশ হোৱা ঠাইবোৰ হল বর্তমান পাকিস্তানৰ কিছু অংশ , দক্ষিণ আফগানিস্তান । পাঞ্জাৱ , ৰাজস্থান , গুজৰাট , হবিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ । জম্মু , বেলুচিস্তান , গুজৰাট ।

 

প্রশ্ন ৬। হৰপ্পা যুগৰ নগৰবোৰৰ কেইটমান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা যুগৰ নগৰবোৰৰ কেইটামান প্রধান বৈশিষ্ট্য হ ( ক ) নগৰবোৰ সুন্দৰ আঁচনিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল

( খ ) নগৰবিলাক দুটা ভাগত ভাগ কৰা হৈছিল বাহিৰ নগৰ অংশ আৰু ভিতৰৰ নগৰ অংশ ।

( গ ) নগৰবোৰৰ বাস্তবোৰ সুন্দৰ পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছিল ।

( ঘ ) ঘৰবোৰ নিৰ্মাণৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰা হৈছিল ।

 

প্রশ্ন ৭। সিন্ধু সভ্যতাৰ নলা নর্দমা সম্বন্ধে মেকে কি মন্তব্য কৰিছিল ?

উত্তৰঃ মেক নামৰ পণ্ডিতজনে সিন্ধু সভ্যতাৰ যুগৰ নলা ব্যৱস্থাক প্রাচীন কালৰ অতি উন্নত পৰিকল্পনা বুলি অভিহিত কৰিছিল । কাৰণ সেই সময়ত নোখান্দি নগৰৰ পানীবোৰ বাহিৰলৈ যোৱাৰ  ব্যৱস্থা কৰিছিল ।

 

প্রশ্ন ৮। চানহুদাৰোৰ জনসাধাৰণৰ শিল্প সম্বন্ধে চমুকৈ লিখা ।

উত্তৰঃ চানহুদাৰোৰ নগৰখন ইটাৰে নির্মিত আছিল । ইয়াত এটি মণি তৈয়াৰ কৰা কাৰখানাও আছিল বুলি জনা যায় । ইয়াৰোপৰি মণি বিন্ধা কৰা যন্ত্র এটিও আৱিষ্কৃত হৈছে ।

 

প্রশ্ন ৯। ভাৰতৰ বিষয়ে বিৱৰণ লিখাৰ ক্ষেত্ৰত আলবেৰুণীয়ে সন্মুখীন হোৱা সমস্যা দুটা লিখা ।

উত্তৰঃ সমস্যা দুটা হ

( ক ) সংস্কৃত ভাষাটোৰ আৰবী আৰু পাৰ্চী ভাষাৰ পাৰ্থক্য ।

( খ ) ধর্ম বিশ্বাস আৰু ব্যৱহাৰিক নীতিৰ পার্থক্য

 

প্রশ্ন ১০। লোথাল  চহৰত ইটাৰে নির্মিত দুটা নির্মাণ কাৰ্যৰ নাম লিখা ।

উত্তৰঃ ( ক ) লোথাল  চহৰৰ ঘৰবোৰ ইটাৰে তৈয়াৰ কৰা হৈছিল ।

( খ ) চহৰৰ নলাবোৰ ইটাৰে তৈয়াৰ কৰা হৈছিল ।

 

প্রশ্ন ১১। হৰপ্পা যুগৰ শিক্ষাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা যুগৰ শিক্ষাৰ প্ৰসাৰৰ বিষয়ে বিশেষ তথ্য পাবলৈ নাই । ইয়াৰোপৰি সকলো মানুহ শিক্ষিত আছিল বুলি কোনো তথ্য পোৱা নাযায় । অৱশ্যে কিছুসংখ্যক মানুহ শিক্ষিত আছিল বুলি জনা যায় ।

 

প্রশ্ন ১২। হৰপ্পা সভ্যতাৰ যুগত সম্পর্ক থকা তিনিখন বাহিৰা দেশৰ নাম উল্লেখ কৰা ।

উত্তৰঃ এই তিনিখন বাহিৰৰ দেশ হল ওমান , দিশমুন আৰু মেছোপটেমিয়া ।

 

প্রশ্ন ১৩। হৰপ্পা যুগৰ চোতালবোৰৰ  ব্যৱহাৰ সম্পর্কে লিখা উত্তৰঃ হৰপ্পা যুগৰ ঘৰবোৰৰ মাজত ডাঙৰ ডাঙৰ চোতাল তৈয়াৰ কৰা হৈছিল । এই চোতালবোৰ সাধাৰণতে ৰন্ধাবঢ়া আৰু বোৱা কটাৰ বাবে ব্যৱহাৰ কৰা হৈছিল । গ্রীষ্ম আৰু শীতকালত এই চোতালবোৰৰ ব্যৱহাৰ সমানে হৈছিল ।

 

প্রশ্ন ১৪। হৰপ্পা যুগৰ নগৰবোৰৰ বৈশিষ্ট্যবোৰ কি কি আছিল ?

 

উত্তৰঃ ( ক ) হৰপ্পা যুগৰ নগৰবোৰ পৰিকল্পনাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ।

( খ ) নগৰসমূহ দুটা ভাগত ভাগ কৰা হৈছিল বাহিৰৰনগৰ অংশ আৰু ভিতৰৰৰ নগৰ অংশ

( গ ) নগৰৰ চোতালবোৰ আহল বহল আৰু ভাগ ভাগ কৰা হৈছিল ।

( ঘ ) ঘৰবোৰ শৃঙ্খলাবদ্ধভাৱে নিৰ্মাণ কৰা দেখা গৈছিল ।

 

প্রশ্ন ১৫। হৰপ্পা সভ্যতা কিমান ঠাই জুৰি আছিল ?

উত্তৰঃ হৰপ্পা সভ্যতা ১২,৯৯,৮০০ কিলোমিটাৰ জুৰি বিস্তৃত আছিল । চহৰৰ চাৰিসীমা সমকোণী ধৰণৰ আছিল । উল্লেখযোগ্য যে আন সকলো সভ্যতাৰ ভিতৰত হৰপ্পা সভ্যতাৰ বিস্তৃতি অতি বেছি আছিল ।

 

প্রশ্ন ১৬। সমুদ্রগুপ্তৰ লগত জড়িত প্রশস্তিখনৰ নাম লিখা । বর্তমান ভাৰতৰ কোন ঠাইত এই প্রশস্তিখন পোৱা যায় ?

উত্তৰঃ সমুদ্রগুপ্তৰ লগত এলাহবাদ প্রশস্তিৰ নাম জড়িত হৈ আহিছে বর্তমানে এই  প্রশস্তি পত্ৰখন উত্তৰ প্ৰদেশৰ এলাহাবাদত পোৱা যায় ।

 

প্রশ্ন ১৭। ( ক ) সিন্ধু সভ্যতাৰ সময়কাল নিৰূপণ কৰা ।

উত্তৰঃ ধাতুৰ ব্যৱহাৰৰ ফালৰ পৰা সিন্ধু সভ্যতা অস্ত্র যুগৰ বুলি কোৱা হয় । কাৰণ এই যুগত তামৰ ব্যৱহাৰ বহুল পৰিমাণে হৈছিল । সময়সীমাৰ ফালৰপৰা সিন্ধু সভ্যতাৰ কালছোৱা হল খ্রীঃপূঃ ২৬০০ ৰপৰা খ্রীষ্টাব্দ ১৯০০ লৈ ।

 

প্রশ্ন ১৮। ( খ ) পৰিত্যক্ত পেলনীয়া সামগ্রীও ইতিহাস পুনৰনিৰ্মাণৰ বাবে আৱশ্যকীয় উপকাৰী হোৱাৰ দুটা কাৰণ দেখুওৱা ।

উত্তৰঃ কাৰণ দুটা

( ক ) বুৰঞ্জীবিদসকলে পেলনীয়া সামগ্ৰীৰ পৰা বহু তথ্য আৱিষ্কাৰ কৰিব পাৰে ।

( খ ) মৃতকৰ সমাধিৰ পৰা সাংস্কৃতিক নীতি নিয়ম জানিব পাৰে , সময় নিৰূপণ কৰিব পাৰে ।

 

প্রশ্ন ১৯ । হৰপ্পা সভ্যতাৰ সময়ৰ আৱিষ্কৃত কিছুমান ধাতুৰ নাম লিখা ।

উত্তৰঃ আৱিষ্কৃত কিছুমান ধাতু হল মোহৰ , পুৰা ইটা , জোখ মাফ , টিন , ব্রোঞ্জ , তাম আদি ।

 

প্রশ্ন ২০। সিন্ধু সভ্যতাৰ স্তৰ কেইটাৰ কথা উল্লেখ কৰা ।

উত্তৰঃ সিন্ধু সভ্যতাক সাধাৰণতে চাৰিটা স্তৰত ভাগ কৰা হৈছে । এই স্তৰ কেইটা হ

( ক ) সিন্ধু সভ্যতাৰ আদিস্তৰ ।

( খ ) সিন্ধু অৱবাহিকাৰ উত্তৰ অঞ্চল

( গ ) সিন্ধু সভ্যতাৰ সূচনা পর্ব । আৰু

( ঘ ) সিন্ধু সভ্যতাৰ পৈণত কাল ।

 

প্রশ্ন ২১। সিন্ধু সভ্যতাৰ যুগৰ নলাবোৰ কেনেদৰে নিৰ্মাণ কৰা হৈছিল ?

উত্তৰঃ সেই যুগত নলাবোৰ আঁচনিৰ দ্বাৰা নির্মাণ কৰা হৈছিল । উদাহৰন হিচাপে প্ৰতিটো পৰিয়ালৰ পৰা মলিয়ন পানী ওলাই যোৱাৰ  কাৰণে পুৰা  ইটাৰে নলা নির্মাণ কৰা হৈছিল । এই পানীবোৰ ওলাই গৈ মূল পথৰ নলাত পৰিছিলগৈ । আৰু সেই নলাৰে পানী গৈ সিন্ধু নদীত পৰিছিল

 

প্রশ্ন ২২। সিন্ধু সভ্যতাৰ পতনৰ তিনিটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ সিন্ধু সভ্যতাৰ পতনৰ তিনিটা কাৰণ হ

( ক ) বিশাল সাম্রাজ্যৰ অখণ্ডতা ৰখাৰ ক্ষেত্ৰত দেখা দিয়া ব্যর্থতা ।

( খ ) আভ্যন্তৰীণ বিশৃংখলতা । আৰু

( গ ) ইন্দ্র বা বৰুণ দেৱতাৰ দ্বাৰা সংঘটিত হোৱা প্রাকৃতিক দুর্যোগ ।

 

প্রশ্ন ২৩। মেকেৰ মতে হৰপ্পা যুগৰ জনসাধাৰণ চাফ চিকুণ , স্বাস্থ্য আৰু পৰিৱেশ সম্পর্কে কেনেধৰণৰ সজাগতা অৱলম্বন কৰিছিল ?

 

উত্তৰঃ মেকেৰ মতে হৰপ্পা যুগৰ জনসাধাৰণ পৰিৱেশ সম্বন্ধে সজাগ আছিল । কাৰণ দূষিত পানী ওলাই যোৱাৰ  কাৰণে পুৰা  ইটাৰে নলা নির্মাণ কৰা হৈছিল । নলাবোৰ চাফ চিকুণকৈ ৰখাৰ কাৰণে নলাৰ ওপৰত ঢাকনি দিয়া হৈছিল । ঘৰৰ সন্মুখ চাফ চিকুণ কৰি ৰাখিছিল । মুঠতে সেই যুগৰ জনসাধাৰণ পৰিয়াল সম্পর্কে খুব সজাগ আছিল ।

 

প্রশ্ন ২৪। ১৯৪৭ চনত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রথম জন কোন আছিল ? কোনখন পুঁথিৰ জৰিয়তে আৰু কাক সিন্ধু সভ্যতাৰ ধ্বংসকাৰী বুলি কৈছিল ।

 

উত্তৰঃ ঘৰ ৰবাৰ্ট এৰিক মার্টিমাৰ হুইলাৰ আছিল সেই সময়ৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্রধান । ঋকবেদত উল্লেখ থকা মতে ইন্দ্ৰদেৱতাক সিন্ধু সভ্যতাৰ ধ্বংসকাৰী বুলি কোৱা হৈছে । কাৰণ বিশেষ কাৰণত ইন্দ্রই নগৰখনত বানপানীৰ সৃষ্টি কৰি এই সভ্যতাক ধ্বংস কৰিছিল ।

 

প্রশ্ন ২৫। ঋকবেদত উল্লেখ থকা পূৰ শব্দৰ অর্থ কি ?

উত্তৰঃ ঋকবেদত উল্লেখ থকা পূৰ শব্দৰ অৰ্থ হল বান্ধ বা মথাউৰি ।

 

প্রশ্ন ২৬। হৰপ্পা সভ্যতাৰ যুগৰ ধর্ম সম্বন্ধে আলোচনা কৰা ।

উত্তৰঃ হৰপ্পা যুগৰ লোকসকল মাতৃ পূজাত বিশ্বাসী আছিল বুলি কোৱা হয় । ইয়াৰোপৰি তেওঁলোকে কিছুমান নির্বোধ জীৱ জন্তুকো পূজা পাতল কৰিছিল । এইবোৰৰ ভিতৰত গড় , সিংহ , বাঘ আদি । এই বিলাকৰ পৰা জনসাধাৰণৰ মাজত টোটেম বিশ্বাসৰ গভীৰতাৰ বিষয়ে জানিব পাৰি । এই ক্ষেত্ৰত ধ্যানমগ্ন যোগীক ভালেমান পশুৱে আগুৰি থকা চীলটোলৈ আঙুলিয়াব পাৰি ।

 

প্রশ্ন ২৭। হৰপ্পা যুগৰ কিছুমান গৃহৰ নাম উল্লেখ কৰা ।

উত্তৰঃ সেই যুগৰ কিছুমান উল্লেখযোগ্য নির্মাণ কার্য হল এটি বিশাল গা ধোৱা ঘৰুৱা স্নানাগাৰ , এটি ধর্মীয় সভাগৃহ , এটি শস্য ভৰাল আৰু এটি সমূহীয়া আৱাস গৃহ ।

 

প্রশ্ন ২৮। হৰপ্পা যুগৰ কিছুমান উৎপাদিত সামগ্ৰীৰ কথা উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা যুগৰ জনসাধাৰণ সাধাৰণতে কৃষিজীৱী আছিল । সেই সময়ত উৎপাদিত সামগ্ৰীবোৰৰ ভিতৰত আছিল গম , বালি , সৰিয়হ , ধান , কপাহ আদি ।

 

প্রশ্ন ২৯। হৰপ্পা সভ্যতা কত অবস্থিত ? এইসভ্যতা কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ বৰ্তমানৰ ভাৰতৰ পাঞ্জাৱ আৰু পাকিস্তানত হৰপ্পা সভ্যতাৰ প্ৰসাৰ ঘটিছিল । ১৯২১ চনত দয়াৰাম চাহানীয়ে এই সভ্যতা আৱিষ্কাৰ কৰিছিল ।

 

প্রশ্ন ৩০। মেগাস্থানিচ কোন আছিল ? তেওঁ কেতিয়া ভাৰতলৈ আহিছিল ?

উত্তৰঃ মেগাস্থানিচ গ্ৰীচ দেশৰ এজন ভ্ৰমণকাৰী আছিল । তেওঁ মৌর্য যুগত চন্দ্রগুপ্তৰ শাসনকালত ভাৰতলৈ আহিছিল ।

 

প্রশ্ন ৩১। মহেঞ্জোদাৰো সভ্যতা কত অৱস্থিত ? কোনে আৰু কেতিয়া এই সভ্যতা আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ বর্তমান পাকিস্তানৰ লাৰকানা অঞ্চলত মহেঞ্জোদাৰো সভ্যতাই বিৰাজ কৰিছিল ১৯২২ চনত আৰ ডি বেনাৰ্জীয়ে এই সভ্যতা আৱিষ্কাৰ কৰিছিল ।

 

প্রশ্ন ৩২। লিপি বুলিলে কি বুজা ।

উত্তৰঃ তামৰ ফলি , শিলৰ ফলি আদিত লিখি থােৱা বা লিখি ৰখা মূল্যবান টোকাসমূহক লিপি বুলি কোৱা হয় ।

 

প্রশ্ন ৩৩। প্রাচীন লিপি সমূহত কি ভাষা ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ প্রাচীন লিপি সমূহত লিখন কার্যত ঘাইকৈ প্রাকৃত ভাষাৰ প্রচলন ঘটিছিল । অৱশ্যে পিছলৈ তামিল , পালি আৰু সংস্কৃত ভাষাৰও প্রয়োগ ঘটিছিল ।

 

প্রশ্ন ৩৪। লিপিবোৰত সাধাৰণতে কি কথা লিপিবদ্ধ কৰা হৈছিল ?

উত্তৰঃ প্রাচীন কালৰ লিপিবোৰত সাধাৰণতে কোনো ৰজাৰ শাসনকাল , ৰজাৰ গুণ , বিক্রম , জয় পৰাজয়ৰ ঘটনা আৰু কোনো কালৰ ঘটনাৰ চন তাৰিখ আদি খোদিত কৰা হৈছিল ।

 

প্রশ্ন ৩৫। ছাৰকোতাদা চহৰখন কত অৱস্থিত আছিল ? কোনেইয়াক আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ বর্তমান গুজৰাটৰ আহমেদাবাদ চহৰৰপৰা প্রায় ২৭০ কিলোমিটাৰ উত্তৰ পশ্চিমত এই চহৰখন অৱস্থিত আছিল । ১৯৭২ চনত জগতপতি যোশীয়ে এই চহৰখন আৱিষ্কাৰ কৰিছিল ।

 

প্রশ্ন ৩৬। হৰপ্পা সভ্যতাৰ যুগৰ জলসিঞ্চন ব্যৱস্থা কেনে আছিল ?

উত্তৰঃ হৰপ্পা সভ্যতাৰ যুগৰ জলসিঞ্চন ব্যৱস্থা অতি উন্নত ধৰণৰ আছিল । পুখুৰী আৰু সৰু সৰু সুতিবোৰৰ সহায়ত জলসিঞ্চন ব্যৱস্থা হাতত লোৱা হৈছিল । এইবোৰৰ সহায়ত খেতি পথাৰলৈ পানী বোৱাই নিয়া হৈছিল ।

 

প্রশ্ন ৩৭। কালিবানগান চহৰখন কত অৱস্থিত ? কোনে আৰু কেতিয়া ইয়াক আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ ৰাজস্তানৰ ঘগ্রানদীৰ পাৰত এই চহৰখন অবস্থিত । বি বি লাল আৰু এ এন ঘোষে ১৯৫৩ চনত এই চহৰখনৰ ভংগ্নাৱশেষ আৱিষ্কাৰ কৰে ।

 

 

প্রশ্ন ৩৮। লোথাল  চহৰখন কত অৱস্থিত আছিল ? কোনে ইয়াক আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ লোথাল এখন বন্দৰ চহৰ আছিল । গুজৰাটৰ কেম্বে উপকৃত অঞ্চলত ই অৱস্থিত আছিল । ১৯৫৭ চনত এচ আৰ ৰাৱে এই চহৰখনৰ ভংগ্নাৱশেষ আৱিষ্কাৰ কৰিছিল ।

 

প্রশ্ন ৩৯। হৰপ্পা সভ্যতাৰ দুটা কাল বা সময়ৰ কথা উল্লেখ কৰা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুটা কাল বা সময় হ

( ক ) প্রাক্ হৰপ্পা কাল । আৰু

( খ ) পূর্ণাংগ হৰপ্পা  কাল ।

 

প্রশ্ন ৪০। চানহুদাৰো নামৰ চহৰখন কত অবস্থিত ? ইয়াৰ আৱিষ্কাৰক জনৰ নাম লিখা ।

উত্তৰঃ বর্তমান পাকিস্তানৰ সিন্ধু প্রদেশৰ সিন্ধু নদীৰ পাৰত এই চহৰখন অৱস্থিত আছিল । এন জি মজুমদাৰে ১৯৩১ চনৰ এই চহৰখনৰ অৱস্থিতি আৱিষ্কাৰ কৰিছিল

 

প্রশ্ন ৪১। সিন্ধু সভ্যতাৰ সময়ৰ আৰু বর্তমান পাকিস্তানৰ অন্তৰ্গত চাৰিখন ঠাইৰ নাম লিখা ।

উত্তৰঃ এই চাৰিখন ঠাই হল চানহুদাৰো , কোতদিছি , মহেঞ্জোদাৰো আৰু হৰপ্লা ।

 

প্রশ্ন ৪২। সিন্ধু সভ্যতাৰ যুগৰ দুখন প্রধান চহৰৰ নাম লিখা ।

উত্তৰঃ এই দুখন চহৰ হল মহেঞ্জোদাৰো আৰু হৰপ্পা ।

 

প্রশ্ন ৪৩। সিন্ধু সভ্যতাৰ সময়ৰ তিনিটা প্রধান যোগাযোগ ব্যৱস্থাৰ কথা উল্লেখ কৰা 

উত্তৰঃ তিনিটা প্রধান যোগাযোগ ব্যৱস্থা হল গৰুগাড়ী , নাও আৰু জাহাজ ।

 

প্রশ্ন ৪৪। হৰপ্পা যুগৰ পাত্ৰবোৰ কিহেৰে তৈয়াৰী আছিল ? এই পাত্ৰবোৰ কেনেদৰে ব্যৱহাৰ কৰা হৈছিল ?

Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top