ফুলকোঁৱৰৰ গীত
কাঠৰ পখী ঘোঁৰা জেউতি চৰিলে
উৰি যাওঁ উৰি যাওঁ কৰিলে,
ছমাহৰ বাটকে যায় একেদিনে
মালিনীৰ বাৰিতে পৰিল।
কাঠৰ পখী ঘোঁৰা এৰিফুল কোঁৱৰে
ভৰিৰে মাৰিলে টিপা,
সেউতী মালতী তগৰ গুটিমালি
সৱেও ধৰিলে শিপা।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
মুখেৰে বজালে শখা,
সেউতী মালতী তগৰ গুটিমালি
সবেও ধৰিলে পোখা।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
সৱালৈ মাৰিলে শাল,
সেউতী মালতী তগৰ গুটিমালি
সৱেও মেলিলে ডাল।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
মুখেৰে বজালে শঁখা,
সেউতী মালতী তগৰ গুটিমালী
সৱেও ধৰিলে পোৱা
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
সৱালৈ মাৰিলে শাল,
সেউতী মালতী তগৰ গুটিমালী
সৱেও মেলিলে ডাল ।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
সৱালৈ মাৰিলে চলি,
সেউতী মালতী তগৰ গুটিমালী
সৱেও পেলালে কলি ।
কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে
সৱালৈ মাৰিলে শূল,
সেউতী মালতী তগৰ গুটিমালী
সৱেও মেলিলে ফুল ।
ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে
ইপাহি সিপাহি লেখি,
বাটৰ বাটৰুৱাই কৰে হৰিহৰি
ফুলৰে তিৰবিৰ্ দেথি ।
ই বোলে মালিনী সি বোলে মালিনী
তোৰ দশা ভাল হল,
বাৰে বছৰীয়া শুকান ফুলৰ বাৰী
ফুলি তমস্কাৰ হল ।