নতুন দিগন্তৰ হেঙুলীয়া সুৰুজে
মেঘৰ জুলুঙা ভেটি যেতিয়া
আশাৰ কিৰণেৰে এটা
নতুন দিনৰ বতৰা আনে
নিদ্ৰা ভগ্ন হোৱাৰ পৰাই
তেনেদৰে আমাৰ মৰমবোৰো
পুনৰ প্ৰাণপাই উঠে
এটি দুটি কৈ আৰম্ভ হ’ব ধৰে
মৰমৰ বাৰ্তালাপবোৰ
নিৰস দিনবোৰ ৰসাল হৈ পৰে
মেচেজ ফোন ক’ল বোৰত
নতুন প্ৰেমৰ উন্মাদনাই
দৈন্যন্দিন বিৰক্তিকৰ জীৱনটোক
বাৰুকৈয়ে সলনি কৰি তুলিলে এটা
নতুন তথা পৃথক জীৱনলৈ
যদিও আমি প্ৰেমৰ দুলেৰে
আমাৰ নষ্টলজিক স্মৃতি বোৰ বান্ধি
এটা স্থাই ঠিকনা দিব খুজিছোঁ
তথাপিও মাজে মাজে ভয় হয়
যদি সম্পৰ্কৰ আউতাত আহি
ভুল বুজাবুজিৰ কৰাল গ্ৰাহত
আমাৰ প্ৰেম মৰম ভালপোৱা
সকলো মূল্যহীন হৈ পৰে তেতিয়া ?
যদি এতিয়া গুজা সপোনৰ বীজটো
প্ৰাণ পাই বঢ়িবলৈ লৱটেই
অবিশ্বাসৰ বলিয়া বাণে উটুৱাই লৈ যায়
তেতিয়া ?
ভালপোৱাটো যে প্ৰত্যাহ্বান থাকে
সেইয়া বাস্তৱৰ সন্মুখীন হ’লে হে
অনুভৱ কৰিব পাৰে
এফালে থাকে ভালপোৱা আৰু
আনফালে থাকে ভয় শংকা
জেতুকা বুলোঁৱা নখৰ
কুমলীয়া হাত খনত হাত থৈ
স্বস্তিৰে এখোজ দুখুজ আগুৱাই যোৱাৰ মাদকতাবোৰে
তোমাৰ দুচকুত মোৰ দুচকুৱে বিচাৰি পোৱা
মৰমৰ অস্পষ্ট ভাষাৰ ছবিবোৰে
মৌসনা দুটি ওঠৰ মিঠা হাঁহিটোৱে
খং অভিমানৰ অন্তৰালত লুকাই থকা
বহু প্ৰত্যাশিত এবুকু সঁচা ভালপোৱাৰে
আধালিখা আমাৰ প্ৰেমৰ দস্তাবেজ
সম্পূৰ্ণ কৰিম