i

নিয়ৰ All question Answer

 নিয়ৰ

মুকুতা মনিটি পাহিত জিলিকে

ফটিক পানীত ধোৱা,

নিশাৰ তৰা এটি সৰিয়েহে আছে

সৰগত টোপনি যোৱা।

নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহিনিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।

ফুলনিত কোনে নিশা নাচিছিল

ছিগি ৰৈ গল মণি,

ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ

ৰল চিন এইকণি,

পুৱাৰ হেঙুলি বেলিটিলৈ চাই

এটুপি চকু পানী।

নিয়ৰ কালিৰে শোভে ফুল জুপি

চাইছো ভাবতে ভাহি,

হায় কি বিষম পেলালে বায়ুৱে

জোকাৰি ফুলৰ পাহি



কবি- চন্দ্ৰকুমাৰ আগৰৱালা


২। উত্তৰ দিয়া

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ মুকুতা মনিটি কবিয়ে নিয়ৰ টুপাল বুজাইছে।

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গল?

উত্তৰঃ ফুলনিত মণি ছিগি ৰৈ গল।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি সৰি থকাৰ কথা কৈছে।

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান 'নিয়ৰ' ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰ ভাৱে উপস্থাপন কৰ

    প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল-'নিয়ৰ'। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে 'নিয়ৰ' ক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একেটা মনি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে।

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অথ লিখা

শব্দ                    অৰ্থ

ফটিক               স্বচ্ছ, নিৰ্মল, পৰিস্কাৰ।

শোভে               শুৱনি কৰি তোলা

হেঙুলি              হেঙুল বৰণীয়া

নিজম                নিমাও মাও

নিচুক                কান্দোন সামৰি স্থিৰ হ

৫। প্ৰসংগ সংগতি দশাই ব্যাখ্যা  কৰা।

''নিজম আকাশৰ নিচুক কথাটি

              হিয়াত থৈছে সাঁচি

কোন কাহানিৰ সপোন দেখিছে

             কোনে হাঁহিছিল নাচি।''

উত্তৰঃ                 “নিজম আকাশৰ নিচুক কথাটি

 হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোণ দেখিছে

কোনে হাঁহিছিল নাচি”।

উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

      ৰাতিপুৱা ৰদৰ পোহৰ পৰি জিলিকি উঠা নিয়ৰৰ টোপালটোক কপ্লনা প্ৰবণ কবিয়ে নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ লগত তুলনা কৰিছে। নিস্তব্ধ আকাশত কোনোবাই যেন হাঁহি হাঁহি নাচিছিল আৰু এই নাচোনত ছিগি পৰা মুকুতা মনিটিয়েই যেন নিয়ৰ।


৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দৰবোৰ লিখা ।

                      উদাহৰণ- ধোৱা-যোৱা

উত্তৰ :

ধোৱা - থোৱা

সাচিঁ - নাচি

মনি - কণি

ভাহি - পাহি

খ - ভাষা অধ্য়য়ন (ব্য়াৱহাৰিক ব্য়াকৰন )


৭ / উল্লিখিত শব্দবোৰৰ সমাথক শব্দ লিখা।

উত্তৰ :

টোপনি ---নিদ্ৰা, ঘুমতি

বেলি - - - সূৰ্য্য, ৰবি

পানী - - -জল

ফুল---পুষ্প

নিশা - - - ৰাতি

সপোণ - - - সামাজিক

আকাশ - - - গগণ

চকু---নয়ন


৮/  বিপৰীত অথ  শব্দ  লিখা ।

উত্তৰ :

ছিগা - - - জোৰা

পুৱা - - - গধূলি

নিজম - - - কোলাহল

সৰগ---নৰক

দিন - - - ৰাতি

হাঁহি - - - কান্দোন


৯/ বাক্য ৰচনা কৰা ।

উত্তৰ :

মুকুতা : এইবাৰ দিপালীয়ে এডাল মুকুতাৰ মালা মাকক উপহাৰ দিছে।

পাহি : প্ৰচণ্ড ৰদত ফুলৰ পাহিবোৰ লেৰেলি গৈছে।

শোভে: ফুলনিখনক ৰঙা গোলাপ জোপাই আৰু শোভা বঢ়াইছে।

নিচুক : নিজম আকাশৰ নিচুক কথাটি তৰাবোৰে যেন হিয়াত সাঁচি থৈছে।

ফুলজুপি: ফুলবোৰৰ ভৰত ফুলজুপি হালি পৰিছে।

ফটিক: নিজৰাটোৰ পানীখিনি একদম ফটিক।


জানাে আহা

মুকুতা মণিটি পাহিত জিলিকে

                ফটিক পানীত ধােৱা ,

 নিশাৰ তৰা এটি সৰিয়েহে আছে ।

                      সৰগত টোপনি যােৱা ।

          ওপৰৰ পদ্যফাকিত থকা মুকুতা , মণি , ফটিক , পানী , নিশা, সৰগ আদি শব্দকেইটি মূল |

 সংস্কৃত ভাষাৰ পৰা অহা । তাৰে ভিতৰত মণি আৰ নিশা শব্দ দুটিৰ ৰূপ অলপাে সালসলনি । নােহােৱাকে সংস্কৃতৰ দৰে হুবহু একে আছে . কিন্ত মুকুতা , ফটিক , তৰা , সৰগ আদি শব্দ সংস্কৃত মূল ৰূপ মুক্তা , স্ফটিক , তাৰা , স্বর্গ আদি শব্দবােৰ অলপ সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে । এনেধৰণৰ অনেক সংস্কৃত শব্দ অসমীয়া ভাষাত আছে । সংস্কৃতমূলীয় শব্দবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগগাৱা হয় । সেই ভাগ তিনিটা হল – 

( ১ ) তৎসম  ( 2 ) অর্ধতৎসম আৰু   ( ৩ ) তদ্ভৱ । 

। ( ১ ) তৎসম  ঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে , সেইবােৰক তৎসম শব্দ বােলা হয় । তৎসম শব্দৰ ৰূপ ( বানান ) এতিয়াও সংস্কৃতৰ দৰে আছে যদিও অসমীয়াত সেইবােৰৰ উচ্চাৰণ কিছু সলনি হৈছে ।

 তৎসম শব্দৰ উদাহৰণ — 

সংস্কৃত ৰূপ ।                        আকাশ ।

 অশ্ব |                                                                   অশ্ব বংশ । 

 বংশ                                                                     বংশ বর্ণ ।                 

                                                   হ্রস্ব ।                                                 

                হ্রস্ব ।             

 দীর্ঘ                                                                      দীর্ঘ       

 জীৱন                                                                 জীৱন । 

( ২ ) অর্ধতৎসম  ঃ যিবােৰ তৎসম শব্দত সংযুক্ত ব্যঞ্জনৰ মাজত স্বৰবৰ্ণ সােমাই শব্দবােৰ ভাঙি উচ্চাৰণ সৰল কৰা হয় আৰু লিখোতেও অসমীয়া উচ্চাৰণতে লিখা হয় , সেইবােৰেই অর্ধতৎসম  শব্দ

অর্ধতৎসম শব্দৰ উদাহৰণ —

( ৩ ) তদ্ভৱ  ঃ যিবােৰ সংস্কৃত শব্দ পােনে পােনে অসমীয়া ভাষাত ব্যৱহাৰ নহৈ পালি, প্রাকৃত আদিৰ মাজেৰে ৰূপ সলনি হৈ আহি অসমীয়া ভাষাত সােমাইছে , সেইবােৰক তদ্ভৱ শব্দ বুলি কোৱা হয়

তদ্ভৱ শব্দৰ উদাহৰণ —


সংস্কৃত ৰূপ 

অসমীয়া তদ্ভৱ ৰূপ 

কর্ম

কাম

হস্ত

হাত

সর্প 

সাপ 

কর্ণ

কাণ 

অদ্য

আজি

দন্ত

দাত


সংস্কৃতৰইংৰাজী ভাষাৰ অনেক শব্দই অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ চহকী কৰিছে । তাৰে । | কিছুমান তৎসম শব্দৰ দৰে পােনে পােনে অর্থাৎ হুবহু ৰূপত আৰু আন কিছুমান তদ্ভৱ শব্দৰ দৰে । সৰল হৈ সােমাইছে । সেইবােৰ শব্দ অসমীয়া শব্দ যেন হৈ পৰিছে । যেনে - 

ইংৰাজী শব্দ

অসমীয়া ৰূপ

স্কুল

স্কুল

ইঞ্জিন

ইঞ্জিন

ডক্তৰ

ডাক্তৰ

গ্লাচ

গিলাচ

জেইল

জেল

গোডাউন

গুদাম

বক্স

বাকচ


কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যােগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ লগত অসমীয়া প্রত্যয় যােগ কৰিও নতুন শব্দ গঠন কৰা হয় । এনেবােৰ শব্দক মিশ্র শব্দ বােলা হয় । 


উদাহৰণ — 

          ইংৰাজী শব্দ     +    অসমীয়া শব্দ          -        অসমীয়া

ৰূপ 

                হেড              +    পণ্ডিত                      ⇒       হেডপণ্ডিত 

                মটৰ             +    গাড়ী                          =        মটৰগাড়ী । 

              ডাক্তৰ             +     খানা                         →       ডাক্তৰখানা

              ভােট               +     অধিকাৰ                  =        ভােটাধিকাৰ

         ইংৰাজী শব্দ      +     অসমীয়া প্রত্যয়    =        অসমীয়া

ৰূপ 

              স্কুল                 +      ঈয়া                         ⇒       স্কুলীয়া 

           কলেজ              +      ঈয়া                          ⇒       কলেজীয়া 

            মাষ্টৰ                +      অনী                         ⇒       মাষ্টৰনী 

          ডাক্তৰ                +      অনী                          =         ডাক্তৰনী


১০ । নিয়ৰ ' কবিতাটিত থকা তৎসম আৰু তদ্ভব শব্দবােৰ বাছি উলিয়াই লিখা । তুমি জনা তৎসম আৰু তদ্ভব শব্দবােৰৰ এখন তালিকা প্রস্তুত কৰা । 

তৎসম - - - - - - - - - - তদ্ভৱ

মুক্তা - - - - - - - - - - - -মুকুতা

স্ফটিক - - - - - - - - - ফটিক

তাৰা - - - - - - - - - - - তৰা

স্বৰ্গ-------------------সৰগ

মণি - - - - - - - - - - - - মনি

১১ । দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবােৰ ভাগে ভাগে লিখা 

শিক্ষা সম্বন্ধীয় ।  স্কেল

খেল সম্বন্ধীয়   ।  ক্রিকেট 

যানবাহন         ।  স্কুটাৰ 

পােছাক-পাতি । ফ্রক

আচবাব           । টেবুল

বাচন - বৰ্তন    । কাপ


১২ । এটা শব্দত প্ৰকাশ কৰা ।

( ক ) যি আনৰ উন্নতি দেখিব নােৱাৰে ।

( খ ) একে মাকৰ সন্তান

( গ ) যাৰ ঘৰ - বাৰী নাই

( ঘ ) যিজনে ভাল - বেয়া বিচাৰ কৰিব নােৱাৰে

( ঙ ) যি আগেয়ে হােৱা নাই

ক) যি আনৰ উন্নতি দেখিব নোৱাৰে - - - চকুচৰহা বা পৰশ্ৰীকাতৰ বা  হিংসাকুৰীয়া

খ) একে মাকৰ সন্তান----সহোদৰ

গ) যাৰ ঘৰ বাৰী নাই - - - অঘৰী

ঘ) যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে - - - অবিবেচক

ঙ) যি আগেয়ে হোৱা নাই - - - অভূতপূৰ্ব


১৩ । নিয়ৰ ’ কবিতাটিত পােৱা তৰা , আকাশ , পানী , কথা , হিয়া , সপােন , চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবােৰেৰে বাক্য ৰচনা কৰা । 


তৰা-নৰা ছিঙি          -      ( বৰকৈ বেগাই , ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায় )

আকাশত চাং পতা   -      ( অস্বাভাৱিক কল্পনা কৰা )

পানী তলৰ কাঁইট     -      ( নেদেখা বিপদ , অজ্ঞাত শত্রু )

কথা চহকী               -      ( বেছিকৈ কথা কোৱা লােক )

হিয়াৰ আমঠু            -      ( অতি আদৰৰ )

অলীক সপােন         -      ( অমূলক কল্পনা )

চকু চৰহা                 -       ( লােকৰ ভাল দেখিব নােৱৰা )


উত্তৰ : তৰা-নৰা ছিঙি :( বৰকৈ বেগাই) = ৰমেনে হঠাতে সন্মুখতে মাষ্টৰক দেখি তৰা- নৰা ছিঙি দৌৰ দিলে।

আকাশত চাং পতা : ( অস্বাভাৱিক কপ্লনা কৰা) = কঠোৰ পৰিশ্ৰম নকৰাকৈ আকাশত চাং পাতি লাভ নাই।

পানীৰ তলৰ কাঁইট :( নেদেখা বিপদ, অজ্ঞাত শত্ৰু) =ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।

কথা চহকী :( বেছিকৈ কথা কোৱা লোক) =কথা চহকী লোক প্ৰায়েই অপ্ৰিয় হোৱা দেখা যায়।

হিয়াৰ আমঠু :(অতি আদৰৰ) = প্ৰত্যেক সন্তানেই মাকৰ বাবে হিয়াৰ আমঠু।

অলীক সপোণ :( অমূলক কপ্লনা) = অলীক সপোনৰ দ্বাৰা সময়ৰ অপ- ব্যবহাৰ হয়।

চকু- চৰহা:( লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোকক কোনেও ভাল নাপায়।


CNN



জানাে আহা

         ফুলনিত কোনে নিশানাচিছিল ।

              ছিগি ৰৈ গ ' ল মণি ,

ছিগিঃ আপােনা - আপুনি ছিগি যােৱা । আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যােৱা নহয় ।

ছিঙিঃ দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা । যেনে - কেচুৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰী ছিঙি পেলালে । ঠিক তেনেদৰে

ভাগিৰ অৰ্থ আপােনা - আপুনি ভাগি যােৱা আৰু

ভাঙি মানে অইন কাৰক বা আনে ডােখৰ ডােখৰ কৰা ।

যেনে -    ( ক ) ভাগি গ ' ল বীণ খনি ছিগি গ ' ল তাঁৰ ,

                        ৰই গ ' ল অৱশেষ অমিয়া জোঁকাৰ ।

              ( খ ) “ ভা ভা ভা ভাঙু |

                                 লােহাৰ শিকলি ভা ।

                        ছিঙ ছিঙ ছিঙ ছিঙ

                                 দাসৰ বান্ধোন ছিঙ ।

১৪ । তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি , ভাঙি , ছিগি , ডিঙি বহুৱাই পূৰ কৰা । 

( ক ) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো       গ'ল ।

( খ ) ধুমুহাই ঘৰটো ভাড়               পেলালে ।

( গ ) পুৰণি হােৱা বাবে ৰছীডাল          থাকিল ।

( ঘ ) জোৰকৈ টনা - আজোৰা কৰা বাবে ৰছীডাল      গ'ল ।

( ঙ ) এবছৰ নৌহওঁতেই মথাউৰিটো         গল ।

( চ ) বানপানীয়ে মথাউৰিটো      পেলালে ।

উত্তৰ : ক) মেৰামতি নকৰা বাবে জহি- খহি ঘৰটো ভাগি গল।

খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।

গ) পুৰণা হোৱা বাবে ৰছিডাল ছিগি থাকিল।

ঘ) জোৰকৈ টনা আজোৰা কৰা বাবে ৰছিডাল ছিঙি গল।

ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গল।

চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।


গ — জ্ঞান সম্প্রসাৰণ 

১৫ । দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা ।

( ক ) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পােৱা অনুভূতি

( খ ) পদুম , কচু বা অন্যান্য গছৰ পাতত তিবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা

( গ ) গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবােৰ

জানাে আহা 

নিয়ৰ জাৰকালি আকাশৰ বায়ু চেঁচা হৈ তাত থকা জলীয়বাষ্প গােট মাৰি সৰু সৰু পানীৰ | কণিকাৰূপে ঘাঁহ - বনত লাগি ৰয় । এয়াই নিয়ৰ।

নিয়ৰ-ভঙা------ নিয়ৰ-ভঙা মানে জন্তুৰ আগ-চেউৰাৰ সন্মুখৰ ডিঙিৰ তলৰ ভাগ । আন এটি অর্থ হল - দৰাৰে সৈতে ৰাতি নিয়ৰ গৰকি কন্যাৰ ঘৰলৈ যােৱা কাৰ্য । যেনে - নিয়ৰ - ভঙাৰ লাৰু , নিয়ৰ - ভঙাৰ তামােল - পাণ ইত্যাদি ।

১৬ । সাঁথৰ ভাঙা ।

( ক ) মৌ - মাখি নহয় কিন্তু

              কৰে গুন্ গুণ

          বামুণ নহয় কিন্তু

              কান্ধত লগুণ ।

উত্তৰঃ যঁতৰ ।

( খ ) ৰজাৰ ঘৰৰ হাতী

        ধান খায় পাচি পাচি ।

উত্তৰঃ ঢেকী ।


( গ ) ৰজাৰ কাপােৰ তিয়াব পাৰি ,

        শুকুৱাব নােৱাৰি । ।

উত্তৰঃ জিভা


Newer Posts Older Posts
© Copyright E-Learn Published.. Blogger Templates
Back To Top